আইক চাবৰ নিমিত্তে মোৰ মন ব্যাকুলিত হৈছে। বিষম সমস্যাত পৰিলোঁ। গুৰুজনৰ ঘৰলৈ যোৱাত একো অপমান নাই, সঁচা কথা। কিন্তু পিতাই যদি মোক আদৰ নেদেখুৱায়, সকলোৰে আগত যদি মোৰ পতি নিন্দা কৰে, তেনেহলে মই কেতিয়াও সহিব নোৱাৰিম।
(কৃত্তিকা, অশ্বিনী আৰু ৰোহিণীৰ প্ৰবেশ।)
কৃত্তিকা।—
ৰাগিণী পিলু—তাল যৎ।
পিতাৰ যজ্ঞলৈ যাওঁ, মিলি বাই ভনী হে।
একে লগে ৰঙ্গ-মনে, আহাঁ কেও জনী হে।
আইৰ চৰণ চাম, প্ৰেম-হিয়া চেটিয়াম
উলাহ অন্তৰে আমি পিম প্ৰেম-পানী হে॥
সতী।—
ৰাগিণী স্বৰট -তাল ঝঁপতাল।
তাকে গুণো হাঁয়, নিমন্ত্ৰণ নাই।
যাওঁ বাৰু মই যজ্ঞলৈ কি বুলি।
তোমালোকে তাত, পাবা মিঠা মাত,
নেচায় পিতা মোক উলটি সমূলি॥
মোৰ কপালত, হেৰা বিধতাই,
যত দুখ আছে, লিখিছিল হাঁয়!
শিব-নিন্দা যদি কৰে পিতা মোৰ,
জানো ই প্ৰাণ পৰিব হে ওৰ॥
অশ্বিনী।—সতী তুমি একো চিন্তা নকৰিবা। তোমাক দেখিলে পিতাই কেতিয়াও অনাদৰ নকৰে। এতিয়া তেওঁৰ মনত ক্ৰোধ