সমললৈ যাওক

পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০)

য়াইছে। দদাৰ আজ্ঞা পালিবই লাগিব। এই যজ্ঞৰ পৰিণাম কি হব গৈ, কোনে কব পাৰে।

প্ৰসূতি।—দেৱৰ্ষি, যদিও দদাৰে তোমাক কৈলাসলৈ যাবলৈ হাক দিছে, তথাপি একেসাৰ মোৰ কথা শুনি, এবাৰ সতীৰ ঘৰলৈ যাবা। মোৰ সতীক ইয়াকে কবা, “যজ্ঞত তোমাক নেদেখিলে, তোমাৰ মাৰ আৰু জীয়াই নেথাকে।" মাকৰ ঘৰলৈ জীয়েক আহিবৰ নিমিত্তে একো নিমন্ত্ৰণ নেলাগে।

ৰাগিল ভৈৰবী—তাল আড়াঠেকা।

নাৰদ, ৰাখিবা মোৰ এই মিনতি,
জনাবা সতীক দুখিণীব কি গতি।
পৰাণৰ জবী বোব,   ছিগি-ভাগি যাব মোৰ,
যদি নেদেথিম মই চেনেহী সতী।

নাৰদ।—

ৰাগিণ জলা —তাল যৎ।

ওহে মহাৰাণী,
নোবোলাঁ নোবোলাঁ এনে কাতৰ-বাণী।
যাওঁ মই কৈলাশলৈ,   ই বাতৰি জনাওঁ গৈ,
নেকান্দা নেকান্দা, মোছাঁ চকুৰপাণী।

[ নাৰদৰ প্ৰস্থান।
 

প্ৰসূতি।—গাটো অবশ লাগিছে — অলপপৰ বিছনাত পৰি থাকেোঁ গৈ।

[ প্ৰস্থান।
 
⸺⸺