পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
বুৰঞ্জীবোধ।

স্বামীৰ কথা কৈ দি ৰক্ষা পৰক, কিন্তু জয়মতীয়ে তেনে উপদেশলৈ কটাহিকে নকৰে। শেহত ছদ্মবেশ ধৰি গদাপাণি নিজে ওচৰ চাপিলহি। কোৱঁৰে ছেগ বুজি ওচৰ চাপি কেইবাবাৰে তেওঁৰ সন্ধান দিবলৈ কুৱঁৰীক অনুৰোধ কৰিলেগৈ, কিন্তু জয়মতীয়ে সেই

জয়সাগৰ-দৌল।

ফালে আওকাণ কৰি একোকে নকলে। তাৰ পাচত, ঘুৰি ঘুৰি ওচৰ চাপোঁতে জয়মতীয়ে কোৱঁৰক চিনি পালে। তেতিয়া হে তেওঁ শোকত বিহ্বলা হল। তেওঁ ভাবিলে যে, যাৰ নিমিত্তে তেওঁ অত শাস্তি, অত লাঞ্ছনা, অত সন্তাপ সহিছে, সেই স্বামীয়েই