পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
আহোমৰ দিনৰ কীৰ্তি।

ৰাজপাটত উঠি শান্তিপুৰৰপৰা কৃষ্ণৰাম ন্যায়বাগীশ নামে এজন শুদ্ধ ভট্টাচাৰ্য্য গোসাঁই অনাই তেওঁত শৰণ লয়। এই জনা গোসাঁইক উজনিত আৰু কামৰূপত ভালেমান ব্ৰহ্মোত্তৰ মাটি দান কৰা হয়। গুৱাহাটীৰ নীলাচল পৰ্ব্বতত তেওঁৰ সত্ৰ আছিল। সেই কাৰণে, তেওঁক “পৰ্ব্বতীয়া গোসাই” বোলা হয়।

 ফুলেশ্বৰী কুৱৰী।—শিৱসিংহ স্বৰ্গদেৱে জ্যোতিষৰ গণনামতে তেওঁৰ ছত্ৰভঙ্গ-যুগ পৰাত আপোন ইচ্ছাৰে ৰাজপাট এৰি দিয়ে। তেওঁ ৰজা ভাগিলত তেওঁৰ ভাৰ্য্যা ফুলেশ্বৰী কুৱঁৰী মহাৰাণী হয়। তেওঁৰ আন এটা নাম প্ৰমতেশ্বৰী। এই নামেই ৰজাৰুপ আৰু সোণৰ মোহৰ মৰোৱা হৈছিল। তেওঁৱেই আহোমৰ প্ৰথম মহাৰাণী। মহাৰাণী ফুলেশ্বৰী কুৱঁৰীৰ দিনত কামৰূপ আৰু বকটাত মাটি পীয়ল হয়। তেতিয়াৰপৰাই মাটিৰ জমাবন্দী, আৰু “পেৰাৰ কাকত"ৰখাৰ নিয়ম চলে। সেই কাকতত বস্তীত বাজে সকলোবিধ আবাদী আৰু নিষ্কৰ মাটিৰ বৰ্ণনা লিখি ৰখা হৈছিল।

 মদাম্বিকা কুৱঁৰী।—ফুলেশ্বৰী কুঁঁৱৰী স্বৰ্গী হোৱাত, তেওঁৰ ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱ শিৱসিংহই বিয়া কৰায়। তাৰ পাচত, তেওঁক মদাম্বিকা নাম দি আহোম ৰাজপাটত তুলি মহাৰাণী পতা হয়। বায়েকৰ আহিৰেই তেওঁৰ নামেও ৰুপ আৰু মোহৰ মৰোৱা হয়। তেওঁৱেই ১৭২ও খ্ৰীষ্টাব্দত “শিৱসাগৰ" পুখুৰী খনাই তাৰ পাৰত শিৱদৌল, দেবীদৌল, আৰু বিষ্ণুদৌল নামে তিনটা বিতোপন দৌল সায়। শিৱদৌলৰ নিচিনা শিলৰ পকী