ভিতৰতে অৰিয়া-অৰি লগাবলৈ ধৰিলে। সেই আপাহতে, খ্ৰী: ১৬৭২ চনৰপৰা ১৬৭৯ চনলৈকে এই সাত বছৰৰ ভিতৰত ছজন ৰজাক ভঙ্গা-পতা কৰা হয়। কিয়নো, সেই কালত ৰজা হব যোগ্য কোৱঁৰ ভালেমান আছিল। কেইজনমান ডাঙ্গৰীয়া- বিষয়া এজনৰ ফলীয়া হলে, আন কেইজনমান আন এজনৰ ফলীয়া হয়। একপক্ষৰ এজন কোৱঁৰ ৰজা হলে, আন পক্ষে তেওঁক চক্ৰান্ত কৰি বধি আৰু আন এজন ৰজা পাতে। এই নিচিনা অৰিয়া-অৰিত ভালেমান নিৰ্দ্দোষী কোৱঁৰ অকালত মৰা পৰিল। যি দলৰ কোৱঁৰ ৰাজপাটত উঠে, সেই দলৰে ক্ষমতা আৰু মৰ্য্যাদা বাঢ়ে। সেই হেতুকে মন্ত্ৰীসকলৰ অৰিয়াঅৰিত অলপ কালৰ ভিতৰতে অগা-পিচাকে দুজন কোৱঁৰে অকালত আৰু অবাবত প্ৰাণ দিব লগা হয়। পাচলৈ ৰজা হবলৈ কোনো নোলোৱাত পৰিল; যাকে আগ বঢ়োৱা যায়, সেয়ে প্ৰাণৰ মমতাত পিচহোহঁকা মাৰে। শেহাস্তৰত চামগুৰীয়া ফৈদৰ চুলিক্ফা কোৱঁৰক বহুত বুজাই-বৰাই ১৬৭৯ খ্ৰীষ্টাব্দত ৰজা পতা হয়। তেওঁ নিচেই লৰাকালতে ৰজা হোৱাৰ কাৰণে, তেওঁক “লৰা-ৰজা” নামেও জানা যায়।
লৰা-ৰজাৰ আমোলত যিবিলাক ঘটনা হৈছিল, তাৰ ভিতৰত মুছলমানৰ ১৩শ, আক্ৰমণ বা “ৰঙ্গামাটিৰ ৰণ”, আৰু স্বামীৰ হৈ প্ৰাণ দিয়া মহাসতী জয়মতীৰ তনুত্যাগ এই দুটাই ঘাই।
আহোম ৰাজ্যত ৰজা ভঙ্গা-পতাৰ উৎপাত লগাৰ ছেগ বুজি মুছলমানে ১৬৮০ খ্ৰীষ্টাব্দত অসমদেশ আকৌ আক্ৰমণ কৰিলেহি।