পৃষ্ঠা:সতীৰ তেজ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অঙ্ক।

ৰজাৰ নগৰ—গড়ৰ ভিতৰ।
সময়—তিনিপৰীয়া।

চুলিক্‌ফা আৰু বুঢ়াগোঁহাইৰ প্ৰবেশ।

ৰজা। —আমাৰ সকলো চেষ্টা ব্যৰ্থ হ’ল, শত্ৰু আজি দুৱাৰ মুখত। এতিয়া উপায় কি ডাঙ্গৰীয়া?
বুঢ়া। —উপায় নাই স্বৰ্গদেৱ। গুৱাহাটীৰ পৰা শক্ৰ আহি গড়গাওঁ পালে, আমাৰ সকলো বাধা বিফল হ’ল। সকলো উপায় শেষ হ’ল।
ৰজা। —তেন্তে সিংহাসন ৰাখিব নোৱাৰোঁ?
বুঢ়া। —নোৱাৰে। গদাপাণি নিজে বীৰ, বৰফুকন প্ৰধান সহায়, পানী-ফুকন, সলাল গোহাঁই তেওঁৰ সহকাৰী, কামৰূপৰ বিষয়াসকল অনুগত। প্ৰজা বিদ্ৰোহী, ডাঙৰীয়াসকল শত্ৰুৰ লগত। এনে অৱস্থাত সিংহাসন ৰক্ষা তো দূৰৰ কথা, ইয়াত থাকি আত্মৰক্ষা কৰাও অসম্ভব।
ৰজা। —তেন্তে কি কৰিব লাগে?
বুঢ়া। —অবিলম্বে নগৰ এৰিবৰ ব্যৱস্থা কৰিব লাগে।
ৰজা। —কিয়? এতিয়াও বহুতো বিষয়া আমাৰ দলত আছে, এতিয়াও ৰাজকীয় সৈন্য শেষ হোৱা নাই; আপোনাৰ পাইক