পৃষ্ঠা:সতীৰ তেজ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গদা। — শত্ৰু-সৈন্য ছিন্ন-ভিন্ন, নগৰৰ প্ৰাচীৰ ধূলিসাৎ ততালিকে ৰাজপুৰী অধিকাৰ কৰি জয়লাভ সম্পূৰ্ণ কৰিব লাগিব। আৰু অপেক্ষা নকৰিব, আগ বাঢ়ক, এটি শত্ৰুও যেন পলাব নোৱাৰে। আজি চুলিক্‌ফাক বুজাই দিওঁ– নীচ ষড়যন্ত্ৰৰ পৰিণাম কি ভয়াবহ, সতীৰ তেজৰ চেকা কিমান গভীৰ, নাৰী-পীড়নৰ কি অচিন্তনীয় ভীষণ প্ৰতিফল।
 ( সকলোৰে গ্ৰস্থান )
 ( কেইটামান ৰজাঘৰীয়া ৰণুৱাৰ প্ৰবেশ )
সকলোৱে। — পলা, পলা।
প্ৰথম। — হেৰ পলাবি ক'লৈ? বোলে নগাৰ চাঙৰ তলে হে বাট।
দ্বিতীয়। — তেও বোলে নমৰে মানে চাবা, নুবুৰে মানে বাবা।
( ওলাব খুজি থমকা খাই ৰয়। সন্মুখৰ ফালৰ পৰা সসৈন্যে পানীফুকন সোমায় )
পানী। — নপলাবি। যদি জীৱনৰ মায়া আছে, অস্ত্ৰ পৰিত্যাগ কৰ, আত্মসমপণ কৰ।
( ৰজাঘৰীয়া ৰণুৱাকেইটাই অস্ত্ৰশস্ত্ৰ আগ বঢ়াই দি সেৱা কৰে )
পানী। — সৈনিক! এওঁলোক যুদ্ধৰ বন্দী। লৈ যোৱাঁ।
(ওলাই যায়। সৈন্যবিলাকে অস্ত্ৰ-শস্ত্ৰ আৰু বন্দীবিলাকক লৈ যায় )
 (বুঢ়াগোঁহাইৰ প্ৰবেশ )
বুঢ়া। — ব্যৰ্থ হ’ল! শেষ ৰক্ষা কৰিব নোৱাৰিলোঁ, স্বৰ্গদেৱৰ অধীৰতাই মোৰ নীতি ব্যৰ্থ কৰিলে। বৃথা চেষ্টা। এই বাৰ নিস্তাৰ নাই।