বুৰঞ্জীবোধ/আহোমৰ দিনৰ গৌৰৱ

ৱিকিউৎসৰ পৰা
[ ২৫ ]
৪। পাঠ।
আহোমৰ দিনৰ গৌৰৱ।

 গড়গঞা ৰজা।—স্বৰ্গদেৱ স্বৰ্গনাৰায়ণৰ পাচত, তেওঁৰ পুতেক চুক্লেনমুং কোৱৰ ৰজা হয়। তেওঁক ‘গড়গঞা ৰজা' নামেও জনা যায়। কিয়নো, আহোম ৰজাৰ প্ৰখ্যাত ৰাজধানী গড়গাওঁ-নগৰ তেওঁৱেই পাতিছিল। এই জনা ৰজাৰ দিনতে কোচ ৰজাৰ সেনাপতি প্ৰখ্যাত বীৰ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰেহি। তেওঁ উত্তৰ পাৰে উজাই দিকৰাই নৈলৈকে আহোম ৰাজ্য দখল কৰিছিলহি। তাৰ লগে লগে কোচ ৰজাই তেওঁৰ ৰাজধানী কোচবিহাৰৰপৰা সৌমাৰৰ নাৰায়ণপুৰলৈকে এটা বৰ ডাঙ্গৰ ৰাজ-আলি বন্ধাইছিল। সেই আলি “গোহাঁই-কমলা- আলি” নামে জনা যায়। কিয়নো,ইয়াক নৰনাৰায়ণ ৰজাৰ ভায়েক গোহাঁইকমলাই বন্ধাইছিল। পিচে, আহোম ৰজাই ভালেমান কাজুৱা ৰণুৱাৰে সৈতে পিছলা নৈৰ পাৰত এটা কোঁঠ মৰাই লৈ কোচ সেনাপতিক আগভেটি ধৰিলেগৈ। ইয়াতে চিলাৰায় আৰু গড়গঞা ৰজাৰ মাজত এখন তয়াময় ৰণ লাগিল। ৰণত চিলাৰায় ঘাটি স্বদেশলৈ উলটিল। আহোম ৰজাই নিজৰ ৰাজ্য আকৌ উদ্ধাৰ কৰি ললে। এয়ে আহোম ৰাজ্যত কোচৰ প্ৰথম আক্ৰমণ। ইয়াকে “পিছলাপৰীয়া ৰণ” বলে।

[ ২৬ ]  খোৰা-ৰজা।—গড়গঞা ৰজাৰ পাচত, তেওঁৰ পুতেক চুখাম্‌ফা কোৱঁৰ ৰজা হয়। তেওঁ হাতীৰপৰা পৰি খোৰা হোৱাৰ কাৰণে, তেওঁক “খোৰা-ৰজা” নামেও জনা যায়।' আহোম ৰজাৰ ভিতৰত এই জনা ৰজাই আটাইতকৈ অধিক কাল ৰাজপাট খাইছিল। খ্ৰীঃ ১৫৫২ চনৰপৰা ১৬১১ চনলৈকে খোৰাৰজাদেৱে পুৰা তিনি কুৰি বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ দিনত ভালেমান ডাঙ্গৰ ঘটনা হৈছিল; তাৰ ভিতৰত কোচৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণ, ছুটীয়া বিদ্ৰোহ, ঢেকেৰী-বিদ্ৰোহ, নৰা ৰজাৰ আক্ৰমণ, সলাল-গোহাঞিৰ বিষয় পাতন, ১৫৯৬ খ্ৰীষ্টাব্দৰ ডাঙ্গৰ ভূইকঁপ; মছলমানৰ সপ্তম আৰু অষ্টম আক্ৰমণ এইবোৰই প্ৰধান।

