পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
আহোমৰ দিনৰ কীৰ্ত্তি।

দুজন ৰজা হয়। এজন প্ৰমতসিংহ, ইজন ৰাজেশ্বৰসিংহ। প্ৰমতসিংহ স্বৰ্গদেৱৰ দিনত আহোমৰ দিনৰ গৌৰৱ বঢ়োৱা কাম একো হোৱা নাই, মাত্ৰ কিছুমান দৌল, মন্দিৰ আৰু পকীঘৰ সজোৱা হৈছিল। তাৰ ভিতৰত ৰংপুৰ নগৰৰ "ৰংঘৰ” ঘাই। এই বিতোপন পকীঘৰটো ১৭৪৬ খ্ৰীষ্টাব্দত সজোৱা হৈছিল। এই ঘৰৰ ওপৰ-

ৰংপুৰৰ ৰংঘৰ।

মহলাত বহি ৰজাই মহযুঁজ, হাতীযুঁজ, পখীযুঁজ, মালযুঁজ আদি ৰং চাইছিল। পুৰণি ৰংপুৰ নগৰত এই ৰংঘৰ এতিয়াও জিলিকি আছে। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত গোটাচেৰেক ডাঙ্গৰ লেখত লবলগীয়া ঘটনা হৈছিল। তাৰ ভিতৰত ডফলাৰ উৎপাত, মিকিৰ-