পৃষ্ঠা:সতীৰ তেজ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুতাপৰ বহ্নিত জলি জলি, অনাহাৰত মৃতকল্প হৈ যেতিয়া মৃত্যুক আৰাধনা কৰিবা, তেতিয়াহে তোমাৰ আচল শাস্তি আৰম্ভ হ’ব। সি যেনে-তেনে শাস্তি নহয়—কল্পনাতীত। শৰীৰৰ বেলেগ বেলেগ অংশ এনে ভাবে ক্ষতবিক্ষত কৰা হ'ব যাতে যন্ত্ৰণাৰ তীব্ৰ জ্বালাত প্ৰাণ কণ্ঠাগত হয়, অথচ মৃত্যু নহয়। আমৰণ এই শাস্তিৰ ব্যৱস্থা হ'ব। প্ৰহৰী! লৈ যা।
( প্ৰহৰীয়ে নিব খোজে। এনেতে বেগেৰে ৰাণীৰ প্ৰবেশ। )
ৰাণী। — কোঁৱৰ! মোৰ স্বামীৰ প্ৰাণ দান দিয়াঁ কোৱৰ।
গদা। — কোন তুমি?
ৰাণী। — মই তোমাৰ শত্ৰুৰ সহধৰ্ম্মিণী।
গদা। — তেন্তে তোমাৰ অনুৰোধ অন্যায়। তোমাৰ স্বামীৰ যি অপৰাধ, পৃথিবীৰ সকলো শাস্তি একেলগে দিলেও যথেষ্ট নহয়.।
ৰাণী। — কিন্তু কোনো শাস্তিয়েই অতীতক ওভতাব নোৱাৰে,-যি গ’ল তাক ঘূৰাই নিদিয়ে। সেই মহা অমঙ্গলে যি ৰাজসম্পদ তোমাক চপাই দিছে, তাকো তুমি এৰিব নোৱাৰা। সেই কাৰণে মই প্ৰাৰ্থনা কৰিছে, স্বামীক ৰক্ষা কৰাঁ। শাস্তি নিদিলে যদি নহয়, তেওঁৰ সলনিত মোক শাস্তি দিয়া,– জয়াৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ মোৰ ওপৰত লোৱাঁ!
গদা। — তুমি নাৰী। নাৰীৰ ওপৰত অত্যাচাৰ হব নোৱাৰে।