পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বুৰঞ্জীবোধ।

দমন, "লতা-কটা ৰণ” এই কেইটা ঘাই। তাত বাজেও ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত কিছুমান বিতোপন দৌল, মন্দিৰ, পকীঘৰ সজোৱা হৈছিল। সেইবোৰৰ কীৰ্ত্তিচিন এতিয়াও আছে। তাৰ ভিতৰত ৰংপুৰৰ "তলাতল ঘৰ”, গুৱাহাটীৰ “নবগ্ৰহ মন্দিৰ”,

ৰংপুৰৰ তলাতল-ঘৰ।

"বশিষ্ঠাশ্ৰম মন্দিৰ” এইবোৰ লেখত লবলগীয়া। তলাতল ঘৰৰ তলে তিনি মহলা, ওপৰে তিনি মহলা আৰু মাটিৰ সমানে এক মহল। ই এটা বৰ আচৰিত ধৰণৰ সাতমহলীয়া পকীঘৰ। মাটিৰ তলৰ এটা মহলাৰপৰা তলে তলে এটা ডাঙ্গৰ নলা বা সুৰুঙা দিখৌ