ৰাণী। — নহয়, সি ভুল। নাৰীৰ তেজৰ চেকা ধুবলৈ নাৰীৰ তেজেই উপযুক্ত। বিচাৰৰ সমতা ৰক্ষা কৰি স্বামীৰ হৈ মোক শাস্তি দিয়া। স্বামীক মুক্তি দিয়া।
গদা। — মুক্তি! –অসম্ভব।
ৰাণী। — তেন্তে মই নিজে শাস্তি গ্ৰহণ কৰিম, মোৰ প্ৰাণ বিসৰ্জন দি স্বামীৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম। বিদায়! অন্তিম বিদায়! (লৰ মাৰিব খোজে। )
গদা। — ৰ’বা, নাযাবা!
ৰাণী। — মোৰ কাকুতিৰ যেতিয়া ফল নধৰিলে ৰৈ কি কৰিম! পতিৰ অবিহনে একমাত্ৰ মৃত্যুৱেই সতীৰ আশ্ৰয়। তাৰ বাহিৰে আৰু ঠাই ক’ত? তুমি জয়াৰ স্বামী, তোমাক সৰহ কোৱাৰ সকাম নাই। স্বামীৰ লগতেই মোৰো জীৱনৰ শেষ।
( যাব খোজে। )
গদা। — ক্ষান্ত হোৱা ৰাণী? পাপৰ জোখ আৰু নবঢ়াবা। তোমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলোঁ।
( ৰজালৈ চাই) চুলিক্ফা! চোৱা-নাৰীৰ স্বাৰ্থত্যাগ, নাৰীৰ মহীয়সী শক্তি। এই নাৰীৰ যি অবমাননা কৰে, তাৰ মনুষ্যত্ব ক’ত?
ৰজা। — গদাপাণি। মই তোমাৰ কৰুণা-ভিখাৰী নহওঁ, শাস্তিৰ নিমিত্তে প্ৰস্তুত আছোঁ।
গদা। —কিন্তু নাৰীৰ মৰ্য্যাদা ৰাখিব লাগিব। ৰাণী, যোৱাঁ,
পৃষ্ঠা:সতীৰ তেজ.pdf/৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে