এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)
সভাসদবৰ্গ।—হে প্ৰজাপতি, আমি প্ৰাণপনে আপোনাৰ কাৰ্য্যত সাহায্য কৰিম।
[ দক্ষ মন্ত্ৰী আৰু সভাসদবৰ্গৰ প্ৰস্থান।
নাৰদ।—মহাৰাণীয়ে শিৱহীন যজ্ঞৰ কথা শুনি আজি মৰণান্তিক হব। মই যোৱাৰ পূৰ্ব্বে তেওঁক এবাৰ দেখা কৰি অলপ আশ্বস্তা কৰিব লাগে।
[ প্ৰস্থান
⸻
দ্বিতীয় দৰ্শন। — অন্তঃপুৰ।
(দক্ষ আৰু প্ৰকৃতি উপবিষ্ট।)
প্ৰসূতি।—
ৰাগিণী মনহৰসই মিশ্ৰিত — তাল ঠেকা।
কি দাৰুণ বাতৰি॥
সুৰ অসুৰ, আহি ই স্থানে,
মহাযজ্ঞ চাব, সুখ-প্ৰাণে,
বিষাদ-বিহবলা, সতী হায় অজলা,
যাব খোজে মোৰ বুকু বিদৰি॥
প্ৰসূতি।—হে প্ৰাণনাথ, মহাযজ্ঞত মোৰ সতী নাহিব, এই চিন্তাই মোৰ বুক সাতফাল কৰিছে। নাথ, এনে নিদাৰুণ যজ্ঞ কিয় পাতিলে?
দক্ষ।—ৰাণী, ইয়াৰ কাৰণ অপমানৰ প্ৰতিশোধ, মানীৰ মান ৰক্ষা দোষীৰ সমুচিত দণ্ড। মই এই বাবে একো জগৰীয়া নহওঁ।