বুৰঞ্জীবোধ/আহোমৰ দিনৰ কীৰ্ত্তি
শৰাইঘাটৰ ৰণত যশস্যা লাভ কৰাৰ পাচত আহোম-ডাঙ্গৰীয়া সকলৰ গা উঠিল; সিবিলাকে নিজ-নিজক প্ৰধান বোলাবলৈ নিজৰ [ ৩৬ ] ভিতৰতে অৰিয়া-অৰি লগাবলৈ ধৰিলে। সেই আপাহতে, খ্ৰী: ১৬৭২ চনৰপৰা ১৬৭৯ চনলৈকে এই সাত বছৰৰ ভিতৰত ছজন ৰজাক ভঙ্গা-পতা কৰা হয়। কিয়নো, সেই কালত ৰজা হব যোগ্য কোৱঁৰ ভালেমান আছিল। কেইজনমান ডাঙ্গৰীয়া- বিষয়া এজনৰ ফলীয়া হলে, আন কেইজনমান আন এজনৰ ফলীয়া হয়। একপক্ষৰ এজন কোৱঁৰ ৰজা হলে, আন পক্ষে তেওঁক চক্ৰান্ত কৰি বধি আৰু আন এজন ৰজা পাতে। এই নিচিনা অৰিয়া-অৰিত ভালেমান নিৰ্দ্দোষী কোৱঁৰ অকালত মৰা পৰিল। যি দলৰ কোৱঁৰ ৰাজপাটত উঠে, সেই দলৰে ক্ষমতা আৰু মৰ্য্যাদা বাঢ়ে। সেই হেতুকে মন্ত্ৰীসকলৰ অৰিয়াঅৰিত অলপ কালৰ ভিতৰতে অগা-পিচাকে দুজন কোৱঁৰে অকালত আৰু অবাবত প্ৰাণ দিব লগা হয়। পাচলৈ ৰজা হবলৈ কোনো নোলোৱাত পৰিল; যাকে আগ বঢ়োৱা যায়, সেয়ে প্ৰাণৰ মমতাত পিচহোহঁকা মাৰে। শেহাস্তৰত চামগুৰীয়া ফৈদৰ চুলিক্ফা কোৱঁৰক বহুত বুজাই-বৰাই ১৬৭৯ খ্ৰীষ্টাব্দত ৰজা পতা হয়। তেওঁ নিচেই লৰাকালতে ৰজা হোৱাৰ কাৰণে, তেওঁক “লৰা-ৰজা” নামেও জানা যায়।
লৰা-ৰজাৰ আমোলত যিবিলাক ঘটনা হৈছিল, তাৰ ভিতৰত মুছলমানৰ ১৩শ, আক্ৰমণ বা “ৰঙ্গামাটিৰ ৰণ”, আৰু স্বামীৰ হৈ প্ৰাণ দিয়া মহাসতী জয়মতীৰ তনুত্যাগ এই দুটাই ঘাই।
আহোম ৰাজ্যত ৰজা ভঙ্গা-পতাৰ উৎপাত লগাৰ ছেগ বুজি
মুছলমানে ১৬৮০ খ্ৰীষ্টাব্দত অসমদেশ আকৌ আক্ৰমণ কৰিলেহি। [ ৩৮ ]ৰঙ্গামাটিৰ নবাব আজমতৰাক গুৱাহাটী এৰি দিবলৈ ফল পাতিছিল। সেই কথা জনাজাত হোৱাত, তেওঁক ভাঙ্গি বন্দৰক বৰফুকন পাতি ৰণ দিবলৈ পঠিওৱা হয়। ৰঙ্গামাটিতে দুয়োপক্ষৰ মাজত এখন ৰণ লাগে। পিচে, মছলমান ৰণত ঘাটি তাৰেপৰা উলটি পলাই গল, আৰু বন্দৰ বৰফুকন গুৱাহাটীত নিগাজী হৈ ৰল।
