পৃষ্ঠা:সতীৰ তেজ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজা। —গড় পালেহি। ডাঙ্গৰীয়া! কি চাই আছে? বেগাই আহক, শত্ৰুক ভেটা দিবৰ এয়েই শেষ সুযোগ।
বুঢ়া। —স্বৰ্গদেৱ! এতিয়া ধৈৰ্য্য হেৰুৱাবৰ সময় নহয়, ভবিষ্যৎ ভাবিবৰ সময়।
ৰজা। —সেই সময় অতীত হৈছে। সম্মুখত একেটি মাথোন পথ – যুদ্ধ-মৃত্যু। প্ৰস্তুত হওক, -শীঘ্ৰে, পলম নকৰিব।
বুঢ়া। —স্বৰ্গদেৱ! প্ৰাণৰ মমতাত মই যুদ্ধ ত্যাগৰ প্ৰস্তাব কৰা নাই। কৰিছোঁ ভবিষ্যতৰ চিন্তাত, মোৰ নীতিৰ ব্যৰ্থতা দেখি। আপুনি ভুলৰ ওপৰত ভুল নকৰিব। এতিয়াও আহক, আত্মগোপন কৰি উজ্জল ভবিষ্যতৰ সন্ধান কৰোঁ, ব্যৰ্থনীতি-পাৰোঁ যদি সফল কৰোঁ। যদি নোৱাৰোঁ, তেতিয়াও মৰিবৰ উপায় ওলাব। মৃত্যুৰ নিমিত্তে ইমান বিতত হৈছে কিয়?
ৰজা। —যুক্তি-তৰ্ক, মোক নালাগে, মোক স্পষ্ট উত্তৰ লাগে – মোৰ আদেশ পালিবলৈ আপুনি প্ৰস্তুত নে অপ্ৰস্তুত?
বুঢ়া। —যদি মৃত্যুৱেই স্বৰ্গদেৱৰ একমাত্ৰ অভিলাষ, তেনেহলে আৰু উপায় নাই। কিন্তু মনত ৰাখিব এই ভ্ৰান্ত নীতিৰ ফল শুভ নহয়। এতিয়া আপুনি নুবুজিলে, যেতিয়া বুজিব, তেতিয়া আৰু সংশোধনৰ সুযোগ নাথাকে।
ৰজা। —কি সিদ্ধান্ত কৰিলে?
বুঢ়া। —জানো — যুদ্ধত নমা ভুল হ'ব। তথাপি সেই ভুলেই যেতিয়া স্বৰ্গদেৱৰ শেষ অভিলাষ তাক পূৰ্ণ কৰিম।