ভিতৰি তেওঁৰ মনৰ আশঙ্কা গুচা নাছিল। তেওঁ সদায় পেটে- পেটে ভয় কৰিছিল, জানোবা তেওঁকো আগৰ ৰজাসকলৰ দৰেই কেতিয়াবা কোনোবাই বধ কৰে। সেই কাৰণে, তেওঁৰ সেই আশঙ্কা গুচাবলৈ ৰজা হবৰ যোগ্য কোৱঁৰবিলাকক তেওঁ ধৰাই আনি ঘুণ্ লগাই ৰাজপাটৰ অযোগ্য কৰিবলৈ ধৰিলে। এই দৰেই ভালেমান যোগ্যবান কোৱঁৰক অযোগ্য কৰা হল, বাকী ৰলগৈ কেৱল গদাপাণি কোৱঁৰ। এওঁ তুঙ্গখঙ্গীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ, নাম লাঙ্গি-গদাপাণি। গদাপাণি কোৱঁৰ বৰ বাহুবলী পুৰুষ আছিল। তেওঁক দুই-চাৰিজনে বলে নোৱাৰে; গতিকে, তেওঁক ধৰি আনিবলৈ ৰজাই সৰহকৈ এজাক ৰণুৱা মানুহ পাচিলে। গদাপাণিয়ে তথাপি ভয় কৰা নাছিল। তেওঁ অকলেই সেই ৰণুৱাজাকৰ লগত যুঁজি গা সৰুৱাবলৈ সাজু হল। কিন্তু, বুদ্ধিমতী জয়মতী কুঁৱৰীয়ে সেইটো যুগুত যেন নেদেখিলে। তেওঁ কোৱঁৰক পলাই সাৰিবলৈ হে বুদ্ধি দিলে। কিন্তু, মহা অভিমানী বীৰ গদাপাণিয়ে চেনেহৰ ভাৰ্য্যাৰ সেই সজ পৰামৰ্শ দলিয়াই পেলালে। তেওঁ যুঁজিবলৈ হে সাজু হল। পিচে, কুঁৱৰীয়ে তেওঁক নানা তৰহেৰে বুজাবলৈ ধৰিলে। অৱশেষত প্ৰিয়তমা ভাৰ্য্যাৰ কাকুতি-মিনতি এৰাব নোৱাৰি, অগত্যা নগাপৰ্ব্বতৰ ফালে আঁতৰি যাবলৈ গদাপাণি মান্তি হল। ৰজাৰ মানুহ আহি পোৱাৰ আগেয়েই তেওঁ মৰমৰ ভাৰ্য্যা আৰু চেনেহৰ পুত্ৰ দুটিক এৰি বিষাদ মনেৰে ঘৰৰপৰা বাজ হল।
গদাপাণি কোৱঁৰ নিঘুণীয়াকৈ সাৰি যোৱাৰ বাতৰি পাই লৰা-