গদাপাণি নামে তুঙ্গ্খঙ্গীয়া ফৈদৰ এজন বৰ বাহুবলী কোৱঁৰ আছিল। জয়মতী কুৱঁৰী তেওঁৰে মৰমৰ ভাৰ্য্যা। স্বামীৰ প্ৰতি জয়মতীৰ অগাঢ় ভক্তি আছিল। স্বামীক তেওঁ নিজৰ প্ৰাণতকৈও অধিক দেখিছিল। কোৱঁৰৰ সুখেই তেওঁৰ সুখ, আৰু কোৱঁৰৰ দুখেই তেওঁৰ দুখ হৈছিল। গদাপাণি কোৱঁৰেও তেওঁৰ ভাৰ্য্যাক বৰ আদৰ কৰিছিল। কোনো কথাত তেওঁ ভাৰ্য্যাক অসন্তোষ নিদিছিল। ভাৰ্য্যাক সন্তোষ দিয়াটো তেওঁ জীৱনৰ এটা ঘাই কাম বুলি মানিছিল। জয়মতী কুঁৱৰীৰ অনুৰোধ ৰাখিবলৈ গদাপাণি কোৱঁৰে সততে প্ৰাণপণে যত্ন কৰিছিল। এনে মিলা- প্ৰীতিৰ ওপৰত সিবিলাকৰ সুখৰ সংসাৰ চলিছিল। এই সংসাৰত সিবিলাকৰ দুটি পুত্ৰ লাভ হয়। পুত্ৰ দুটিৰ এটিৰ নাম লাই, আনটিৰ নাম লেচাই। লাই গোহাঞিদেৱেই মহাৰাজ ৰূদ্ৰসিংহ; আৰু লেচাই গোহাঞিদেৱ ককায়েকৰ ৰাজ্যতে নামৰূপীয়া ৰজা হয়। এই বিষয়ে পাচত বহলাই কোৱা হব।
লৰা-ৰজাক ৰজা পাতোঁতে যদিও অভয় দিয়া হৈছিল, তথাপি [ ৪০ ] ভিতৰি তেওঁৰ মনৰ আশঙ্কা গুচা নাছিল। তেওঁ সদায় পেটে- পেটে ভয় কৰিছিল, জানোবা তেওঁকো আগৰ ৰজাসকলৰ দৰেই কেতিয়াবা কোনোবাই বধ কৰে। সেই কাৰণে, তেওঁৰ সেই আশঙ্কা গুচাবলৈ ৰজা হবৰ যোগ্য কোৱঁৰবিলাকক তেওঁ ধৰাই আনি ঘুণ্ লগাই ৰাজপাটৰ অযোগ্য কৰিবলৈ ধৰিলে। এই দৰেই ভালেমান যোগ্যবান কোৱঁৰক অযোগ্য কৰা হল, বাকী ৰলগৈ কেৱল গদাপাণি কোৱঁৰ। এওঁ তুঙ্গখঙ্গীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ, নাম লাঙ্গি-গদাপাণি। গদাপাণি কোৱঁৰ বৰ বাহুবলী পুৰুষ আছিল। তেওঁক দুই-চাৰিজনে বলে নোৱাৰে; গতিকে, তেওঁক ধৰি আনিবলৈ ৰজাই সৰহকৈ এজাক ৰণুৱা মানুহ পাচিলে। গদাপাণিয়ে তথাপি ভয় কৰা নাছিল। তেওঁ অকলেই সেই ৰণুৱাজাকৰ লগত যুঁজি গা সৰুৱাবলৈ সাজু হল। কিন্তু, বুদ্ধিমতী জয়মতী কুঁৱৰীয়ে সেইটো যুগুত যেন নেদেখিলে। তেওঁ কোৱঁৰক পলাই সাৰিবলৈ হে বুদ্ধি দিলে। কিন্তু, মহা অভিমানী বীৰ গদাপাণিয়ে চেনেহৰ ভাৰ্য্যাৰ সেই সজ পৰামৰ্শ দলিয়াই পেলালে। তেওঁ যুঁজিবলৈ হে সাজু হল। পিচে, কুঁৱৰীয়ে তেওঁক নানা তৰহেৰে বুজাবলৈ ধৰিলে। অৱশেষত প্ৰিয়তমা ভাৰ্য্যাৰ কাকুতি-মিনতি এৰাব নোৱাৰি, অগত্যা নগাপৰ্ব্বতৰ ফালে আঁতৰি যাবলৈ গদাপাণি মান্তি হল। ৰজাৰ মানুহ আহি পোৱাৰ আগেয়েই তেওঁ মৰমৰ ভাৰ্য্যা আৰু চেনেহৰ পুত্ৰ দুটিক এৰি বিষাদ মনেৰে ঘৰৰপৰা বাজ হল।
