পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬ )

পাৰিলেও, তোমাৰ মুখখানি দেখা মাত্ৰ তেওঁ সকলো পাহৰি পেলাব। অপত্য-স্নেহ অদ্ভুত বস্তু।

ৰোহিণী।—মৰমৰ ভনী, তুমি নগলে আইয়ে কান্দি-কাতি বলিয়া হব। তুমি কোন্‌টো সতেৰে তেওঁক জীয়া-জুইত পেলাব খুজিছা।

সতী।—বাইদেও হঁত, আইক চাবব নিমিত্তে মোৰ মন উতলা হৈছে। কিন্তু পিতাই আমাক নিমন্ত্ৰণ কৰা নাই। এনে অৱস্থাত মোৰ স্বামীয়ে মোক যাবলৈ অনুমতি দিবনে। বাৰু তেওঁক মই কাকুতি মিনতি কৰি জনাওঁগৈ। তোমালোকে আগধৰি যোৱাহক – আইক কোৱাঁগৈ, স্বামীৰ অনুমতিলৈ মই অলপতে যাম।

( কৃত্তিকা, অশ্বিনী, ৰোহিণীৰ প্ৰবেশ।)
 

যাওঁ স্বামীৰ অনুমতি লওঁ গৈ।

[ প্ৰস্থান।