(৪)
উপায়টিৰ বিষয়ে কবলগীয়া কথা মোৰ এয়ে আছে, যে দেৱাগ্ৰগণ্য ভগবান্ বিষ্ণুৱে স্বয়ং মোহিনীৰূপ ধৰি তেওঁক বিমুগ্ধ কৰিব, তাত আৰু তেওঁৰ অপমান কি?
দক্ষ।—মন্ত্ৰী, কোৱাঁচোন, তোমাৰ মনেৰে বিশিষ্ট উপায় কি?
মন্ত্ৰী।—হে দেৱপতি, কোনো উৎসবোপলক্ষে এটি নৃত্য-ক্ৰিয়াৰ অনুস্থান কৰক। তালৈকে সকলো দেৱতাক নিমন্ত্ৰণ কৰক। অপ্সৰীবিলাকে দিব্য বেশ-ভূষাৰে নাচ কৰিব। আনন্দ-মণ্ডপ মনোহৰ লতা-পুষ্পেৰে সুসজ্জিত হব স্বয়ং ৰতি আৰু মদন উপস্থিত থাকি কামভাব সঞ্চালন কৰিব। মৃদু বায়ু বলি থাকিব। আকাশত পূৰ্ণচন্দ্ৰৰ প্ৰকাশ হব। শিৱক অতিশয় সমাদৰ কৰিব লাগে। তেওঁ বহিবৰ নিমিত্তে সাগৰ ফেনৰ নিচিনা কোমল আসন দিব লাগে। দুপিনে দুজনা পৰি থিয় হৈ চন্দনৰ বিচনীৰে বিচি থাকিব। গন্ধৰ্ব্বৰ সুললিত বাদ্যধ্বনি কৰ্ণকুহৰ ভেদ কৰি মম্মস্থান অধিকাৰ কৰিব। নাচোনৰ উশাহত অপ্সৰীৰ পিন্ধা কাপোৰ উৰিবলৈ ধৰি অঙ্গ-লাৱণ্য বিজুলী চমকৰ দৰে গোটেই ঠাই পোহৰ কৰিব। এনে অৱস্থাত মহাযোগী শঙ্কৰৰো ধৈৰ্য্যচুতি ঘটিব — তাত কোনো সন্দেহ নাই। সেই সময়ত কাম চেষ্টা প্ৰকাশ কৰিলে, তেওঁ দেৱ সমাজৰ অতীব হাস্যাস্পদ হব। তেতিয়া তেওঁৰ পক্ষে বহুগৰ্ব্বী 'জিতেন্দ্ৰীয়’ নাম কেৱল ঘৃণা ব্যঞ্জক গালি হব।
দক্ষ|—মন্ত্ৰীবৰ, তোমাৰ বুদ্ধি প্ৰশংসনীয় বুলিব লাগে। কিন্তু যদি সিমানতো শিৱ বিচলিত নহয়, তেতিয়া আমাৰ সকলো চেষ্টা পণ্ড হব। মই প্ৰতিহিংসাৰ এটি উপায় ভাবি উলিয়াইছোঁ — কিমান কাৰ্য্যকৰ হব, কব পৰা নাই। মই ভাবিছোঁ, শিৱই