নামে ঠাইত দুয়ো পক্ষৰ মাজত এখন ডাঙ্গৰ ৰণ লাগিল। ৰণত মছলমান ঘাটি পলাল। বৰফুকনে মছলমানক মনাহা নৈ পাৰ কৰি খেদি থলেগৈ, আৰু সেই নৈকে আগৰ দৰেই আহোম ৰাজ্যৰ পছিম সীমা পাতিলে। এয়ে অসমত মছলমানৰ শেহ আক্ৰমণ। ইয়াৰ পাচত আৰু সিবিলাকে আহোম ৰজাক জোকাবলৈ সাহ কৰা নাই। আৰু এয়ে অসমত মছলমানৰ ১৪শ, আক্ৰমণ। ইয়াকে “ইটাখলিৰ ৰণ” বোলা যায়। মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱেই অসমত মুছলমান আক্ৰমণৰ অন্ত পেলায়।
মহাৰাজ গদাধৰসিংহ স্বৰ্গদেৱৰ দিনত ভালেমান লাগতিয়াল আৰু প্ৰখ্যাত আলি, গড়, শিলৰ সাঁকো, দৌল, পুখৰী আদি কৰোৱা হৈছিল। তাৰ ভিতৰত ধোদৰ আলি, অঁকাৰ আলি, খঁৰা গড়, দিজৈৰ শিলৰ সাঁকো, বগী দৌল আৰু পুখুৰী, বিশ্বনাথ দৌল, উমানন্দ দৌল এই বিলাকেই ঘাই।
ৰূদ্ৰসিংহ।—গদাধৰসিংহ স্বৰ্গী হোৱাত, তেওঁৰ বৰপুত্ৰ লাই গোহাঞিদেৱ ১৬৯৫ খ্ৰীষ্টাব্দত ৰজা হয়। ৰাজপাটত উঠি তেওঁ আহোম মুতে চুখ্ৰংফা আৰু হিন্দুমতে ৰূদ্ৰসিংহ নাম লয়। হিন্দু ধৰ্ম্মত তেওঁৰ বৰ মতি আছিল। তেওঁৰ দিনৰপৰাই হিন্দুধৰ্ম্মত আহোম আসক্তি বাঢ়িল। ৰূদ্ৰসিংহ মহাৰাজে নিজে শান্তিপুৰৰ পৰা শুদ্ধ ভট্টাচাৰ্য্য গোসাঁই অনাই তেওঁত শৰণ লয়। তাৰ পাচত, তেওঁ অসম দেশৰ গোসাঁই আৰু মহন্তবিলাকক ঠায়ে ঠায়ে, থিতাপিকৈ পাতি সিবিলাকৰ জীৱিকাৰ উপায় কৰি দিয়ে। সেই সময়ৰপৰাই ৰাজকীয় বিষয়ত বামুণ আৰু কাকতীসকলৰ এক্তিয়াৰ