সকলোৱে। — জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয়। জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয়! জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয়!
গদা। — এয়ে মোৰ মহাতীৰ্থ, অসমৰ পুণ্যক্ষেত্ৰ। অত্যাচাৰপ্ৰপীড়িত কোন ক’ত আছা, আই, এবাৰ এই পুণ্যক্ষেত্ৰৰ সঞ্জীৱনী শক্তি লৈ মূৰ তুলি উঠাঁ। পাপ-তাপৰ দহনত দগ্ধ মানব, আই, এই তীৰ্থ লৈ আহাঁ, শান্তি পাবা। আই অসমৰ নাৰী, যদি তোমাৰ গৃহস্থালি নন্দন গন্ধেৰে আমোদিত কৰিব খোজা, এবাৰ এই তীৰ্থত কুসুমাঞ্জলি প্ৰদান কৰা, ইয়াৰ ধুলি-কণা শিৰত লৈ পবিত্ৰ হোৱাঁ।
জয়া মোৰ ৰাণী। জয়াৰ ৰাজত্ব চিৰস্থায়ী। এদিন এই ইন্দ্ৰবংশী আহোম ৰজাই অস্তিত্ব হেৰুৱাব পাৰে, শাসকৰ দণ্ড এৰি দাসত্বৰ শৃঙ্খল পিন্ধিব পাৰে, কিন্তু জয়াৰ ৰাজত্ব নাযায়। যেতিয়ালৈকে পৃথিবীত সতীত্বৰ আদৰ থাকিব, যেতিয়ালৈকে নাৰীৰ নাৰীত্ব বিলোপ নহয়, যেতিয়ালৈকে পশুবল জিনিবলৈ তুৰ্জয় মনোবলৰ প্ৰয়োজন হব, তেতিয়ালৈকে জয়া মোৰ অজৰ অমৰ।