দক্ষ-যজ্ঞ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দক্ষ-যজ্ঞ
লেখক বেণুধৰ ৰাজখোৱা
[  ]

দক্ষ-যজ্ঞ
⸻⸻
শ্ৰীবেণুধৰ ৰাজখোৱা, বি-এ,
দ্বাৰা ৰচিত
মঙ্গলদৈ



প্ৰথম তাঙ্গৰণ।



কলিকাতা,
৬ নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেখ আবদুল লতিফ দ্বাৰা মুদ্ৰিত ও
প্ৰকাশিত

১৯০৮।

বেচ্‌ আধলি মাথোন

[  ] [  ]

দক্ষ-যজ্ঞ।

শ্ৰীবেণুধৰ ৰাজখোৱা, বি-এ,
দ্বাৰা ৰচিত
মঙ্গলদৈ



প্ৰথম তাঙ্গৰণ।



দক্ষ-যজ্ঞ (page 3 crop)

কলিকাতা,
৬ নং কলেজ-স্কোয়াৰ, সাম্য যন্ত্ৰত,
সেখ আবদুল লতিফ দ্বাৰা মুদ্ৰিত ও
প্ৰকাশিত

[  ] [  ]
দক্ষ-যজ্ঞ (page 5 crop)

দক্ষ-যজ্ঞ।

প্ৰথম অঙ্ক।

প্ৰথম দৰ্শন। দক্ষ ৰাজাৰ সভা।
(দক্ষ, মন্ত্ৰী, সভাসদবৰ্গ উপবিষ্ট )।

দক্ষ।— এটি গুৰুতৰ বিষয়ে আজি মই তোমালোকেৰে সৈতে পৰামৰ্শ কৰিব খোঁজো। তোমালোকে সদপৰামৰ্শ দি মোৰ বুকুৰ শেল উভালিব লাগে।

মন্ত্ৰী।—মহাৰাজ, আপোনাৰ ইঙ্গিততে অনেক অনেক মহৎ ব্যাপাৰ সংঘটিত হব লাগিছে। কি এনে বিষয় আছে, যাক আপুনি হেন মহাপুৰুষে কৰিব নোৱাৰে। আমি ইমান বিলাক আপোনাৰ আজ্ঞানুবৰ্ত্তী থাকোঁতে আপোনাৰ মনত কিহৰ দুখ হব পাৰে। হে প্ৰজাপতি, আপোনাৰ কথা শুনি দৰাচলে মই বৰ আচৰিত মানিছোঁ। আপোনাৰ কি কব লগিয়া আছে, শীঘ্ৰে [  ] কওক। আামি প্ৰাণটাকি আপোনাৰ আদেশ প্ৰতিপালনৰ চেষ্টা কৰিম।

দক্ষ।—ত্ৰিদশ দেৱতাৰ কল্যাণাকাঙ্খী মহাযজ্ঞত মই উপস্থিত হোৱা মাত্ৰে সভাস্থলীৰ সকলোৱে উঠি মোক সম্ভ্ৰম কৰিলে, কিন্তু শিৱই আন কি আসন পৰিত্যাগ নকৰিলে। ইয়াত্‌‌‌‌কৈ আৰু দুখৰ বিষয় কি হব পাৰে?

মন্ত্ৰী।—ৰাজন, যদি সেয়ে হয় তেনেহলে বেজাৰ কৰিবৰ নিমিত্তে আপোনাৰ সম্পূৰ্ণ অধিকাৰ মাছে। আপুনি সকলো প্ৰকাৰেৰে শিৱতকৈ শ্ৰেষ্ঠ। আপোনাৰ প্ৰতি শিৱৰ এনে দুৰ্ব্ব্যৱহাৰ কম্মিন্‌ কালেও উপেক্ষণীয় নহয়।

দক্ষ।— কোৱা মন্ত্ৰী, তেনেহলে এতিয়া আমাৰ কি উপায় আছে। প্ৰতিহিংসা জুইয়ে মোক পুৰি দেই মাৰিব লাগিছে। হে মতিমান্, অপমানতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ

মন্ত্ৰী।—সভাসদ্‌ সকল, তোমালোকে কোৱাছোন, কি উপায় অৱলম্বন কৰিলে মহাৰাজাৰ অপমানৰ প্ৰকৃত প্ৰতিশোধ লোৱা হব।

১ম সভাসদ্‌।—শিৱক অনাচাৰী বুলি ত্ৰিভুবনে জানে। তেওঁ বাহিৰত সাধু বোলাই ফুৰে, কিন্তু ভিতৰি জঘন্যয কাৰ্য্য কৰিবলৈও কুণ্ঠিত নহয়। তেওঁ অমাবস্যা ৰাতি খেৰেচ ভূত পিশাচ বিলাকেৰে সৈতে নাঙ্গঠ হৈ শ্মশানশালিত অতি বীভৎস নৃত্য কৰে। মহাৰাজ, কোনো গুৰুতৰ বিষয়ৰ ফাঁকতি কৰি, আপুনি আৰু মহাৰাণী যদি হঠাৎ কোনোৱে গম নোপোৱাকৈ সেই ঠাইত উপস্থিত হয় গৈ আৰু সেই মুহূৰ্ত্ততে পূৰ্ণকলাবিশিষ্ট হৈ চন্দ্ৰ দেৱতাক আকাশত [  ] আবিৰ্ভূত হবলৈ আজ্ঞা দিয়ে, তেনেহলে ভাবি চাওক অপমানত শিৱ মৰণান্তিক নহবনে।

