সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
আহোমৰ দিনৰ কীৰ্ত্তি।

প্ৰথমতে গুৱাহাটীৰ লালুকসোলা বৰফুকনে গোপনে সন্ধি পাতি ৰঙ্গামাটিৰ নবাব আজমতৰাক গুৱাহাটী এৰি দিবলৈ ফল পাতিছিল। সেই কথা জনাজাত হোৱাত, তেওঁক ভাঙ্গি বন্দৰক বৰফুকন পাতি ৰণ দিবলৈ পঠিওৱা হয়। ৰঙ্গামাটিতে দুয়োপক্ষৰ মাজত এখন ৰণ লাগে। পিচে, মছলমান ৰণত ঘাটি তাৰেপৰা উলটি পলাই গল, আৰু বন্দৰ বৰফুকন গুৱাহাটীত নিগাজী হৈ ৰল।

 গদাপাণি নামে তুঙ্গ্‌‌খঙ্গীয়া ফৈদৰ এজন বৰ বাহুবলী কোৱঁৰ আছিল। জয়মতী কুৱঁৰী তেওঁৰে মৰমৰ ভাৰ্য্যা। স্বামীৰ প্ৰতি জয়মতীৰ অগাঢ় ভক্তি আছিল। স্বামীক তেওঁ নিজৰ প্ৰাণতকৈও অধিক দেখিছিল। কোৱঁৰৰ সুখেই তেওঁৰ সুখ, আৰু কোৱঁৰৰ দুখেই তেওঁৰ দুখ হৈছিল। গদাপাণি কোৱঁৰেও তেওঁৰ ভাৰ্য্যাক বৰ আদৰ কৰিছিল। কোনো কথাত তেওঁ ভাৰ্য্যাক অসন্তোষ নিদিছিল। ভাৰ্য্যাক সন্তোষ দিয়াটো তেওঁ জীৱনৰ এটা ঘাই কাম বুলি মানিছিল। জয়মতী কুঁৱৰীৰ অনুৰোধ ৰাখিবলৈ গদাপাণি কোৱঁৰে সততে প্ৰাণপণে যত্ন কৰিছিল। এনে মিলা- প্ৰীতিৰ ওপৰত সিবিলাকৰ সুখৰ সংসাৰ চলিছিল। এই সংসাৰত সিবিলাকৰ দুটি পুত্ৰ লাভ হয়। পুত্ৰ দুটিৰ এটিৰ নাম লাই, আনটিৰ নাম লেচাই। লাই গোহাঞিদেৱেই মহাৰাজ ৰূদ্ৰসিংহ; আৰু লেচাই গোহাঞিদেৱ ককায়েকৰ ৰাজ্যতে নামৰূপীয়া ৰজা হয়। এই বিষয়ে পাচত বহলাই কোৱা হব।

 লৰা-ৰজাক ৰজা পাতোঁতে যদিও অভয় দিয়া হৈছিল, তথাপি