পৃষ্ঠা:সতীৰ তেজ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই বাৰ তোমাৰ হত্যা। তোমাৰ ক’বলগীয়া কিবা আছে নে?
বুঢ়া। — মোৰ বক্তৱ্য—মোৰ কাৰ্য্যত কোনো ব্যক্তিগত উদ্দেশ্য নাই। যি কৰিছোঁ ৰাজকৰ্ম্মচাৰীৰূপে কৰ্ত্তব্যৰ অনুৰোধত। আজি মোৰ নীতি ব্যৰ্থ হৈছে, তথাপিও মোৰ সান্তনা– মই কৰ্ত্তব্যভ্ৰষ্ট হোৱা নাই, ৰাজদ্ৰোহ মহাপাপত লিপ্ত হোৱা নাই।
গদা। — চিন্তিত ভাবে ) হ'ব পাৰে, – ভাবিব লাগিব, প্ৰকৃত উদ্দেশ্য জানিব লাগিব। ( প্ৰহৰীৰ প্ৰতি ) প্ৰহৰী, লৈ। যা। এওঁৰ বিচাৰ আজিলৈ স্থগিত থাকিল।
 (বুঢ়াগোহাঁইক লৈ যায় )
গদা। — ৰজালৈ চাই ) চুলিক্‌ফা। আছে নে তোমাৰ কিবা ক'বলগীয়া?
ৰজা। — ( ঘৃণা আৰু বিৰক্তিৰ ভাবেৰে গদাপাণিলৈ চায়। )
গদা। — কি শাস্তি তোমাৰ উপযুক্ত হ’ব ক’ব পাৰা নে?
ৰজা। — এদিন আগতে এই প্ৰশ্ন ওলোটা হ'লহেতেন। আজি তোমাৰ পাল। মোৰ কোনো বক্তব্য নাই।
গদা। — ক্ষমা প্ৰাৰ্থনা?
ৰজা। — ৰাজদ্ৰোহীক ৰজাই শাস্তি দিয়ে, ক্ষমা নোখোজে। তুমি। আজি বিজেতা হ’ব পাৰা, তথাপিও তুমি ৰাজদ্ৰোহী।
গদা। — শুনা তেন্তে তোমাৰ শাস্তি– সম্প্ৰতি অন্ধকাৰ কাৰাগাৰত তোমাৰ ঠাই, অনাহাৰ তোমাৰ ব্ৰত। নিজ দুষ্কাৰ্য্য সুঁৱৰি