২য় সভাসদ্‌।—হে ৰাজশ্ৰেষ্ঠ, বিষ্ণু আপোনাৰ পৰম সুহৃদ। ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিওকো এদিন কোনো কাৰ্য্যোপলক্ষে নিমন্ত্ৰণ কৰক। বিষ্ণুৰ বাহন গৰুড়-পক্ষীক দেখা মাত্ৰে শিৱৰ কঁকালৰ টঙ্গালি সৰ্পৰাজ উদ্ধৰ্শ্বাসে পলায়ন কৰিব। তেতিয়া বাঘ ছালৰ কৌপীন খহি পৰিব। বাঘছাল দেখা মাত্ৰে তেওঁৰ বলদয়ে ভিৰাই ধৰি লৰ মাবিব। তেতিয়া তেওঁ উল্লঙ্গঠ হৈ ঢাঁচ কৰে মাটিত পৰিব। মহাৰাজ, শিৱই এনে অপমান ক’ত থব।

৩য় সভাসদ্‌।—হে প্ৰজাপতি, শিৱ জিতেন্দ্ৰীয় বুলি প্ৰখ্যাত। আপুনি বহুমায়ী বিষ্ণুক অনুৰোধ কৰক, তেওঁ যেন অনুপম জগদ্ভাসন মোহিনীৰূপ ধাৰণ কৰি যোগীবৰ শিৱক মদন বিহ্বল কৰে। তেতিয়া। তেওঁ নিতান্ত বহুবিধ কাম চেষ্টা প্ৰকাশ কৰিব। তেনেতে বিষ্ণু অন্তৰ্হিত হৈ তেওঁৰ চৈতন্য উৎপাদন কৰিব। তেতিয়া শিৱৰ যি অপমান বোধ হব, মহাৰাজ, তাৰ তুলনা নহব।

মন্ত্ৰী।—হে ৰাজন, মোৰ মনেৰে এই বিলাক এটিও প্ৰতিহিংসাৰ প্ৰকৃষ্ট উপায় নহয়। শিৱই শ্মশানত নাচি ফুৰে, সঁচা কথা, কিন্তু তেওঁ চুৰ কৰি এই কাৰ্য্য নকৰে—শ্মশানশালিলৈ আন কোনো লোকৰ যাবৰ বাধা নাই। আন কোনো লোকে সেই নাচ দেখিলে কেতিয়াও তেওঁ তাত অপমান বোধ নকৰে। আৰু শিৱৰ গাৰ ভস্ম-ধূলি পৰি তেওঁৰ সাপৰ চকুত নিশ্চয় দোষ ঘটিছে— পক্ষী দেখি সি কেতিয়াও নপলায়। তৃতীয় [  ] উপায়টিৰ বিষয়ে কবলগীয়া কথা মোৰ এয়ে আছে, যে দেৱাগ্ৰগণ্য ভগবান্ বিষ্ণুৱে স্বয়ং মোহিনীৰূপ ধৰি তেওঁক বিমুগ্ধ কৰিব, তাত আৰু তেওঁৰ অপমান কি?

দক্ষ ।— মন্ত্ৰী, কোৱাঁচোন, তোমাৰ মনেৰে বিশিষ্ট উপায় কি?

মন্ত্ৰী ।— হে দেৱপতি, কোনো উৎসবোপলক্ষে এটি নৃত্য-ক্ৰিয়াৰ অনুস্থান কৰক। তালৈকে সকলো দেৱতাক নিমন্ত্ৰণ কৰক। অপ্সৰীবিলাকে দিব্য বেশ-ভূষাৰে নাচ কৰিব। আনন্দ-মণ্ডপ মনোহৰ লতা-পুষ্পেৰে সুসজ্জিত হব স্বয়ং ৰতি আৰু মদন উপস্থিত থাকি কামভাব সঞ্চালন কৰিব। মৃদু বায়ু বলি থাকিব। আকাশত পূৰ্ণচন্দ্ৰৰ প্ৰকাশ হব। শিৱক অতিশয় সমাদৰ কৰিব লাগে। তেওঁ বহিবৰ নিমিত্তে সাগৰ ফেনৰ নিচিনা কোমল আসন দিব লাগে। দুপিনে দুজনা পৰি থিয় হৈ চন্দনৰ বিচনীৰে বিচি থাকিব। গন্ধৰ্ব্বৰ সুললিত বাদ্যধ্বনি কৰ্ণকুহৰ ভেদ কৰি মম্মস্থান অধিকাৰ কৰিব। নাচোনৰ উশাহত অপ্সৰীৰ পিন্ধা কাপোৰ উৰিবলৈ ধৰি অঙ্গ-লাৱণ্য বিজুলী চমকৰ দৰে গোটেই ঠাই পোহৰ কৰিব। এনে অৱস্থাত মহাযোগী শঙ্কৰৰো ধৈৰ্য্যচুতি ঘটিব — তাত কোনো সন্দেহ নাই। সেই সময়ত কাম চেষ্টা প্ৰকাশ কৰিলে, তেওঁ দেৱ সমাজৰ অতীব হাস্যাস্পদ হব। তেতিয়া তেওঁৰ পক্ষে বহুগৰ্ব্বী 'জিতেন্দ্ৰীয়’ নাম কেৱল ঘৃণা ব্যঞ্জক গালি হব।

