পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
মোৱামৰীয়াৰ বিদ্ৰোহ।

নৈব ওলায়ছেগৈ। শত্ৰুৱে বেৰি ধৰিলে ৰজাই সেই সুৰুঙ্গাই দি ওলাই গুচি যাবলৈ দিহা লগোৱা আছিল।

 মুঠ্‌-কথা।—খ্ৰঃ ১৬৭৯ চনৰপৰা ১৭৬৯ চনলৈকে এই ৯০ বছৰৰ ভিতৰত আহোমৰ দিনৰ গৌৰৱ বৰকৈ বাঢ়িছিল। তাৰ ঘাই ঘাই চিনৰ ভিতৰত এই কেইটা আটাইতকৈ ঘাই। যেনে, —মহাসতী জয়মতীৰ পুণ্যকীৰ্ত্তি, মহাৰাজ গদাধৰসিংহৰ বীৰত্ব, মহাৰাজ ৰূদ্ৰসিংহৰ ৰাজনীতি, আহোম মহাৰাণীৰ মহত্ত্ব, জয়সাগৰ জয়দৌল, শিৱসাগৰ, শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ, উমানন্দ-মন্দিৰ, বশিষ্ঠাশ্ৰমৰ মন্দিৰ, নবগ্ৰহমন্দিৰ ইত্যাদি। সেই কালৰ আদিছোৱাত মুছলমানৰ অসম-আক্ৰমণৰ অন্ত পৰে; তাৰ মাজহোৱাৰপৰা হিন্দুধৰ্ম্মত আহোমসকলৰ আসক্তি বাঢ়িবলৈ ধৰে। আৰু শেহছোৱাত অসমীয়া সমাজে এটা ভাল গঢ় লৈ উঠে।


৬। পাঠ।
আহোমৰ দিনৰ অৱনতি।
মোৱাঁমৰীয়াৰ বিদ্ৰোহ।

 শিৱসিংহ স্বৰ্গদেৱৰ পাচৰপৰা আহোমৰ দিন পৰি আহিবলৈ ধৰে। কিন্তু, সেই পতন তেওঁৰ দিনৰপৰাই আৰন্ত হয়। মহাৰাণী