 'পিছলাপৰীয়া' ৰণত ঘাটি যোৱাৰ অপমান গুচাবৰ মনেৰে, ১৫৬২ খ্ৰীষ্টাব্দত চিলাৰায়ে আকৌ আহোম ৰাজ্য আক্ৰমণ কৰে। এইবাৰ আহোম সেনাপতিয়ে ছল কৰি, তেওঁৰ বাৰবৰণীয়া সেনাবিলাকক লগুণ পিন্ধাই কপিলা গৰুৰ ওপৰত তুলি ৰণলৈ পঠিয়ালে। সেই সেনাবিলাক গৈ সমুখ হোৱাত, বামুণ আৰু কপিলা বধৰ পাপলৈ ভয় কৰি, চিলাৰায়ে ৰণ নকৰি উলটি গুচি গল। ইফালে ৰণৰ বঁটা স্বৰূপে সেই বামুণ-সজা সৈন্যবিলাক বামুণ হৈয়ে থাকিল। কিন্তু, দেশলৈ উলটি গৈ চিলাৰায়ে সেই ভুৱা দিয়া কথা জানিবলৈ পালে। সেই কাৰণে, তেওঁ ১৫৬৩ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আকৌ আক্ৰমণ কৰিলেহি। এইবাৰ খোৰা-ৰজা ঠাৱৰিব নোৱাৰি হুঁহকি পৰিল, আৰু উত্তৰ[ ২৭ ] পৰীয়া ৰাজ্য শত্ৰুক এৰি দি গড়গাঁও নগৰলৈ গুচি আহিল। পিচে, চিলাৰায়ে নাৰায়ণপুৰত এটা কোঁঠ মাৰি থৈ উলটি গলগৈ। তাৰ পাচত, আহোম ৰজাই আকৌ এখন ৰণ দি কোচৰপৰা সেই ৰাজ্য কাঢ়ি ললৈ। এয়ে কোচৰ ২য়, আৰু ৩য়, আক্ৰমণ।

 বুদ্ধিনাৰায়ণ।—খোৰা-ৰজাৰ পাচত, খ্ৰীঃ ১৬১১ চনৰপৰা ১৬৫৪ চনলৈকে এই ৪৩ বছৰৰ ভিতৰত চুচেংফা, চুৰম্‌ফা আৰু চুত্যিংফা এই তিনজন ৰজা হয়। ইবিলাকৰ ভিতৰত চুচেংফা স্বৰ্গদেৱ প্ৰখ্যাত আছিল। তেওঁক বুদ্ধিস্বৰ্গনাৰায়ণ নামেও জনা যায়। তেওঁৰ দিনত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত মছলমানৰ নৱম আৰু দশম আক্ৰমণ, আৰু কছাৰি-ৰণ এই দুটা ঘাই। এই জন ৰজাৰ দিনতে বৰফুকন আৰু বৰবৰুৱা বিষয়ৰ সৃষ্টি হয়। ইয়াত বাজেও, তেওঁ ভালেমান আলি, গড়, দৌল, পুখুৰী আদি কৰাই আহোম ৰাজ্যৰ বহুল উন্নতি কৰিছিল।

 জয়ধ্বজসিংহ।—১৬৫৪ খ্ৰীষ্টাব্দত চুত্যিংফা স্বৰ্গদেৱক ভাঙ্গি তেওঁৰ পুতেক চুতাম্‌লা কোৱঁৰ ৰজা হয়। তেওঁ ৰাজপাটত উঠিয়েই তামৰ ফলিত লিখাইদি, বহুত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দান কৰি নিৰঞ্জণ নামে বাপুত শৰণ লয়। তাৰ পাচত, হিন্দুমতে তেওঁৰ নাম জয়ধ্বজসিংহ হয়। আহোম ৰজাৰ ভিতৰত তেওঁৱেই পোন্‌প্ৰথমে হিন্দুমতে শৰণ লয়, আৰু তেওঁৰ দিনৰপৰাই তামৰ ফলি চলিত হয়।

 মিৰজুম্লাৰ আক্ৰমণ।—জয়ধ্বজসিংহ ৰজাৰ দিনতে, [ ২৮ ] ১৬১০ খ্ৰীষ্টাব্দত দিল্লীৰ সম্ৰাট আওৰেংজেৱৰ সেনাপতি মিৰজুম্লাই অসম দেশ আক্ৰমণ কৰেহি। মছলমান সেনা আহি নুমলিগড় পাওঁতেই সেই ঠাইৰ কোঁঠ-ৰখীয়া অসমীয়া সেনা পলাই ফাট্‌ মাৰিলে। মিৰজুম্লাই কোনো হকাবধা নোপোৱাকৈ গড়গাওঁ-নগৰ সোমালেগৈ। জয়ধ্বজসিংহ ৰজাই ভয়ত চৰাইখোৰোং নামে পাহাৰত ঠাই ললেগৈ। মিৰজুম্লাই গোটেই অসম দেশত ৰাজক্ষমতা চলাই এবছৰ গড়গাঁওত প্ৰভুত্ব কৰিছিল। তাৰ পাচত, তেওঁ আহোম ৰজাৰে সৈতে সন্ধি পাতি স্বদেশলৈ উলটি যাবলৈ মন কৰিলে। সেই সন্ধি মতে জয়ধ্বজ সিংহ ৰজাই অনেক ধন-বস্তু আৰু লগুৱা-লিগিৰি যৌতকত দি, ৰাজ-জীয়াৰী ৰমণী গাভৰুক দিল্লীৰ বাদচাহৰ লগত বিয়া দিবৰ

