পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯)

প্ৰসূতি। — মহাৰাজ, নুমলীয়া জী সতী নাহিলে মোৰ প্ৰাণ অন্ত হব।

দক্ষ। — দেবী, কাৰ্য্যক্ষেত্ৰত বেজাৰৰ ঠাই নাই।

প্ৰসূতি। ৰাজন, আপুনি এবাৰ ভাবি চাওক, এনে মহোৎসবত নিজৰ জীয়েক নেথাকিলৈ মাকৰ মনত কেনে গভীৰ পৰিতাপ হব পাৰে।

দক্ষ। — প্ৰসূতি, ভাবৰ সোঁতত কাৰ্য্য শিথিল হয় — কাৰ্য্যপ্ৰবাহত তাৰ মন্দীভূত হয়। মোৰ দৃঢ় প্ৰতিজ্ঞা হল, শিৱহীন যজ্ঞ হব — ৰাণী মোৰ সিদ্ধান্তৰ বিৰুদ্ধে তুমি আৰু একো কথা উত্থাপন নকৰিবা। মই এতিয়া যাওঁ, পুৰোহিত ভৃগুমুণিক মতাই আনি তেওঁক যজ্ঞানুষ্ঠাঘৰ ভাৰ দিব লাগে।

[ দক্ষৰ প্ৰস্থান।
 

প্ৰসূতি। —

ৰাগিণী পিল্ — তাল যৎ।

নেজানে৷ কপালে মোৰ বিধিয়ে কি লিখিলে,
এনুৱা যাতনা হাঁয় হৃদয়ত থাপিলে।
প্ৰাণসম তুনি সতী,   হব কি তোমাৰ গতি,
নিদাৰুণ মোৰ পতি এনে যজ্ঞ পাতিলে।

( নাৰদৰ প্ৰবেশ। )

 বোপা, তোমালোকে শিৱইীন যজ্ঞ পাতিছা। মোন সতী যজ্ঞলৈ নাছিলে মোৰ প্ৰাণ অথিব হব।

নাৰদ – বৌদেও, মই কি কৰিম। শিৱক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে দাদাক ইনান কৈ খাটিলোঁ তথাপি তেওঁ আমাৰ কথা নুশুনিলে। মোক ত্ৰিভুবনবাসীক নিমন্ত্ৰণ কৰিবলৈ পঠি-