দক্ষ |— মন্ত্ৰীবৰ, তোমাৰ বুদ্ধি প্ৰশংসনীয় বুলিব লাগে। কিন্তু যদি সিমানতো শিৱ বিচলিত নহয়, তেতিয়া আমাৰ সকলো চেষ্টা পণ্ড হব। মই প্ৰতিহিংসাৰ এটি উপায় ভাবি উলিয়াইছোঁ — কিমান কাৰ্য্যকৰ হব, কব পৰা নাই। মই ভাবিছোঁ, শিৱই [  ] যেনেকৈ অসংখ্য লোকৰ আগত যজ্ঞ স্থলত মোক অপমান কৰিলে, ময়ো তেনেকৈ মহাযজ্ঞ পাতি ততোধিক তেওঁৰ সুপ মান কৰিম। ঘঙ্কলৈ স্বৰ্গ মৰ্ত্ত্য পাতাল ত্ৰিভূবনবাসীক নিমণ কৰিম—কেৱল শিৱক নিমন্ত্ৰণ নকৰো। সভাসদবৰ্গ ।–মহাৰাজ, আামাৰ মনেৰে ইয়াতেকৈ আক ভাল উপায় হব নোৱাৰে। মূঢ়ী।–এয়ে বিশিষ্ট উপায়। এতেকে, হে ৰাজন, আপুনি শিবহীন বজ্ঞৰ আয়োজন কৰক । (গান গাই গাই নাৰদৰ প্ৰবেশ।) নাৰদ । ৰাগিণী খাম্বাজ-তাল একতাল।। জয় জগ-তাৰ•, জগত-জীৱন, জগদীণ জগ-মোহন হে। তুমি পৰাৎপৰ, পৰমঈশ্বৰ, পৰমাত্মা পৰ-কাৰণ হে। বিশ্ব-বিয়াপক, বিভূতি-নাঃক, বিপদ ভয়-বাৰণ হে। তুমি দেবোত্তম, সত্ব ৰজতম, গুণগণ অবলম্বন হে ॥ দক্ষ ।—দেবর্ষি মোৰ বৰ ভাগ্য, তুমি এনে সময়ত আহি উপস্থিত হলাছ। তোমাক এাট কামৰ ভাৰ নিওঁ, আশা কধেী৷ তুমি অলপ কর স্বীকাৰ কৰি মোৰ অনুৰোধ ৰক্ষা কৰিবা। বোপা, দেৱ যজ্ঞত শিৱই মোৰ যি অপমাননা কৰিলে, তাৰ প্ৰতিশোধ লবৰ নিমিত্যুে যই এটি শিবহীন যজ্ঞ পাতিছোঁ। শিবত বাজে ত্ৰিভুবন বাসীক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰিম। তুমি অনুগ্রহ কৰি সকলোকে নিমন্ত্ৰণ কৰিবগৈ লাগে। তোমাত বাজে এনে গুৰুতৰ বিষয় সম্পাদন কৰোঁতা আৰু আন কোনে। নাই । মাৰণ ।--আপোনাৰ আজ্ঞা৷ অৱশ্যে মই প্রতিপালন কৰিম। কিন্তু, হে [ ১০ ] ৰাজন্, শিৱহীন যজ্ঞৰ নাম শুনি মোৰ মন বিচলিত হৈছে। পৰাক্ৰান্ত প্ৰমথাধিপতি শিৱক অপমান কৰিলে কিজানি অমঙ্গল ঘটে, মোৰ মনত এনে আশঙ্কাই ঠাই পাইছে। বিশেষকৈ তেওঁ যজ্ঞেশ্বৰ, তেওঁ নহলে আপোনাৰ যজ্ঞ ফল অসম্পূৰ্ণ হব। তেওঁ আপোনাৰ জোৱাঁই হয়, তেওঁক নিমন্ত্ৰণ নকৰাটো প্ৰশংসনীয় কাৰ্য্য নহব। এনে মহোৎসৱত আপোনাৰ কন্যা সতী নাহিলে মহাৰাণী মৰ্ম্মাহতা হব। মহাৰাজ, এই যজ্ঞৰ দ্বাৰা শিৱৰ হানি হব পাৰে, কিন্তু আপোনাৰ হানি ততোধিক হব। নিজৰ জীয়েক আৰু জোৱাঁয়েকক অপমান কৰাত আপোনাৰ একো যশস্যা নাই। মান-ৰক্ষাৰ নিমিত্তে কুটুম্বৰ আৱশ্যকতা, শিৱই অপমান কৰাৰ বাবে আপুনিও তেওঁক অপমান কৰিব এইটি প্ৰশস্ত হদয়ৰ কাম নহয়। হিংসাৰ প্ৰকৃত প্ৰতিশোধ ধৈৰ্য্য, ক্ষমা আৰু প্ৰেম। নহলে এদিন অকলে শিৱক আপোনাৰ অপমানৰ বিষয় ভাঙ্গি কৰ, আৰু আৱশ্যক হলে ভৰ্ৎসনাও কৰিব কিন্তু এই দৰে ত্ৰিভুবনবাসীৰ আগত তেওঁক অপমান নকৰিব। তেওঁক সকলো বিবৰণ জানিবলৈ দিলে, তেওঁ কোনো উপায়েৰে ত্ৰিভুবনবাসীৰ আগত আপোনাক বিশিষ্ট সন্মান পুনৰ প্ৰতিপন্ন কৰিব পাৰে। মহাৰাজ, ধুৰুপ বুজিব, শিৱই ইচ্ছা কৰি আপোনাক অপমান দিয়া নাই। তেওঁ কেতিয়াও নেজানিছিল যে সেই কাৰ্য্যৰ দ্বাৰা আপোনাৰ অপমান হব।