গড়গাঁওৱৰ কাৰেংঘৰ।
[ ২৯ ] নিমিত্তে অৰ্পণ কৰি বছৰি ২০টা হাতী আৰু পেচ্‌কচৰ বাবে

তিনি লাখ টকা আৰু ৯০টা হাতী চই শোধাবলৈ গাত লৈ, মিৰজুম্লাক বিদায় দিলে। এয়ে অসমত মছলমানৰ ১১শ, আক্ৰমণ।

জয়ধ্বজসিংহৰ পাচত, তেওঁৰ পুতেক এজনো ৰজা হব নোৱাৰিলে। সিবিলাকৰ চৰিত্ৰ পিতাকৰ দৰেই দুৰ্ব্বল দেখি ডাঙ্গৰীয়াসকলে সিবিলাকৰ এজনকো ৰাজপাটৰ নিমিত্তে মনোনীত নকৰিলে। গতিকে, আহোম ৰাজবংশৰ আন এটা ফৈদ দেওৰজাৰ নাতি চুপুংমুং কোৱঁৰক ১৬৬৩ খ্ৰীষ্টাব্দত ৰজা পতা হয়। হিন্দুমতে তেওঁ চক্ৰধ্বজসিংহ নাম লয়। তেওঁৰ দিনত হোৱা ঘটনাৰ ভিতৰত নগা-দমন, মিৰি-বিদ্ৰোহ আৰু 'শৰাইঘাটৰ ৰণ' এই কেহটাই ঘাই।

