পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৭ ) কৰিব । তাত মোৰ কি। দোষ হব ? যি নিজৰ মান -ৰক্ষাৰ নিমিত্তে পৰিযত্ন নকৰিব, তাৰ জীৱন তৃণবৎ-তুচ্ছ। আড় সন্মান অক্ষুন্ন ৰাখিব নোৱাৰিলে প্রণধাৰণ মিছা। সমাজ-বিধি সৰ্ব্বতোমুখী হব লাগে। কুটুম্ব বুলি মই শিবৰ দোষ কেতিয়াও ক্ষমা কৰিব নোৱাৰে। কুটুম্বৰ প্রতিও দোষৰ সমুচিত হও বিধান কৰাটো বীৰোচিত কাৰ্য্য। মই দৃঢ়সঙ্কল্প কৰিছোঁ, শিৱহীন যজ্ঞ পাতিম, ব্ৰহ্মা বিষ্ণু ইত্ৰ আদি সমুদায় দেৱতা মোৰ সহায় থাকোতে, প্রেতাধিপতি শিৱৰ পৰা মোৰ কি অনিষ্টৰ আশঙ্কা হব পাৰে ? মই ঠিক কৰিলোশিৱই কেতিয়াও বস্তু ভাগ নেপায় । মানিছোঁ যজ্ঞেশ্বৰ নহলে যজ্ঞফল অসম্পূর্ণ হব। পাৰে ; কিন্ধ মই ফলাকাজী নহওঁ । শিৱৰ অপমান হলেই মোৰ মনোৰথ পৰিপূৰ্ণ হব । নাৰদ ।—মহাৰাজ, আপুনি যেতিয়া যজ্ঞ পাতিবলৈ ঠাৱৰ কৰিলে, তেনেস্থলত মোৰ অধিক বাক্যব্যয়ৰ একো প্ৰয়োজন নাই। আপোনাৰ আদেশ মই অৱশ্যে মানিম। ত্ৰিভুবনবাসীক অনতিবিলম্বে নিমন্ত্ৰণ কৰি, পুনৰ আপোনাৰ গুৰিত উপস্থিত হম হি। দক্ষ ।--এতিয়া সভা-ভঙ্গ কৰা যাওক । মন্ত্রীএটি বিচিত্র যজ্ঞ-ঘৰ। সাজিব লাগে। আৰু সমুদায় যজ্ঞসন্তাৰ যুগুত কৰিব লাগে। সভাসদ সকল, তোমালোকে সকলোৱে এইবিলাক কাৰ্য্যত মন্ত্ৰীক বিশেষৰূপে সাহায্য কৰিবা । মন্ত্রী।“ভাল মহাৰাজ, আপোনাৰ অভিলযিত যজ্ঞ মওপ প্রস্তুত হব । আরখ্য কীয় সকলো যজ্ঞ-সস্তাৰ অতি শীষ্মে মই আহৰণ | কৰিম ।