সমললৈ যাওক

পৃষ্ঠা:সতীৰ তেজ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাই। — মাতৃৰ প্ৰতি এই কৰ্ত্তব্য মোৰ। আপোনাৰ সপোন মই দিঠকত পৰিণত কৰিম।
 (ছায়া-পট আঁতৰি যায়। )
গদা। — (চক খাই উঠি থিয় হৈ) সপোন! মোৰ সপোন! কেনি গ'ল। লুকাল! জয়া। জয়া। আহাঁ মোৰ হৃদয়ৰ ৰাণী।
 (দুয়ো হাত মেলি শূন্যত সাবটি ধৰে। )
পুৰুষসকল। — জয় মহাসতী জয়মতীৰ জয়।
 জয় স্বৰ্গদেৱ গদাধৰসিংহৰ জয়।
 (লগে লগে নাৰীসকলে উৰুলি দিয়ে। )




অন্ত।