গদাপাণি কোৱঁৰ নিঘুণীয়াকৈ সাৰি যোৱাৰ বাতৰি পাই লৰা[ ৪১ ] ৰজা ভয়ত বিহ্বল হল। তেওঁ ভাবিলে যে, এতিয়া হে তেওঁলৈ টান পৰিব। কাৰণ, গদাপাণি সাধাৰণ বীৰ নহয়। তেওঁ কোনোবা মন্ত্ৰীপক্ষৰে সৈতে যোগ হৈ সোনকালে আপদ ঘটাব। এই ভাবি লৰা-ৰজাই গদাপাণিৰ বিচাৰ বেচিকৈ লবলৈ ধৰিলে। কিন্তু, কতো একো সন্ধান পোৱা নগল। অৱশেষত তেওঁ ভাবি চালে যে, জয়মতী কুঁৱৰীয়ে অৱশ্যে স্বামীৰ সন্ধান জানে। তেওঁৰ পৰা যেনে-তেনে উপায়েৰে সেই সন্ধান উলিয়াব লাগে। এই ভাবি, লৰা-ৰজাই নানা ভাউতিৰে জয়মতী কুৱঁৰীক সোধালে, কিন্তু তাৰ একো গুণ নধৰিল, জয়মতীয়ে স্বামীৰ সন্ধান নিদিলে। তাৰ পাচত, ৰজাই তেওঁক ৰাজসভাত উপস্থিত কৰাই নানা তৰহৰ ভয় দেখুৱাই সুধিলে; তথাপি জয়মতী অলপো নটলিল, তেওঁ স্বামীৰ সন্ধান নিদিওঁ বুলি নিৰ্ভয় মনেৰে সমিধান দিলে। শেহান্তৰত ৰজাই নিৰুপায় হৈ আজ্ঞা দিলে যে, জয়মতীক বান্ধি শান্তি কৰি যেনে-তেনে উপায়েৰে তেওঁৰপৰা গদাপাণিৰ সন্ধান উলিয়াবই লাগিব।
ৰজাৰ আজ্ঞা মতে জয়মতী কুৱঁৰীক জেৰঙ্গা পথাৰলৈ নিয়া হল। তাতে চাওদাঙ্গে তেওঁক খুটাত বান্ধি নানা শাস্তি দিবলৈ ধৰিলে। নিতে ন-ন শাস্তি দি সোধা হয়, কিন্তু জয়মতীয়ে ভুলতো স্বামীৰ সন্ধান নিদিয়ে। এদিন-দুদিনকৈ একেৰাহে চৈধ্য দিন তেওঁ শান্তি ভুঞ্জিছে, সেই শাস্তি দেখি সকলোৱে বিস্ময় মানিছে, তথাপি জয়মতীয়ে কেৰেপকে কৰা নাই, তেওঁ প্ৰাণ থাকেমানে স্বামীৰ সন্ধান নিদিয়ে। অনেকে সহিব নোৱাৰি বুজনি দিয়ে যে, তেওঁ [ ৪২ ] স্বামীৰ কথা কৈ দি ৰক্ষা পৰক, কিন্তু জয়মতীয়ে তেনে উপদেশলৈ কটাহিকে নকৰে। শেহত ছদ্মবেশ ধৰি গদাপাণি নিজে ওচৰ চাপিলহি। কোৱঁৰে ছেগ বুজি ওচৰ চাপি কেইবাবাৰে তেওঁৰ সন্ধান দিবলৈ কুৱঁৰীক অনুৰোধ কৰিলেগৈ, কিন্তু জয়মতীয়ে সেই