 শৰাইঘাটৰ ৰণ।—মিৰজুম্লাৰ লগত হোৱা সন্ধি মতে, জয়ধ্বজসিংহ ৰজাই দিল্লীৰ সম্ৰাটক যি পেচকচ আৰু চই দিবলৈ গাত লৈছিল, তাৰে ১৯,০০০৲ টকা আৰু ৫টা হাতী শোধাবলৈ বাকী ৰৈছিল। তাকে সাধি গুৱাহাটীৰপৰা মছলমান ফৌজ্‌দাৰ ফিৰুজ্‌খাঁই আহোম ৰজালৈ কটকীৰ মুখে টান কথা কৈ পঠিয়ালে। চক্ৰধ্বজসিংহ বৰ সাহী আৰু অভিমানী ৰজা আছিল। তেওঁ মুছলমানৰ সেই টান কথা সহিব নোৱাৰি খঙ্গত বাকী থকা চইৰ সলনি ৰণ দিবলৈ ওলাল। গতিকে, দুইপক্ষৰ মাজত এখন তয়াময়া ৰণ লাগিল। এই ৰণ দুবাৰ হয়। প্ৰথম বাৰত চৈয়দ চানা আৰু চৈয়দ ফিৰুজ্‌ সেনাপতিৰ তলে মছলমানে বাঁহবাৰী, কাঁজলিমুখ ইটাখলি, [ ৩০ ] বৰনদীমুখ আৰু গুৱাহাটী এই পাঁচ ঠাইত ৰণ দিয়ে। সেই কেইখন ঠাইত আহোমৰ সেনাৰ হাতত মছলমান বিষমকৈ ঘটিল। এই ৰণত লাছিত বৰফুকন আহোমৰ ঘাই সেনাপতি আছিল। তেওঁ ৰণত জিকি, মছলমানক মানাহ নৈৰ মুখলৈকে খেদি নি, তাৰপৰা চৈয়দ চানা আৰু চৈয়দ ফিৰুজক বন্দী কৰি আনি গড়গাওঁ নগৰলৈ পঠিয়ায়। গড়গাওঁৱত সিবিলাকক বধ কৰা হয়। এই ৰণজয়ত গুৱাহাটী আকৌ আহোম ৰজাৰ দখললৈ আহিল, আৰু মুছলমানৰ ৰণৰ সঁজুলী ভালেমান আহোমৰ হাতত ৰল। পিচে, এই পৰাজয়ৰ বাতৰি পাই দিল্লীত আওৰেংজেব বাচাহ খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে 'আহোম ৰজাৰ লগত আকৌ ৰণ দিবলৈ সাজু হল। প্ৰথমে ৩০০০ ঘোঁৰা-ৰণুৱা, ১৮,০০০ পাঠান মাটি-ৰণুৱা আৰু ১৫,০০০ কোচবেহাৰী ৰণুৱা লগত দি, ৰজা ৰামসিংহক ঘাই সেনাপতি পাতি ৰণলৈ পঠিওৱা হয়। তাৰ পাচত, নচৰৎখাঁ, ৰঘুনাথসিংহ, ৰচিদ খাঁ এই তিনজন পালি সেনাপতিৰ তলত ভালেমান ৰণুৱা দি ৰজা ৰামসিংহক সহায় কৰা হয়। ইফালে আহোম ৰজা চক্ৰধ্বজসিংহয়ো বৰসেনাপতি লাছিত বৰফুকনক ভালেমান বাছক বনীয়া পৈণত আৰু কাজুৱা ৰণুৱাৰে সৈতে সাজু কৰি ৰাখিছিল। বৰফুকনে শৰাইঘাটত শকত আৰু ডাঙ্গৰকৈ এটা কোঁঠ মৰাই লৈ মছলমানলৈ বাট চাই আছিল। ৰজা ৰামসিংহ আহি গুৱাহাটীৰ সীমা পোৱা মাত্ৰে লাছিত বৰফুকনে আগচি ধৰিলে। দুয়ো পক্ষৰ মাজত তয়াময়াকৈ ৰণ লাগি উঠিল। এনে সময়তে, গড়গাওঁ-নগৰৰ পৰা চক্ৰধ্বজসিংহ [ ৩১ ] স্বৰ্গদেৱে বুঢ়াগোহাঞি, বৰগোহাঞি, পানীফুকন ইবিলাকক গায়পতি ভালেমান কাজুৱা ৰণুৱা দি বৰফুকনক সহায় কৰিবলৈ পঠিয়ালে। সিফালে মছলমানৰো পাচৰ খেপত পঠিওৱা সৈন্যৰ ফৌজে লগ ধৰিলেহি। এনে আয়োজনেৰে দুই পক্ষৰ ভিতৰত এখন মহাৰণ চলিবলৈ ধৰিলে। এনেতে, অকস্মাতে নৰিয়া পৰি চক্ৰধ্বজসিংহ স্বৰ্গদেৱ ঢুকাল, আৰু তেওঁৰ ভায়েক উদয়াদিত্য কোৱঁৰ নতুনকৈ ৰজা হল। এই দুৰ্ঘটনাই আহোম বিষয়াসকলক ভিতৰি হতাশ কৰি পেলাইছিল। কিন্তু, এনে বিপদেও মহাবীৰ লাছিত বৰফুকনৰ মন ভাঙ্গিব নোৱাৰিলে। তেওঁ নতুন ৰজা আৰু পালি সেনাপতিসকলক নিজৰ সাহেৰে সাহ দি, প্ৰাণটাকি ৰণ চলাবলৈ ধৰিলে। একেৰাহে ছমাহ তৰে-পানীয়ে তয়াময়াকৈ এই মহাৰণ চলিয়েই আছে, কিন্তু কোনো পক্ষৰে জয় হোৱা নাই। পাচলৈ মছলমান সেনাপতি এজন-এজনকৈ ৰণত পৰিবলৈ ধৰিলে। অলেখ মছলমান ৰণুৱা ৰণত পৰিল আৰু বন্দী হল। আহোম সেনাপতিৰ বিক্ৰম সহিব নোৱাৰি মছলমানৰ ঘাই সেনাপতি ৰজা ৰামসিংহ ভটীয়াই পলাব লগা হল। তাৰ পাচত, লাছিত বৰফুকনে ৰণত জয়লাভ কৰি, মানাহ নৈলৈকে আহোমৰ ৰাজ্য বঢ়াই, তাতে সীমা পাতি চকি বহুৱালে। ১৬৭০ খ্ৰীষ্টাব্দত এই মহাৰণৰ অন্ত পৰে। ইয়াকে “শৰাইঘাটৰ ৰণ” বোলে। আৰু, এয়ে অসমত মছলমানৰ ১২শ, আক্ৰমণ। এই ৰণতে “আহোৰ দিনৰ গৌৰৱ” অতিকৈ চৰিছিল। এনে কি, শত্ৰুৰ মুখেও সেই গৌৰৱৰ কথা শুনা গৈছিল। মছলমান সম্ৰাটৰ মহা [ ৩২ ] অভিমানী, সেনাপতি ৰজা ৰামসিংহই এই ৰণত ঘাটি উলটি যাবৰ সময়ত এই দৰে কৈছিল, “মই ভাৰতবৰ্ষৰ ভালেমান ঠাইত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ৰণ কৰলঁ, কিন্তু এনে ডাঙ্গৰ ৰণ কেতিয়াও কতো কৰ নাছিলঁ। অসমীয়া সেনাপতিৰ সাহ আৰু ৰণ-কৌশল দেখি স্তম্ভিত হলঁ। অসমীয়া ৰণুৱাৰ পাৰ্গতালি নশলাগি নোৱাৰি। একেবিধ অসমীয়া ৰণুৱাই মাটিয়ে, পানীয়ে আৰু ঘোঁৰাত উঠি ৰণ দিব পাৰে। সেই একে অসমীয়া ৰণুৱাই মাটি কাটিব পাৰে, গড় বান্ধিব পাৰে, মাল-যুঁজিব পাৰে, বন্দুক মাৰিব পাৰে, বৰতোপ মাৰিব পাৰে!! অসমত বাজে ভাৰতবৰ্ষৰ আন কোনোবা দেশত এনে পৈণত ৰণুৱা আছে যদি মই নাজানোঁ। ই নিশ্চয় আহোম ৰজাৰ গৌৰৱৰ চিন্।”

