পৃষ্ঠা:সতীৰ তেজ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিমিত্তে। জানি-শুনি দোষাৰোপ কৰিলে মোৰ কবলৈ একো নাথাকে।
ৰজা। —ক’বলৈ নাথাকে, নক’ব। ইমান দিন আপোনাৰ ওপৰত নিৰ্ভৰ কৰি চলিলোঁ, আৰু নচলোঁ। যুদ্ধ কৰিব লাগিব, বিদ্ৰোহীক যিমান পৰ পাৰি ভেটিব লাগিব; প্ৰয়োজন হলে শত্ৰুৰ তৰোৱালত বুকু পাতি দিব লাগিব। মোৰ সঙ্কল্প শুনক,—বাহিৰত শত্ৰক বাধা দিবৰ আৰু সময় নাই, কিন্তু ৰাজপুৰী ৰক্ষা কৰিবলৈ সকলো সুযোগ বৰ্ত্তমান। গড়ৰ ভিতৰৰ পৰা যুদ্ধ কৰিম, শেষ মূহূৰ্ত্তলৈকে অস্ত্ৰত্যাগ নকৰে। হয় শত্ৰুক্ষয়, নহয় মৃত্যু,—এয়ে মোৰ প্ৰতিজ্ঞা। আপুনি প্ৰস্তুত হওক।
বুঢ়া। —স্বৰ্গদেৱ! উন্মাদ নহব, আত্মহত্যা নকৰিব।
ৰজা। —কিয় নকৰিম! হত্যা যে মোৰ জীৱন-যজ্ঞ! হত্যাতেই মোৰ ৰাজ্যাভিষেক, হত্যাই মোৰ শাসন-মন্ত্ৰ। আৰু তাৰ পুৰোহিত—আপুনি স্বয়ং। এতিয়াও পূৰ্ণাহুতি বাকী, তাক সম্পূৰ্ণ কৰিব লাগিব। জানে নে কিহেৰে? তেজেৰে—ইন্দ্ৰবংশী মহাৰাজ চুলিক্‌ফা আৰু আতন বুঢ়াগোঁহাইৰ তেজেৰে। ই মোৰ স্থিৰ সিদ্ধান্ত, আপুনি দ্বিৰুক্তি নকৰিব। ( এজন সৈনিকৰ প্ৰবেশ। )
সৈনিক। — (সেৱা কৰি) স্বৰ্গদেৱ! আমাৰ সৈন্য ছিন্ন-ভিন্ন হ’ল, শত্ৰ মহাপয়োভৰেৰে আহিছে, গড় পাবলৈ পলম নাই।
 ( প্ৰস্থান। )