ফালে আওকাণ কৰি একোকে নকলে। তাৰ পাচত, ঘুৰি ঘুৰি ওচৰ চাপোঁতে জয়মতীয়ে কোৱঁৰক চিনি পালে। তেতিয়া হে তেওঁ শোকত বিহ্বলা হল। তেওঁ ভাবিলে যে, যাৰ নিমিত্তে তেওঁ অত শাস্তি, অত লাঞ্ছনা, অত সন্তাপ সহিছে, সেই স্বামীয়েই [ ৪৩ ] এতিয়া নিজে ধৰাদি সকলো নাশ কৰে। ইয়াকে গুণি কুৱঁৰীয়ে টানিমানি ধৈৰ্য্য ধৰি, কোৱঁৰক সঙ্কেতত কাতৰ ভাৱে জনালে যে, তেওঁ যেন সোনকালে আঁতৰি যায়। মৰমৰ ভাৰ্য্যাৰ অতি কাতৰ ভাৱৰ সঙ্কেতত ৰব নোৱাৰি গদাপাণি অগত্যা তাৰপৰা আঁতৰ হল। শেহান্তত, ১৬৫১ শঁকৰ ১৩ চ’তত মহাসতী জয়মতীয়ে স্বামী-গুৰুৰ চৰণ চিন্তি, সেই শান্তিৰ ঠাইতে তনু ত্যাগ কৰি শান্তিধামলৈ প্ৰয়াণ কৰিলে। পৃথিবীত আজি সতী জয়মতী নাই, কিন্তু তেওঁক শাস্তি দিয়া ঠাইত আজিও “জয়সাগৰ” আৰু “জয়-দৌল” এই দুটি অভগন কীৰ্তি-চিন্ জিলিকি আছে। আজিকালি বছৰি চ’তমাহৰ সেই তিথিত সেই পুণ্যসলিলা “জয়সাগৰত” তীৰ্থস্নান কৰি “জয়মতী-তিথি” পালন কৰা হয়।
গদাধৰ সিংহ।—পত্নীৰ বিয়োগত গদাপাণিৰ মন উদাস হল। তেওঁ বিপদৰ ভয় পাহৰি যতে-ততে ফুৰিবলৈ ধৰিলে। সেই দৰে অনাই-বনাই ফুৰি ফুৰি শেহত তেওঁ গুৱাহাটীত ওলালগৈ। গুৱাহাটীত তেতিয়া বন্দৰ বৰফুকন আছিল। বন্দৰ বৰফুকন গদাপাণিৰ আপোন ভিনিহিয়েক। তেওঁ গদাপাণিক পাই সামৰি ধৰিলে। লৰা-ৰজাৰ আচৰণত বৰফুকন আগৰেপৰা বিতুষ্ট হৈ আছিল। ৰাজধানীতে সেই বাবে অশাস্তি হৈছিল। গতিকে সেই ছেগতে গদাপাণিক লৈ বৰ বৰফুকন গড়গাওঁ-নগৰত উপস্থিত হলগৈ। বৰফুকনৰে সৈতে ডাঙ্গৰীয়া-বিষয়া সকলো লগ লাগিল। সকলোৱে মিলি লৰা-ৰজাক ভাঙ্গি, ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি কোৱঁৰক ৰজা পাতিলে। ৰজা হোৱাৰ পাচত, গদাপাণিৰ [ ৪৪ ] নাম আহোম মতে চুপাত্ফা, আৰু হিন্দুমতে গদাধৰসিংহ হল, স্বৰ্গদেৱ গদাধৰসিংহ যেনে বাহুবলী, তেনে মনবলী পুৰুষ আছিল। তেওঁ লৰা-ৰজাৰ নিচিনা দুৰ্ব্বলচিতীয়া নাছিল। তেওঁ ৰাজধৰ্ম্ম পালন কৰোঁতে