 

দক্ষ ।— নাৰদ, মই সকলো বুজিছোঁ। এই বিষয়ে তুমি আৰু একো কব নেলাগে। মই ভাল কৈ জানো, শিৱই মোক জানি-শুনি অপমান দিছে। যি যেনে কাৰ্য্য কৰে, সি তাৰ ফলভোগ [ ১১ ] কৰিব। তাত মোৰ কি দোষ হব? যি নিজৰ মান -ৰক্ষাৰ নিমিত্তে পৰিযত্ন নকৰিব, তাৰ জীৱন তৃণবৎ-তুচ্ছ। আত্মসন্মান অক্ষুন্ন ৰাখিব নোৱাৰিলে প্ৰণধাৰণ মিছা। সমাজ-বিধি সৰ্ব্বতোমুখী হব লাগে — কুটুম্ব বুলি মই শিৱৰ দোষ কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কুটুম্বৰ প্ৰতিও দোষৰ সমুচিত দণ্ড বিধান কৰাটো বীৰোচিত কাৰ্য্য। মই দৃঢ়সঙ্কল্প কৰিছোঁ, শিৱহীন যজ্ঞ পাতিম, ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি সমুদায় দেৱতা মোৰ সহায় থাকোঁতে, প্ৰেতাধিপতি শিৱৰ পৰা মোৰ কি অনিষ্টৰ আশঙ্কাঁ হব পাৰে? মই ঠিক কৰিলোঁ, শিৱই কেতিয়াও বস্তু ভাগ নেপায়। মানিছোঁ যজ্ঞেশ্বৰ নহলে যজ্ঞফল অসম্পূৰ্ণ হব পাৰে; কিন্ধ মই ফলাকাঙ্ক্ষী নহওঁ। শিৱৰ অপমান হলেই মোৰ মনোৰথ পৰিপূৰ্ণ হব।

নাৰদ। — মহাৰাজ, আপুনি যেতিয়া যজ্ঞ পাতিবলৈ ঠাৱৰ কৰিলে, তেনেস্থলত মোৰ অধিক বাক্যব্যয়ৰ একো প্ৰয়োজন নাই। আপোনাৰ আদেশ মই অৱশ্যে মানিম। ত্ৰিভুবনবাসীক অনতিবিলম্বে নিমন্ত্ৰণ কৰি, পুনৰ আপোনাৰ গুৰিত উপস্থিত হম হি।

দক্ষ। — এতিয়া সভা-ভঙ্গ কৰা যাওক। মন্ত্ৰী, এটি বিচিত্ৰ যজ্ঞ-ঘৰ সাজিব লাগে। আৰু সমুদায় যজ্ঞসম্ভাৰ যুগুত কৰিব লাগে। সভাসদ সকল, তোমালোকে সকলোৱে এইবিলাক কাৰ্য্যত মন্ত্ৰীক বিশেষৰূপে সাহায্য কৰিবা।

মন্ত্ৰী। — ভাল মহাৰাজ, আপোনাৰ অভিলযিত যজ্ঞ মণ্ডপ প্ৰস্তুত হব। আৰখশ্যকীয় সকলো যজ্ঞ-সম্ভাৰ অতি শীঘ্ৰে মই আহৰণ কৰিম। [ ১২ ] সভাসদবৰ্গ। — হে প্ৰজাপতি, আমি প্ৰাণপনে আপোনাৰ কাৰ্য্যত সাহায্য কৰিম।

[ দক্ষ মন্ত্ৰী আৰু সভাসদবৰ্গৰ প্ৰস্থান।
 

নাৰদ। — মহাৰাণীয়ে শিৱহীন যজ্ঞৰ কথা শুনি আজি মৰণান্তিক হব। মই যোৱাৰ পূৰ্ব্বে তেওঁক এবাৰ দেখা কৰি অলপ আশ্বস্তা কৰিব লাগে।

[ প্ৰস্থান
 

 

দ্বিতীয় দৰ্শন। — অন্তঃপুৰ।
(দক্ষ আৰু প্ৰকৃতি উপবিষ্ট।)

প্ৰসূতি। —

ৰাগিণী মনহৰসই মিশ্ৰিত — তাল ঠেকা।
কি দাৰুণ বাতৰি॥
সুৰ অসুৰ, আহি ই স্থানে,
মহাযজ্ঞ চাব, সুখ-প্ৰাণে,
বিষাদ-বিহবলা, সতী হায় অজলা,
যাব খোজে মোৰ বুকু বিদৰি॥

প্ৰসূতি। — হে প্ৰাণনাথ, মহাযজ্ঞত মোৰ সতী নাহিব, এই চিন্তাই মোৰ বুক সাতফাল কৰিছে। নাথ, এনে নিদাৰুণ যজ্ঞ কিয় পাতিলে?