 লাছিত বৰফুকন।—তেওঁ এজন আচল বীৰপুৰুষ আছিল। সৰুৰেপৰা তেওঁৰ চৰিত্ৰত বীৰৰ চিন্ দেখা গৈছিল। ডেকা বয়সত তেওঁক পোনতে ঘোঁৰা-বৰুৱাৰ বাব দিয়া হৈছিল। মিৰজুম্লাৰ অসম আক্ৰমণৰ সময়ত লাছিত বৰুৱাই যি বীৰৰ চিনাকি দিলে ভাত সকলোৰে চকু পৰিল। সেই বাবেই তেওঁ একে চিপে বৰফুকনৰ পদলৈ উঠিল। তেতিয়া বৰফুকনৰ ৰাজধানী কলিয়াবৰ আছিল। “শৰাইঘাটৰ ৰণ" ঘোষণা কৰিয়েই স্বৰ্গদেৱে তেওঁক কলিয়াবৰত বৰফুকন পাতি ঘাই সেনাপতিৰ বাব দিলে। সেই ৰণত তেওঁৰ বীৰ আৰু ৰণকৌশল দেখি শত্ৰুপক্ষ স্তম্ভিত হৈছিল। তেওঁ এনে চোকা আৰু টানমুখীয়া সেনাপতি আছিল যে, শৰাইঘাটৰ ৰণত সময়তে এটা গড় মৰাই উলিয়াব নোৱাৰাৰ বাবে তেওঁ [ ৩৩ ] নিজ হাতে নিজৰ মোমায়েকক দুটুকুৰাকৈ কাটি পেলালে। সেই গড় আজিকোপতি “মোমাই-কটা-গড়” নামে জানা যায়। তাৰ চিন কামৰূপ জিলাত এতিয়াও আছে। “শৰাইঘাটৰ ৰণ"ত হৰা-জিকাৰ বিষম দোমোজাত লাছিত বৰফুকনৰ হঠাৎ তীৰকঁপে জ্বৰ উঠিল; তেওঁ নৰীয়া-পাটীৰপৰা উঠিব নোৱাৰা হল। এনে বিষম বিপাকত পৰি অসমীয়া ৰণুৱা সকলো বিমোৰ হল। কিন্তু, লাছিত বীৰ তেতিয়াও হতাশ নহল, তেওঁ উপস্থিত বুদ্ধি খটাই, নৰিয়াত পৰি থকা ছালপিৰাই সৈতে তেওঁক মাৰনাৱত তুলি শত্ৰুৰ সমুখে ভটিয়াই এৰি দিবলৈ আজ্ঞা দিলে, ততালিকে সেই মতে কাম কৰা হল। পিছে, তেওঁক সেই অৱস্থাত শত্ৰুৰ মুখলৈ আগবঢ়া দেখি আন আটাইবিলাক সেনাপতি দহগুণে উত্তেজিত হল, আৰু একে চিপে আটাইবিলাক শত্ৰুৰ ওপৰত উবুৰিখাই পৰিল গৈ। মছলমান সেনা আৰু সেনাপতি বিচূৰ্ত্তি হল। সেই ছেগতে অসমীয়া ৰণুৱাই শক্ৰক কাটি-মাৰি উছন্‌ নিউৱাৰ নিচিনা কৰিলে, আৰু মহাবীৰ লাছিত বৰফুকনে নৰীয়া-পাটীৰেপৰা ৰণত জয় লাভ কৰিলে। এনে উপস্থিত বুদ্ধি আৰু অদ্ভুত কৌশল কেইজনৰ আছে? বাস্তৱতে লাছিতৰ নিচিনা বীৰ আৰু ৰণ- পণ্ডিত পৃথিবীত অতি বিৰল।