কাৰো মুখলৈ চাইছিল, কাৰো মমতাত নটলিছিল, কালৈকে কটাহি নকৰিছিল। এনে কি, তেওঁক ৰজা পাতোঁতে যিবিলাক বিষয়াই সহায় কৰিছল, সিবিলাককো ৰাজদ্ৰোহী বুলি দণ্ড বিহিবলৈ তেওঁ কাতৰ নহৈছিল। কাৰণ, লৰা- ৰজা ৰাজপাটত থাকোতেই আন এজন ৰজা পাতিবলৈ কাৰবাৰ কৰি সিবিলাকে ৰাজদ্ৰোহ পাপ আচৰণ কৰিছিল। ইয়াত বাজেও গদাধৰসিংহ মহাৰাজে দেশহিতকৰ ভালেমান ডাঙ্গৰ কাম সাধন কৰিছিল। সেই গুণে তেওঁ এজন বলৱন্ত, আৰু নীতিমন্ত ৰজা বুলি প্ৰখ্যাত।
গদাধৰসিংহ স্বৰ্গদেৱ বৰ ওখ-ডাঙ্গৰ, শকত-আৱত আৰু বাহুবলী পুৰুষ আছিল। সেই অনুসৰি, তেওঁৰ ভোজনো প্ৰচুৰ আছিল। দহ জন মানুহৰ আহাৰ তেওঁ অকলে খাইছিল। মহাৰাজ গদাধৰসিংহৰ আমোলত যিবিলাক ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল, তাৰ ভিতৰত মছলমানৰ ১৪শ, বা শেহ আক্ৰমণ, মিৰি- আক্ৰমণ, নগা-আক্ৰমণ এই বিলাকেই ঘাই।
মছলমানৰ শেহ আক্ৰমণ।— খ্ৰীঃ ১৬৮৩ চনত ৰঙ্গামাটিৰ নবাব মঞ্চলখাঁই অসাম আকৌ আক্ৰমণ কৰে। তেওঁ আহি গুৱাহাটীৰ শুক্ৰেশ্বৰৰ ওচৰ পাওঁতেই তাতে সন্দিকৈ বৰফুকনে আগচি ধৰিলে। তাৰ পাচত, তাৰ ওচৰত ইটাখুলি [ ৪৫ ] নামে ঠাইত দুয়ো পক্ষৰ মাজত এখন ডাঙ্গৰ ৰণ লাগিল। ৰণত মছলমান ঘাটি পলাল। বৰফুকনে মছলমানক মনাহা নৈ পাৰ কৰি খেদি থলেগৈ, আৰু সেই নৈকে আগৰ দৰেই আহোম ৰাজ্যৰ পছিম সীমা পাতিলে। এয়ে অসমত মছলমানৰ শেহ আক্ৰমণ। ইয়াৰ পাচত আৰু সিবিলাকে আহোম ৰজাক জোকাবলৈ সাহ কৰা নাই। আৰু এয়ে অসমত মছলমানৰ ১৪শ, আক্ৰমণ। ইয়াকে “ইটাখলিৰ ৰণ” বোলা যায়। মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱেই অসমত মুছলমান আক্ৰমণৰ অন্ত পেলায়।
মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱৰ দিনত ভালেমান লাগতিয়াল আৰু প্ৰখ্যাত আলি, গড়, শিলৰ সাঁকো, দৌল, পুখৰী আদি কৰোৱা হৈছিল। তাৰ ভিতৰত ধোদৰ আলি, অঁকাৰ আলি, খঁৰা গড়, দিজৈৰ শিলৰ সাঁকো, বগী দৌল আৰু পুখুৰী, বিশ্বনাথ দৌল, উমানন্দ দৌল এই বিলাকেই ঘাই।
