ৰজা ভয়ত বিহ্বল হল। তেওঁ ভাবিলে যে, এতিয়া হে তেওঁলৈ টান পৰিব। কাৰণ, গদাপাণি সাধাৰণ বীৰ নহয়। তেওঁ কোনোবা মন্ত্ৰীপক্ষৰে সৈতে যোগ হৈ সোনকালে আপদ ঘটাব। এই ভাবি লৰা-ৰজাই গদাপাণিৰ বিচাৰ বেচিকৈ লবলৈ ধৰিলে। কিন্তু, কতো একো সন্ধান পোৱা নগল। অৱশেষত তেওঁ ভাবি চালে যে, জয়মতী কুঁৱৰীয়ে অৱশ্যে স্বামীৰ সন্ধান জানে। তেওঁৰ পৰা যেনে-তেনে উপায়েৰে সেই সন্ধান উলিয়াব লাগে। এই ভাবি, লৰা-ৰজাই নানা ভাউতিৰে জয়মতী কুৱঁৰীক সোধালে, কিন্তু তাৰ একো গুণ নধৰিল, জয়মতীয়ে স্বামীৰ সন্ধান নিদিলে। তাৰ পাচত, ৰজাই তেওঁক ৰাজসভাত উপস্থিত কৰাই নানা তৰহৰ ভয় দেখুৱাই সুধিলে; তথাপি জয়মতী অলপো নটলিল, তেওঁ স্বামীৰ সন্ধান নিদিওঁ বুলি নিৰ্ভয় মনেৰে সমিধান দিলে। শেহান্তৰত ৰজাই নিৰুপায় হৈ আজ্ঞা দিলে যে, জয়মতীক বান্ধি শান্তি কৰি যেনে-তেনে উপায়েৰে তেওঁৰপৰা গদাপাণিৰ সন্ধান উলিয়াবই লাগিব।
ৰজাৰ আজ্ঞা মতে জয়মতী কুৱঁৰীক জেৰঙ্গা পথাৰলৈ নিয়া হল। তাতে চাওদাঙ্গে তেওঁক খুটাত বান্ধি নানা শাস্তি দিবলৈ ধৰিলে। নিতে ন-ন শাস্তি দি সোধা হয়, কিন্তু জয়মতীয়ে ভুলতো স্বামীৰ সন্ধান নিদিয়ে। এদিন-দুদিনকৈ একেৰাহে চৈধ্য দিন তেওঁ শান্তি ভুঞ্জিছে, সেই শাস্তি দেখি সকলোৱে বিস্ময় মানিছে, তথাপি জয়মতীয়ে কেৰেপকে কৰা নাই, তেওঁ প্ৰাণ থাকেমানে স্বামীৰ সন্ধান নিদিয়ে। অনেকে সহিব নোৱাৰি বুজনি দিয়ে যে, তেওঁ