পৃষ্ঠা:সতীৰ তেজ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজা। — তথাপি শেষ মুহূৰ্ত্তলৈকে ভেটিব লাগিব। ব'লক, শৰীৰৰ সকলো সামৰ্থ্য একেলগ কৰি শত্ৰুৰ ওপৰত জপিয়াই পৰোঁগৈ।
 ( দুয়োৰে প্ৰস্থান। )
( নেপথ্যত হিলৈৰ শব্দ আৰু লগে লগে জয়-ধ্বনি :–“জয় গদাপাণিৰ জয়”। পিচলৈ চাই চাই কেইটামান সৈনিকৰ প্ৰবেশ আৰু প্ৰস্থান। অলপ পিচত ব্যস্ত ভাবে ৰজাৰ প্ৰবেশ )
ৰজা। — শক্ৰৱে গড় অধিকাৰ কৰিলে। আৰু সময় নাই। চুলিক্‌ফা! তোৰ অস্তিত্ব আৰু এক মুহূৰ্ত্ত।
 ( বুঢ়া গোঁহাইৰ প্ৰবেশ )
বুঢ়া। — স্বৰ্গদেৱ! সকলো অন্ত। গড় অতিক্ৰম কৰি শত্ৰুৱে পুৰীত প্ৰবেশ কৰিছে। আৰু উপায় নাই স্বৰ্গদেৱ। যদি প্ৰাণ ৰক্ষাৰ প্ৰয়োজন আছে, সুৰঙ্গৰ আশ্ৰয় লওক।
ৰজা। — ৰাজ্যেশ্বৰ হৈ বহু পশুৰ দৰে চুলিক্‌ফাই গহবৰত আশ্ৰয় নলয়। আত্মগোপন অসম্ভব। এয়ে আমাৰ শেষ মুহূৰ্ত্ত! আহক, এই মুহূৰ্ত্তৰ সদ্ব্যৱহাৰ কৰোঁ। শক্ৰৰ ভোগৰ নিমিত্তে এই ৰাজপুৰী ৰক্ষা কৰাৰ প্ৰয়োজন নাই। তাক জলাই দিওঁ। তাৰ পিচত শক্ৰৰ মাজত জপিয়াই পৰি জীৱনৰ শেষ কৰ্ত্তব্য সাধন কৰো।
 ( দুয়োৰে প্ৰস্থান )
নেপথ্যত। — জয় গদাপাণিৰ জয়! জয় গদাপাণিৰ জয়! জয় গদাপাণিৰ জয়!

( গদাপাণি, বন্দৰ, পানীফুকন আৰু সৈন্যৰ প্ৰবেশ )