ৰূদ্ৰসিংহ।—গদাধৰসিংহ স্বৰ্গী হোৱাত, তেওঁৰ বৰপুত্ৰ লাই গোহাঞিদেৱ ১৬৯৫ খ্ৰীষ্টাব্দত ৰজা হয়। ৰাজপাটত উঠি তেওঁ আহোম মুতে চুখ্ৰংফা আৰু হিন্দুমতে ৰূদ্ৰসিংহ নাম লয়। হিন্দু ধৰ্ম্মত তেওঁৰ বৰ মতি আছিল। তেওঁৰ দিনৰপৰাই হিন্দুধৰ্ম্মত আহোম আসক্তি বাঢ়িল। ৰূদ্ৰসিংহ মহাৰাজে নিজে শান্তিপুৰৰ পৰা শুদ্ধ ভট্টাচাৰ্য্য গোসাঁই অনাই তেওঁত শৰণ লয়। তাৰ পাচত, তেওঁ অসম দেশৰ গোসাঁই আৰু মহন্তবিলাকক ঠায়ে ঠায়ে, থিতাপিকৈ পাতি সিবিলাকৰ জীৱিকাৰ উপায় কৰি দিয়ে। সেই সময়ৰপৰাই ৰাজকীয় বিষয়ত বামুণ আৰু কাকতীসকলৰ এক্তিয়াৰ [ ৪৬ ] বাঢ়িবলৈ ধৰে। প্ৰজাৰ মাজত যাতে হিন্দুধৰ্ম্মৰ চৰ্চ্চা বাঢ়ে, তাৰ নিমিত্তে ৰূদ্ৰসিংহ স্বৰ্গদেৱে বৰ পুৰুষাৰ্থ কৰিছিল। অন্যায়, অধৰম, ভণ্ডামি আদি দোষে যাতে প্ৰজাক চুবলৈ নাপায়, তেওঁ তাৰ সুদিহা কৰিছিল।
ৰূদ্ৰসিংহ মহাৰজাই কোচবিহাৰৰপৰা ঘনশ্যাম নামে এজন বিচক্ষণীয়া খনিকৰ অনাই ভাল ইটাৰ পকীঘৰ,দৌল, শিলৰ সাঁকো আদি কৰাই ৰংপুৰ নগৰখন বিতোপনকৈ পাতিছিল। তাত বাজেও তেওঁ ভালেমান আলি, পুখুৰী আদি কৰাই যুগমীয়াকৈ কীৰ্ত্তিচিন ৰাখিছিল। তাৰ ভিতৰত ৰংপুৰৰ কাৰেংঘৰ, নামদাঙ্গৰ শিলৰ সাঁকো, জয়সাগৰ পুখুৰী, জয়-দৌল এইবোৰেই ঘাই। তেওঁৰ মাতৃ সতী জয়মতীক লৰা-ৰজাই যি ঠাইত বন্ধাই শাস্তি দিয়াইছিল, সেই ঠাইকে সমাজ কৰি, ১৭০০ খ্ৰীষ্টাব্দত তেওঁ, “জয়-সাগৰ” নামে এটা প্ৰকাণ্ড পুখুৰী খনালে। আৰু তাৰ পাৰতে তেওঁ জয়-দৌল নামে স্বৰ্গীয়া সতী মাতৃৰ কীৰ্ত্তিমন্দিৰ বন্ধাই দিলে। ৰূদ্ৰসিংহ স্বৰ্গদেৱৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত কছাৰি আৰু জয়ন্তীয়া ৰাজ্য দখল, জয়ন্তীয়া বিদ্ৰোহ, বিশ্বনাথৰ দৰবাৰ এইবোৰই ঘাই। পাচত কছাৰি আৰু জয়ন্তীয়া ৰজাৰ উৎপত্তিৰ কথা কওঁতে এই দুই বিষয়ে আকৌ বহলাই কোৱা হব।