দক্ষ। — ৰাণী, ইয়াৰ কাৰণ অপমানৰ প্ৰতিশোধ, মানীৰ মান ৰক্ষা দোষীৰ সমুচিত দণ্ড। মই এই বাবে একো জগৰীয়া নহওঁ। [ ১৩ ] প্ৰসূতি। — মহাৰাজ, নুমলীয়া জী সতী নাহিলে মোৰ প্ৰাণ অন্ত হব।

দক্ষ। — দেবী, কাৰ্য্যক্ষেত্ৰত বেজাৰৰ ঠাই নাই।

প্ৰসূতি। ৰাজন, আপুনি এবাৰ ভাবি চাওক, এনে মহোৎসবত নিজৰ জীয়েক নেথাকিলৈ মাকৰ মনত কেনে গভীৰ পৰিতাপ হব পাৰে।

দক্ষ। — প্ৰসূতি, ভাবৰ সোঁতত কাৰ্য্য শিথিল হয় — কাৰ্য্যপ্ৰবাহত তাৰ মন্দীভূত হয়। মোৰ দৃঢ় প্ৰতিজ্ঞা হল, শিৱহীন যজ্ঞ হব — ৰাণী মোৰ সিদ্ধান্তৰ বিৰুদ্ধে তুমি আৰু একো কথা উত্থাপন নকৰিবা। মই এতিয়া যাওঁ, পুৰোহিত ভৃগুমুণিক মতাই আনি তেওঁক যজ্ঞানুষ্ঠাঘৰ ভাৰ দিব লাগে।

[ দক্ষৰ প্ৰস্থান।
 

প্ৰসূতি। —

ৰাগিণী পিল্ — তাল যৎ।

নেজানে৷ কপালে মোৰ বিধিয়ে কি লিখিলে,
এনুৱা যাতনা হাঁয় হৃদয়ত থাপিলে।
প্ৰাণসম তুনি সতী,   হব কি তোমাৰ গতি,
নিদাৰুণ মোৰ পতি এনে যজ্ঞ পাতিলে।

( নাৰদৰ প্ৰবেশ। )

 বোপা, তোমালোকে শিৱইীন যজ্ঞ পাতিছা। মোন সতী যজ্ঞলৈ নাছিলে মোৰ প্ৰাণ অথিব হব।

নাৰদ – বৌদেও, মই কি কৰিম। শিৱক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে দাদাক ইনান কৈ খাটিলোঁ তথাপি তেওঁ আমাৰ কথা নুশুনিলে। মোক ত্ৰিভুবনবাসীক নিমন্ত্ৰণ কৰিবলৈ পঠি[ ১৪ ] য়াইছে। দদাৰ আজ্ঞা পালিবই লাগিব। এই যজ্ঞৰ পৰিণাম কি হব গৈ, কোনে কব পাৰে।

প্ৰসূতি। — দেৱৰ্ষি, যদিও দদাৰে তোমাক কৈলাসলৈ যাবলৈ হাক দিছে, তথাপি একেসাৰ মোৰ কথা শুনি, এবাৰ সতীৰ ঘৰলৈ যাবা। মোৰ সতীক ইয়াকে কবা, “যজ্ঞত তোমাক নেদেখিলে, তোমাৰ মাৰ আৰু জীয়াই নেথাকে।" মাকৰ ঘৰলৈ জীয়েক আহিবৰ নিমিত্তে একো নিমন্ত্ৰণ নেলাগে।

ৰাগিল ভৈৰবী—তাল আড়াঠেকা।

নাৰদ, ৰাখিবা মোৰ এই মিনতি,
জনাবা সতীক দুখিণীব কি গতি।
পৰাণৰ জবী বোব,   ছিগি-ভাগি যাব মোৰ,
যদি নেদেথিম মই চেনেহী সতী।

নাৰদ। —

ৰাগিণ জলা —তাল যৎ।

ওহে মহাৰাণী,
নোবোলাঁ নোবোলাঁ এনে কাতৰ-বাণী।
যাওঁ মই কৈলাশলৈ,   ই বাতৰি জনাওঁ গৈ,
নেকান্দা নেকান্দা, মোছাঁ চকুৰপাণী।

[ নাৰদৰ প্ৰস্থান।
 

প্ৰসূতি। — গাটো অবশ লাগিছে — অলপপৰ বিছনাত পৰি থাকেোঁ গৈ।

[ প্ৰস্থান।
 
[ ১৫ ]

দ্বিতীয় অঙ্ক।

প্ৰথম দৰ্শন ।—কৈলাসপুৰী।

(যোগ-ধ্যানত শিৱ উপবিষ্ট।)

