পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অঙ্ক।

প্ৰথম দৰ্শন ।—কৈলাসপুৰী।

(যোগ-ধ্যানত শিৱ উপবিষ্ট।)

গীত গাই গাই নাৰদৰ প্ৰবেশ।

নাৰদ।—

ৰাগিণী খাম্বাজ—তাল এক তালা।
হৰি-প্রেমত নাচিছে অন্তৰ,
বাজিছে প্রেমৰ বীণা।
চিঞৰি চিঞৰি গোৱাঁ হৰি নাম,
আজি আনন্দৰ দিনা॥
তৰু তৃণ লতা, দেখোঁ যত মান,
উল্লসিত হেৰা গাই প্রেম-গান,
বিশ্ব-জগতত প্ৰেমৰ তৰঙ্গ,
একো নাই প্রেম বিনা ৷

শিৱ।—( ধ্যান ভঙ্গ হৈ )।

ৰাগিণী মিশ্ৰিত-তাল একতালা।
গোলোক-পতি পৰমেশ্বৰ প্ৰেম-আনন্দ হৰি।
জগত জন তাৰিছা মহিমা প্ৰকাশ কৰি॥
কৃষ্ণনাম কৃষ্ণনাম, কৃষ্ণনাম হোঁৱা মোৰ মন।
মঙ্গলকাৰী পাপ তাপ হাৰী পতিত জন পাবন।
নাৰদ, সংবাদ কি ?