এতিয়া নিজে ধৰাদি সকলো নাশ কৰে। ইয়াকে গুণি কুৱঁৰীয়ে টানিমানি ধৈৰ্য্য ধৰি, কোৱঁৰক সঙ্কেতত কাতৰ ভাৱে জনালে যে, তেওঁ যেন সোনকালে আঁতৰি যায়। মৰমৰ ভাৰ্য্যাৰ অতি কাতৰ ভাৱৰ সঙ্কেতত ৰব নোৱাৰি গদাপাণি অগত্যা তাৰপৰা আঁতৰ হল। শেহান্তত, ১৬৫১ শঁকৰ ১৩ চ’তত মহাসতী জয়মতীয়ে স্বামী-গুৰুৰ চৰণ চিন্তি, সেই শান্তিৰ ঠাইতে তনু ত্যাগ কৰি শান্তিধামলৈ প্ৰয়াণ কৰিলে। পৃথিবীত আজি সতী জয়মতী নাই, কিন্তু তেওঁক শাস্তি দিয়া ঠাইত আজিও “জয়সাগৰ” আৰু “জয়-দৌল” এই দুটি অভগন কীৰ্তি-চিন্ জিলিকি আছে। আজিকালি বছৰি চ’তমাহৰ সেই তিথিত সেই পুণ্যসলিলা “জয়সাগৰত” তীৰ্থস্নান কৰি “জয়মতী-তিথি” পালন কৰা হয়।
গদাধৰ সিংহ।—পত্নীৰ বিয়োগত গদাপাণিৰ মন উদাস হল। তেওঁ বিপদৰ ভয় পাহৰি যতে-ততে ফুৰিবলৈ ধৰিলে। সেই দৰে অনাই-বনাই ফুৰি ফুৰি শেহত তেওঁ গুৱাহাটীত ওলালগৈ। গুৱাহাটীত তেতিয়া বন্দৰ বৰফুকন আছিল। বন্দৰ বৰফুকন গদাপাণিৰ আপোন ভিনিহিয়েক। তেওঁ গদাপাণিক পাই সামৰি ধৰিলে। লৰা-ৰজাৰ আচৰণত বৰফুকন আগৰেপৰা বিতুষ্ট হৈ আছিল। ৰাজধানীতে সেই বাবে অশাস্তি হৈছিল। গতিকে সেই ছেগতে গদাপাণিক লৈ বৰ বৰফুকন গড়গাওঁ-নগৰত উপস্থিত হলগৈ। বৰফুকনৰে সৈতে ডাঙ্গৰীয়া-বিষয়া সকলো লগ লাগিল। সকলোৱে মিলি লৰা-ৰজাক ভাঙ্গি, ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি কোৱঁৰক ৰজা পাতিলে। ৰজা হোৱাৰ পাচত, গদাপাণিৰ