গীত গাই গাই নাৰদৰ প্ৰবেশ।

নাৰদ ।-

ৰাগিণী খাম্বাজ—তাল এক তালা।
হৰি-প্রেমত নাচিছে অন্তৰ,
বাজিছে প্রেমৰ বীণা।
চিঞৰি চিঞৰি গোৱাঁ হৰি নাম,
আজি আনন্দৰ দিনা॥
তৰু তৃণ লতা, দেখোঁ যত মান,
উল্লসিত হেৰা গাই প্রেম-গান,
বিশ্ব-জগতত প্ৰেমৰ তৰঙ্গ,
একো নাই প্রেম বিনা ৷

শিৱ ।-( ধ্যান ভঙ্গ হৈ )।

ৰাগিণী মিশ্ৰিত-তাল একতালা।
গোলোক-পতি পৰমেশ্বৰ প্ৰেম-আনন্দ হৰি।
জগত জন তাৰিছা মহিমা প্ৰকাশ কৰি॥
কৃষ্ণনাম কৃষ্ণনাম, কৃষ্ণনাম হোঁৱা মোৰ মন।
মঙ্গলকাৰী পাপ তাপ হাৰী পতিত জন পাবন।
নাৰদ, সংবাদ কি ?

[ ১৬ ] ( ১২ )

নাৰদ ।—প্ৰভু এটী দুখৰ বাতৰি আছে। মহাৰাজা দক্ষই এটি যজ্ঞ পাতিছে। ত্ৰিজগতবাসীক নিমন্ত্ৰণ কৰিছে। হে যজ্ঞেশ্বৰ, কেৱল আপোনাক সেই যজ্ঞলৈ নিমন্ত্ৰণ নকৰে।

শিৱ ।—দেৱৰ্ষি ই একো দুখৰ বাতৰি নহয়।

 ৰাগিণী জংলা—তাল যৎ।
হৃদয়ত অবিৰাম, জপো মই হবিনাম,
হৰি জগতৰ সাৰ, ধৰ্ম্ম অৰ্থ মোক্ষ কাম।
হৰি শাস্তি হৰি গতি, হৰি মোৰ বুদ্ধিমতি,
হৰি হে পৰমানন্দ, হৰি মোৰ স্বৰ্গধাম॥
হৰি মোৰ যজ্ঞকুওহৰি মোৰ ঘূত-ভাণ্ড,
হৰি মহা যজ্ঞ মোৰ, হৰি অস্তৰে চাম॥
হৰি স্ব শ্ৰচ জোব, হৰি পুৰোহিত মোৰ।
যজ্ঞৰ সম্ভাৰ হৰি, হৰি যজ্ঞফল পাম!

aে7 প্ৰছ, যথাৰ্থ কথা, হৰি বিনে সান ঘঞ কেলৈ? তে চিদানন এতিয়া বিদাঙ্গ মাগিলো। আপোনাক দেখি আজি মোৰ গুণ ৰ প্ৰেমৰ সোতত উটি গৈছে। ক্সিং।—ডাণ দাবদ. যোiট। [ শিৱৰ গুনৰ্বাৰ ধ্যান আৰম্ভ। আ*থৰ!

ৰাগিণ খাম্বাজ—তাল একতাল।।
প্ৰেম-কানাই, মুখে ফুৰ গাই,
নাচি নাচি বাহু তুলি।
বিশ্ব কৰি দিয়া, প্ৰেম-মতলীয়া,
এৰি হৰি হৰি বুলি। { নাথদথ প্ৰস্থান।

[ ১৭ ] ১৬ )

দ্বিতীয় দৰ্শন।—শিৱালয় ( অন্তঃপুৰ ) ; ( সতী উপবিষ্ট। নাৰদৰ প্ৰবেশ।) সতী ।“দেবষি, আস্থা আসন গ্রহণ কর্ধা। আমাৰ বৰ ভাগ্য, আমি তুমি কৈলাশলৈ আহিলা । ঋষিৰাজ, কিবা বাতৰি আছেনে কি ? নাৰদ ।--হে মাতৃ, মহাৰাজা দক্ষই এটি যজ্ঞ পাতিছে। তালৈকে চৰাচৰ জগতক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে মোক পাঠাট দিছে। সতী৷ ।–নাৰ্য, শুভ বাতৰি । আহা, কেনে মূধৰ সম্বাৰ। মই মোৰ আইক চাবলৈ পামগৈ, ইয়াতকৈ আৰ আননাৰ বিষয় কি আছে । aা বৰ ।–হে দেবীঅপৰাধ মাৰ্দনা কৰিব। জাপোনাৰ পিতা শিৱহীন যজ্ঞ পাতিছে। শিৱক নিমন্ত্ৰণ কৰিবলৈ মহাৰজা মোক হাক দিছে। যত । নাগিণ জ:ল|তাল যং। কিয় হে নাৰদ মোৰ সুখ-স্বল্প কাঢ়ি নিলা । দাৰুণ বাতৰি হায় কিয় আহি মোক দিল । কি কথা নোলা মোক, দহিছে বিষম শোক, জানো জন্ত হব মোৰ এই জীৱনব লীলা । হে মহামুনি, কোৱাচোন, কি কাৰণে পিতাই এনে চৰণ। কৰিছে। নাৰদ । -ভূত ৰাজৰ যজ্ঞ মহাদেৰে উপাসন অধিৰ বৰ’ কৰাত দক্ষ [ ১৮ ] ৰাজে অপমান বোধ কৰিলে। সেই অপমানৰ প্ৰতিশোধৰনিমিত্তে এই যজ্ঞৰ অনুষ্ঠান।

