পৃষ্ঠা:সতীৰ তেজ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এতিয়াও ঢুকোৱা নাই; এতিয়াও মোৰ বাহু অৱশ হোৱা নাই। তেন্তে নগৰ এৰিম কিয়?
বুঢ়া। —প্ৰাণ ৰক্ষাৰ নিমিত্তে। সৰহীয়া দল-বল লৈও শত্ৰুক বিমুখ কৰিব নোৱাৰিলোঁ। এতিয়া যি সহায়-সাৰথি অৱশিষ্ট, তাৰে জয়লাভ হ’ব নোৱাৰে।
ৰজা। —জয়লাভ নহ’ব পাৰে, কিন্তু এতিয়াও যুদ্ধ হ'ব পাৰিব।
বুঢ়া। —বিদ্ৰোহী প্ৰজাৰ হাতত লাঞ্ছনা ভুগিবলৈ যুদ্ধ কৰাৰ প্ৰয়োজন কি?
ৰজা। —আৰু পলাই প্ৰাণ ৰাখিবৰ প্ৰয়োজনেই বা কি?
বুঢ়া। —প্ৰয়োজন আছে। আজি প্ৰজাৰ অসন্তোষত গদাপাণিৰ সুযোগ মিলিছে, কালিলৈ হয় তো গদাপাণিৰ শাসনত আকে প্ৰজা বিদ্ৰোহী হ’ব, আকৌ আপোনাক বিচাৰি আনিব।
ৰজা। —ডাঙৰীয়া! আপোনাৰ মন্ত্ৰণা আৰু মই নুশুনো। যি সিংহাসন ৰক্ষাৰ নিমিত্তে নাৰীবধ কৰিবলৈকে কুষ্ঠিত নহলোঁ , নিজৰ তেজ-মঙ্গহৰ কোঁৱৰসকলৰ তেজেৰে হাত ৰাঙ্গলী কৰিলোঁ, শই শই নিৰীহ প্ৰজাক শালত দি ৰাজ্যত মহামাৰীৰ সৃষ্টি কৰিলোঁ, সেই সিংহাসন মই স্ব-ইচ্ছাত এৰিব নোৱাৰোঁ—নেৰোঁ।
বুঢ়া। —স্বৰ্গদেৱ! মানুহৰ অৱস্থা কালৰ মুখাপেক্ষিণী। কোনে জানে কেতিয়া কি হয়। সম্প্ৰতি আত্মৰক্ষা কৰি ভবিষ্যতলৈ অপেক্ষা কৰাই একমাত্ৰ সদুপায়।