বাঢ়িবলৈ ধৰে। প্ৰজাৰ মাজত যাতে হিন্দুধৰ্ম্মৰ চৰ্চ্চা বাঢ়ে, তাৰ নিমিত্তে ৰূদ্ৰসিংহ স্বৰ্গদেৱে বৰ পুৰুষাৰ্থ কৰিছিল। অন্যায়, অধৰম, ভণ্ডামি আদি দোষে যাতে প্ৰজাক চুবলৈ নাপায়, তেওঁ তাৰ সুদিহা কৰিছিল।
ৰূদ্ৰসিংহ মহাৰজাই কোচবিহাৰৰপৰা ঘনশ্যাম নামে এজন বিচক্ষণীয়া খনিকৰ অনাই ভাল ইটাৰ পকীঘৰ,দৌল, শিলৰ সাঁকো আদি কৰাই ৰংপুৰ নগৰখন বিতোপনকৈ পাতিছিল। তাত বাজেও তেওঁ ভালেমান আলি, পুখুৰী আদি কৰাই যুগমীয়াকৈ কীৰ্ত্তিচিন ৰাখিছিল। তাৰ ভিতৰত ৰংপুৰৰ কাৰেংঘৰ, নামদাঙ্গৰ শিলৰ সাঁকো, জয়সাগৰ পুখুৰী, জয়-দৌল এইবোৰেই ঘাই। তেওঁৰ মাতৃ সতী জয়মতীক লৰা-ৰজাই যি ঠাইত বন্ধাই শাস্তি দিয়াইছিল, সেই ঠাইকে সমাজ কৰি, ১৭০০ খ্ৰীষ্টাব্দত তেওঁ, “জয়-সাগৰ” নামে এটা প্ৰকাণ্ড পুখুৰী খনালে। আৰু তাৰ পাৰতে তেওঁ জয়-দৌল নামে স্বৰ্গীয়া সতী মাতৃৰ কীৰ্ত্তিমন্দিৰ বন্ধাই দিলে। ৰূদ্ৰসিংহ স্বৰ্গদেৱৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত কছাৰি আৰু জয়ন্তীয়া ৰাজ্য দখল, জয়ন্তীয়া বিদ্ৰোহ, বিশ্বনাথৰ দৰবাৰ এইবোৰই ঘাই। পাচত কছাৰি আৰু জয়ন্তীয়া ৰজাৰ উৎপত্তিৰ কথা কওঁতে এই দুই বিষয়ে আকৌ বহলাই কোৱা হব।
শিৱসিংহ।—ৰূদ্ৰসিংহৰ পাচত তেওঁৰ বৰপুতেক শিৱসিংহ ৭১৪ খ্ৰীষ্টাব্দে ৰজা হয়। তেওঁৰ আহোম নাম চুতন্ফা। পিতৃৰ আৰ্হিৰেই তেওঁৰো হিন্দুধৰ্ম্মত বৰ মতি আছিল। তেওঁ