শিৱসিংহ।—ৰূদ্ৰসিংহৰ পাচত তেওঁৰ বৰপুতেক শিৱসিংহ ৭১৪ খ্ৰীষ্টাব্দে ৰজা হয়। তেওঁৰ আহোম নাম চুতন্ফা। পিতৃৰ আৰ্হিৰেই তেওঁৰো হিন্দুধৰ্ম্মত বৰ মতি আছিল। তেওঁ [ ৪৭ ] ৰাজপাটত উঠি শান্তিপুৰৰপৰা কৃষ্ণৰাম ন্যায়বাগীশ নামে এজন শুদ্ধ ভট্টাচাৰ্য্য গোসাঁই অনাই তেওঁত শৰণ লয়। এই জনা গোসাঁইক উজনিত আৰু কামৰূপত ভালেমান ব্ৰহ্মোত্তৰ মাটি দান কৰা হয়। গুৱাহাটীৰ নীলাচল পৰ্ব্বতত তেওঁৰ সত্ৰ আছিল। সেই কাৰণে, তেওঁক “পৰ্ব্বতীয়া গোসাই” বোলা হয়।
ফুলেশ্বৰী কুৱৰী।—শিৱসিংহ স্বৰ্গদেৱে জ্যোতিষৰ গণনামতে তেওঁৰ ছত্ৰভঙ্গ-যুগ পৰাত আপোন ইচ্ছাৰে ৰাজপাট এৰি দিয়ে। তেওঁ ৰজা ভাগিলত তেওঁৰ ভাৰ্য্যা ফুলেশ্বৰী কুৱঁৰী মহাৰাণী হয়। তেওঁৰ আন এটা নাম প্ৰমতেশ্বৰী। এই নামেই ৰজাৰুপ আৰু সোণৰ মোহৰ মৰোৱা হৈছিল। তেওঁৱেই আহোমৰ প্ৰথম মহাৰাণী। মহাৰাণী ফুলেশ্বৰী কুৱঁৰীৰ দিনত কামৰূপ আৰু বকটাত মাটি পীয়ল হয়। তেতিয়াৰপৰাই মাটিৰ জমাবন্দী, আৰু “পেৰাৰ কাকত"ৰখাৰ নিয়ম চলে। সেই কাকতত বস্তীত বাজে সকলোবিধ আবাদী আৰু নিষ্কৰ মাটিৰ বৰ্ণনা লিখি ৰখা হৈছিল।
মদাম্বিকা কুৱঁৰী।—ফুলেশ্বৰী কুঁঁৱৰী স্বৰ্গী হোৱাত, তেওঁৰ ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱ শিৱসিংহই বিয়া কৰায়। তাৰ পাচত, তেওঁক মদাম্বিকা নাম দি আহোম ৰাজপাটত তুলি মহাৰাণী পতা হয়। বায়েকৰ আহিৰেই তেওঁৰ নামেও ৰুপ আৰু মোহৰ মৰোৱা হয়। তেওঁৱেই ১৭২ও খ্ৰীষ্টাব্দত “শিৱসাগৰ" পুখুৰী খনাই তাৰ পাৰত শিৱদৌল, দেবীদৌল, আৰু বিষ্ণুদৌল নামে তিনটা বিতোপন দৌল সায়। শিৱদৌলৰ নিচিনা শিলৰ পকী [ ৪৮ ] গাঁঠনীৰে সিমান ওখ আৰু তেনে ধুনীয়া দৌল ভাৰতবৰ্ষৰ আনঠাইত কতো দেখিবলৈ পোৱা নাযায়। এই দৌলে এতিয়াও শিৱসাগৰৰ নাম জিলিকাই ৰাখিছে।
সৰ্ব্বেশ্বৰী কুৱঁৰী।—মদাম্বিকা কুৱঁৰী স্বৰ্গী হোৱাত,
স্বৰ্গদেৱে সলীল গোহাঞিৰ জীয়াৰী অনাদৰীক বিয়া কৰায়। তাৰ পাচত, তেওঁক সৰ্ব্বেশ্বৰী নাম দি মহাৰাণী পতা হয়। আগৰ দুগৰাকী মহাৰাণীৰ আৰ্হিৰে তেওঁৰ নামেও ৰুপ আৰু মোহৰ মৰোৱা হয়।
