নাম আহোম মতে চুপাত্ফা, আৰু হিন্দুমতে গদাধৰসিংহ হল, স্বৰ্গদেৱ গদাধৰসিংহ যেনে বাহুবলী, তেনে মনবলী পুৰুষ আছিল। তেওঁ লৰা-ৰজাৰ নিচিনা দুৰ্ব্বলচিতীয়া নাছিল। তেওঁ ৰাজধৰ্ম্ম পালন কৰোঁতে কাৰো মুখলৈ চাইছিল, কাৰো মমতাত নটলিছিল, কালৈকে কটাহি নকৰিছিল। এনে কি, তেওঁক ৰজা পাতোঁতে যিবিলাক বিষয়াই সহায় কৰিছল, সিবিলাককো ৰাজদ্ৰোহী বুলি দণ্ড বিহিবলৈ তেওঁ কাতৰ নহৈছিল। কাৰণ, লৰা- ৰজা ৰাজপাটত থাকোতেই আন এজন ৰজা পাতিবলৈ কাৰবাৰ কৰি সিবিলাকে ৰাজদ্ৰোহ পাপ আচৰণ কৰিছিল। ইয়াত বাজেও গদাধৰসিংহ মহাৰাজে দেশহিতকৰ ভালেমান ডাঙ্গৰ কাম সাধন কৰিছিল। সেই গুণে তেওঁ এজন বলৱন্ত, আৰু নীতিমন্ত ৰজা বুলি প্ৰখ্যাত।
গদাধৰসিংহ স্বৰ্গদেৱ বৰ ওখ-ডাঙ্গৰ, শকত-আৱত আৰু বাহুবলী পুৰুষ আছিল। সেই অনুসৰি, তেওঁৰ ভোজনো প্ৰচুৰ আছিল। দহ জন মানুহৰ আহাৰ তেওঁ অকলে খাইছিল। মহাৰাজ গদাধৰসিংহৰ আমোলত যিবিলাক ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল, তাৰ ভিতৰত মছলমানৰ ১৪শ, বা শেহ আক্ৰমণ, মিৰি- আক্ৰমণ, নগা-আক্ৰমণ এই বিলাকেই ঘাই।
মছলমানৰ শেহ আক্ৰমণ।— খ্ৰীঃ ১৬৮৩ চনত ৰঙ্গামাটিৰ নবাব মঞ্চলখাঁই অসাম আকৌ আক্ৰমণ কৰে। তেওঁ আহি গুৱাহাটীৰ শুক্ৰেশ্বৰৰ ওচৰ পাওঁতেই তাতে সন্দিকৈ বৰফুকনে আগচি ধৰিলে। তাৰ পাচত, তাৰ ওচৰত ইটাখুলি