সমললৈ যাওক

পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

নাৰদ।—প্ৰভু এটী দুখৰ বাতৰি আছে। মহাৰাজা দক্ষই এটি যজ্ঞ পাতিছে। ত্ৰিজগতবাসীক নিমন্ত্ৰণ কৰিছে। হে যজ্ঞেশ্বৰ, কেৱল আপোনাক সেই যজ্ঞলৈ নিমন্ত্ৰণ নকৰে।

শিৱ।—দেৱৰ্ষি ই একো দুখৰ বাতৰি নহয়।

 ৰাগিণী জংলা—তাল যৎ।
হৃদয়ত অবিৰাম, জপোঁ মই হৰিনাম,
হৰি জগতৰ সাৰ, ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
হৰি শান্তি হৰি গতি, হৰি মোৰ বুদ্ধিমতি,
হৰি হে পৰমানন্দ, হৰি মোৰ স্বৰ্গধাম॥
হৰি মোৰ যজ্ঞকুণ্ড, হৰি মোৰ ঘৃত-ভাণ্ড,
হৰি মহা যজ্ঞ মোৰ, হৰিৰ অন্তৰে চাম॥
হৰি শ্ৰুব-শ্ৰুচ জোৰ, হৰি পুৰোহিত মোৰ।
যজ্ঞৰ সম্ভাৰ হৰি, হৰি যজ্ঞফল পাম॥

নাৰদ।—প্ৰভু, যথাৰ্থ কথা, হৰি বিনে আন যজ্ঞ কেলৈ? হে চিদানন্দ এতিয়া বিদায় মাগিলোঁ। আপোনাক দেখি আজি মোৰ হৃদয় প্ৰেমৰ সোঁতত উটি গৈছে।

শিৱ।—ভাল নাৰদ, যোৱাঁ। [শিৱৰ পুনৰ্ব্বাৰ ধ্যান আৰম্ভ।

নাৰদ!

 ৰাগিণী খাম্বাজ—তাল একতালা।
প্ৰেম-কানাই, মুখে ফুৰাঁ গাই,
নাচি নাচি বাহু তুলি।
বিশ্ব কৰি দিয়াঁ, প্ৰেম-মতলীয়া,
হৰি হৰি হৰি বুলি॥

[নাৰদৰ প্ৰস্থান।