 মুঠ্‌-কথা।—চুক্লেন্‌মুং ৰজাৰ দিনত, ১৫৪০ খ্ৰীষ্টাব্দত আহোম ৰজাৰ প্ৰখ্যাত ৰাজধানী গড়গাওঁ-নগৰ পতা হয়। তেওঁৰ আমোলতে কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য পোন্-প্ৰথমে আক্ৰমণ কৰেহি। চুখাম্‌ফা বা 'খোৰা-ৰজা'ৰ ৰাজত্ব আটাইতকৈ [ ৩৪ ] দীঘল। তেওঁ পুৰা তিনি কুৰি বছৰ ৰজা হৈছিল। জয়ধ্বজসিংহ ৰজাই পো-প্ৰথমে হিন্দুমতে শৰণ লয়। তেওঁৰ দিনতে মিৰজুম্লাই অসম দেশ আক্ৰমণ কৰেহি। চক্ৰধজসিংহ স্বৰ্গদেৱৰ আমোলতে বিখ্যাত “শৰাইঘাটৰ মহা ৰণ” লাগে। এই ৰণেই “আহোমৰ দিনৰ গৌৰৱ” বৰকৈ চৰাইছিল। এই ৰণতে মহাবীৰ লাছিত বৰফুকনৰ বীৰত্ব আৰু ৰণকৌশলৰ ভাল চিনাকি পোৱা গৈছিল। এই ৰণ একেৰাহে ছমাহ চলিছিল। বিখ্যাত ৰণুৱা ৰজা ৰামসিংই এই ৰণত মছলমানৰ ঘাই সেনাপতি আছিল। তেওঁ আহোমৰ ঘাই-সেনাপতি লাছিত বৰফুকনৰ হাতত বিষমকৈ ঘাটি উলটি যাব লগা হয়। আৰু, এই পৰাজয়তে অভিমানী আওৰেংজেব সম্ৰাটৰ গণ্ডপ্‌ মসীমূৰ হয়। লাছিত বৰফুকন বাস্তৱতে এজন মহাবীৰ আৰু বিচক্ষণীয়া ৰণ-পণ্ডিত আছিল। আগৰ দিনীয়া অসমীয়া সেনাবিলাক ৰণবিদ্যাত সকলো পাকে পৈণত আছিল। একে অসমীয়া সেনাই মাটি-ৰণুৱা, পানী-ৰণুৱা আৰু ঘোঁৰা-ৰণুৱাৰ কাম দিব পাৰিছিল। মাটি কটা, গড় মৰা, হিলৈ মৰা, মাল-যুঁজা, চোৰাংচোৱা, ডাক চলোৱা সকলোবিধ ৰণৰ লাগতিয়াল কামত অসমীয়া সেনা পৈণত আছিল। আন কি, ৰণ-নলগা শান্তিৰ দিনত অসমীয়া ৰণুৱাই খেতি-বাতি, বেহা-বেপাৰ আৰু বিবিধ ঘৰুৱা কাম-কাজ কৰিব লগাও হৈছিল। আগৰ দিনৰ আগছোৱা আৰু মাজছোৱাত আহোম ৰজা-দিনীয়া অসমীয়া সেনাৰ নিচিনা সৰবৰহী সেনা পৃথিবীৰ ভিতৰতে বিৰল আছিল।