ৰাজেশ্বৰ সিংহ।—১৭৪৪ চনৰপৰা ১৭৬৯ চনলৈকে [ ৪৯ ] দুজন ৰজা হয়। এজন প্ৰমতসিংহ, ইজন ৰাজেশ্বৰসিংহ। প্ৰমতসিংহ স্বৰ্গদেৱৰ দিনত আহোমৰ দিনৰ গৌৰৱ বঢ়োৱা কাম একো হোৱা নাই, মাত্ৰ কিছুমান দৌল, মন্দিৰ আৰু পকীঘৰ সজোৱা হৈছিল। তাৰ ভিতৰত ৰংপুৰ নগৰৰ "ৰংঘৰ” ঘাই। এই বিতোপন পকীঘৰটো ১৭৪৬ খ্ৰীষ্টাব্দত সজোৱা হৈছিল। এই ঘৰৰ ওপৰ-
মহলাত বহি ৰজাই মহযুঁজ, হাতীযুঁজ, পখীযুঁজ, মালযুঁজ আদি ৰং চাইছিল। পুৰণি ৰংপুৰ নগৰত এই ৰংঘৰ এতিয়াও জিলিকি আছে। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত গোটাচেৰেক ডাঙ্গৰ লেখত লবলগীয়া ঘটনা হৈছিল। তাৰ ভিতৰত ডফলাৰ উৎপাত, মিকিৰ[ ৫০ ] দমন, "লতা-কটা ৰণ” এই কেইটা ঘাই। তাত বাজেও ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত কিছুমান বিতোপন দৌল, মন্দিৰ, পকীঘৰ সজোৱা হৈছিল। সেইবোৰৰ কীৰ্ত্তিচিন এতিয়াও আছে। তাৰ ভিতৰত ৰংপুৰৰ "তলাতল ঘৰ”, গুৱাহাটীৰ “নবগ্ৰহ মন্দিৰ”,
"বশিষ্ঠাশ্ৰম মন্দিৰ” এইবোৰ লেখত লবলগীয়া। তলাতল ঘৰৰ তলে তিনি মহলা, ওপৰে তিনি মহলা আৰু মাটিৰ সমানে এক মহল। ই এটা বৰ আচৰিত ধৰণৰ সাতমহলীয়া পকীঘৰ। মাটিৰ তলৰ এটা মহলাৰপৰা তলে তলে এটা ডাঙ্গৰ নলা বা সুৰুঙা দিখৌ [ ৫১ ] নৈব ওলায়ছেগৈ। শত্ৰুৱে বেৰি ধৰিলে ৰজাই সেই সুৰুঙ্গাই দি ওলাই গুচি যাবলৈ দিহা লগোৱা আছিল।
মুঠ্-কথা।—খ্ৰঃ ১৬৭৯ চনৰপৰা ১৭৬৯ চনলৈকে এই ৯০ বছৰৰ ভিতৰত আহোমৰ দিনৰ গৌৰৱ বৰকৈ বাঢ়িছিল। তাৰ ঘাই ঘাই চিনৰ ভিতৰত এই কেইটা আটাইতকৈ ঘাই। যেনে, —মহাসতী জয়মতীৰ পুণ্যকীৰ্ত্তি, মহাৰাজ গদাধৰসিংহৰ বীৰত্ব, মহাৰাজ ৰূদ্ৰসিংহৰ ৰাজনীতি, আহোম মহাৰাণীৰ মহত্ত্ব, জয়সাগৰ জয়দৌল, শিৱসাগৰ, শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ, উমানন্দ-মন্দিৰ, বশিষ্ঠাশ্ৰমৰ মন্দিৰ, নবগ্ৰহমন্দিৰ ইত্যাদি। সেই কালৰ আদিছোৱাত মুছলমানৰ অসম-আক্ৰমণৰ অন্ত পৰে; তাৰ মাজহোৱাৰপৰা হিন্দুধৰ্ম্মত আহোমসকলৰ আসক্তি বাঢ়িবলৈ ধৰে। আৰু শেহছোৱাত অসমীয়া সমাজে এটা ভাল গঢ় লৈ উঠে।