সতী। — দেবষি, আইক চাবৰ নিমিত্তে বৰ আশা কৰিছিলোঁ। হায়, হায়, আৰু মোৰ সেই আশা পূৰ্ণ নহয়! এনে মহোৎসৱত মই আইৰ ঘৰলৈ যাবলৈ নেপাওঁ — ইয়াতকৈ আক বেজাৰৰ কথা কিবা আছেনে। এই বিষয়ে কাৰো দোষ নাই। সকলো নে নিজৰ কপালৰ লিখন। কিন্তু হে মুনিবৰ, এনে শুভ দিনত মই আইৰ চৰণ-সেৱা কৰিবলৈ নেপাম, ই অতি দুখৰ বিষয়। ঋষিৰাজ, ত্ৰিদশ দেৱতাই যজ্ঞ ভাগ পাব, কেৱল মোৰ স্বামী যজ্ঞ ভাগৰ পৰা বঞ্চিত থাকিব, এই কথা ভাবি মোৰ মন একেবাৰে উচাটন হৈছে। হায়, এই অনাথিনীৰ কপালত আৰু বা কি আছে, কোনে জানে!

নাৰদ। — হে ভগৱতী, আপোনাৰ মাত দেবীয়ে শিৱহীন যজ্ঞৰ কথা শুনি নিতান্ত কাতৰ হৈছে। আপোনাৰ নিমিত্তে ভাবি ভাবি একেবাৰেই তেওঁ অবশ হৈ পৰিছে। আপুনি যাবৰ নিমিৰে আপোনাক জনাবলৈ মোক অনুনয় বিনয় কৰি কৈ পঠিয়ইছে।

সতী। — নাৰদ, নিমন্ত্ৰণ নোহোৱাকৈ কেনেকৈ যাম।

নাৰদ। — মাকৰ ঘৰলৈ জীয়েক যাবব নিমিত্তে একো নিমন্ত্ৰণ নালাগে। গুৰু জনৰ ঘৰলৈ যোৱাত একো অপমান নাই। আই, মই, আৰু বেলি কৰিব নোৱাৰোঁ। ত্ৰৈলোক্য ফুৰিবলৈ লাগে। এতিয়া বিদায় মাগিলোঁ।

সতী। — ভাল, নাৰদ যোৱা।

[ নাৰদৰ প্ৰস্থান।
 
[ ১৯ ] ( ১৫ )

আইক চাবৰ নিমিত্তে মোৰ মন ব্যাকুলিত 'েৈছ । বিষম স ম্যাত পবিলে। গুৰুজনৰ ঘবলৈ যোৱাত একে৷ অপমান নাই, সচা কথা । কিন্তু পিতাই যদি মোক আদৰ নেদেখুৱর, সকলোৰে আগত যদি মোৰ পতি নিন্দ। কৰে, তেনেলে মই কেতিয়া ও সহিব নোৱাৰিম। ( কৃত্তিকা, অশ্বিনী আৰু ৰোণিীৰ প্ৰবেশ ।) কৃfই কা । ৰাগিণ পিন্—তাল যৎ। পিতাৰ যজ্ঞলৈ যাওঁ, মিলি বাই ভনী হে। একে লগে বঙ্গ-মনে, আধা কে ও জনী হে। আইৰ চৰণ চাম, প্রেম-চিয়া চেটিগ্রাম উলাহ অস্তৰে আমি পিম প্ৰেম-পানী হে ॥ সতী । ৰাগিণী সৃ ৰট. -তাল । প তাল। । তাকে গুণে হায়, নিমন্ত্ৰণ নাই। যাওঁ বাৰু মই যজ্ঞলৈ কি বুলি । তোমালোকে তাত, পাবা মিঠা মাত, নেচায় পিতা মোক উলটি সমূলি ॥ মোৰ কপালত, হেৰা বিধতাই, যত থৈ আছে, লিখিছিল হার ! শিবনিন্দা যদি কৰে পিতা মোৰ, জানো ই প্ৰাণৰ পৰিব হে ওব । অশ্বিনী ।সতী তুমি একো চিন্তা নকৰিবা। তোমাক দেখিলে পিতা কেতিয়াও অনাদৰ নকৰে। এতিয়া তেওঁৰ মনত ক্রোধ। [ ২০ ] পাকিলেও, তোমাৰ মুখখানি দেখা মাত্ৰ তেওঁ সকলো পাহৰি পেলাব। অপত্য- স্নেহ অদ্ভুত বস্তু।

ৰোহিণী। — মৰমৰ ভনী, তুমি নগলে আইয়ে কান্দি-কাতি বলিয়া হব। তুমি কোনটো সতেৰে তেওঁক জীয়া-জুইত পেলাব খুজিছা।

সতী। — বাইদেও হঁত, আইক চাবব নিমিত্তে মোৰ মন উতলা হৈছে। কিন্তু পিতাই আমাক নিমন্ত্ৰণ কৰা নাই। এনে অৱস্থাত মোৰ স্বামীয়ে মোক যাবলৈ অনুমতি দিবনে। বাৰু তেওঁক মই কাকুতি মিনতি কৰি জনাওঁগৈ। তোমালোকে আগধৰি যোৱাহক – আইক কোৱাগৈ, স্বামীৰ অনুমতিলৈ মই অলপতে যাম।

( কৃত্তিকা, অশ্বিনী, ৰোহিণীৰ প্ৰবেশ।)
 

যাওঁ স্বামীৰ অনুমতি লওঁ গৈ।

[ প্ৰস্থান।
 

[ ২১ ] তৃতীয় অঙ্ক।

প্ৰথম দৰ্শন ।—কৈলাস। (fশৱ আৰু সতী উপবিষ্ট।) শৱ ।“সতী, বাৰে বাৰে কিন্তু মোৰ অনুমতি খুজিছা। মনিমাতি ৈ যজ্ঞলৈ যোৱাটো কেতিয়াও প্রশংসণীয় নহয়। সতী।–হে প্ৰাণনাথ, জীয়েকে মাক বাপেকৰ ঘৰলৈ আনিমন্ত্ৰিত ৫ৈ যোৱাত একো অপমান নাই । ।—কা-স্বৰূপে পিতৃ ঘৰত অবস্থিতি-কালত মাক বাপেকৰ অৱ কথাত জীয়েকৰ অপমান হব নোৱাৰে। কিন্তু যেতিয়া তেওঁ ৰিবাস্থিতা হয়, তেতিয়া স্বামী গৃহহে তেওঁৰ বখাৰ্থ ঘৰ হয় পিতৃ

মাতৃ মিতিৰ কুটুমৰ সাৰিত গণ্য হয়।

"তী।–হে স্বামী, যদিও কঠাৰ এনে অৱস্থাখৰ ঘটে, তথাপি মাক বাপেকৰ মানত তেওঁ সেই পূৰ্বৰ মৰমৰ কন্যা। }।–চোৰীচোন, স্বামী অাৰু তিৰোতা সকলো বিষয়তে অতির। মোৰ অপমান অাক তোমাৰ জপমান ইয়ো একে কথা। তিৰোতা স্বামীৰ মুখ হুঃখানুবৰ্ধিনী। —কিয় তুমি মোৰ হৃদয়ৰ বৈপৰীত্য আচৰণ কৰিব খুন্সিছা ? –হে যিকালঙ্ক, মোৰ বাই দেওহঁত সকলোটি যজ্ঞলৈ গৈছে । মই যাবলৈ নেপালে মোৰ মনত যেনে ভাবোহ সি হব, তাক আপুনি অৱতে নানিছে। এাণনাথ, গাগিনীক যাবলৈ গড় [ ২২ ] ( ১৮ ) শিৱ –গ্রোসীতোমাৰ ৰালিকা-বি-ফলত চাঞ্চলা এতিয়াও এট নাই। সতীভাবি চোi, গৃহস্থ ধর্থতি চক্ষণতাৰ বসতি নাই। সতী ।“হে মজোখৰ, চিদশ দেৱতা যজ্ঞলৈ নিমন্ত্ৰিত হৈছে, কে; আপুনি বঙ্গ-ভাগ নেপাব, ইয়াতকৈ পৰিতাপৰ বিষয় জাক । আছে। মই নিজে পিতাক দিম গৈ আপোনাক কিয় এক সঙ্গমৰ পৰা বিচুত কৰিব। শিৰ ।-হে দেবী, তুমি একাই পতিপ্রাণ সতী। দমৰাকে ভোমা আগত মোৰ নিকা কৰিলে তোমাৰ প্ৰাণে কেনেকৈ সহিব। সতী ।—মাখ, কাকুতি কৰিছো যোৰ ইচ্ছাত বাধা নজন্মাব। মো দেখিগেই পিতা গ্রসর হৰ। তেতিয়া আপোনাক জছে যা নিমন্ত্ৰণ কৰি পঠাৰ। শিৱ।“সতীনিমন্ত্ৰণৰ নিমিতে যোৰ জতিলাব নাই। মোৰ যদি বা বতে মান নাই, ভুদ কিয় মোৰ নিমিত্তে মান বিচাৰি আহি সতীৰ কালীমূৰ্ত্তি ধাৰe. শিৰ ।~ই কি ! দিগগবী কালীমূৰ্ত্তি ভাস্কৰ বেশ সীৰ তাৰ-মূঙি ধাৰণ। শিৱ ।—ৰামচলা পৰিধান, টেtত কেশ [ সতীৰ যোড়ী যুক্তি ধাৰণ। শিৱ ।~খালার্ক মওল জিনি লাবণ্য দেহৰ [ সতীৰ ভুবনেশ্বৰী মূৰ্ত্তি ধাৰ শিৰ ।‘পদ্মাসন, দিব্য বস্ত্ৰ ভূষণ কাম সতীৰ ভৈৰবী মূৰ্ত্তি ৰণ। শৰি ।-জকালিও পরোখৰ, ক\ে ওহাৰ