পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দক্ষ-যজ্ঞ (page 5 crop)
দক্ষ-যজ্ঞ (page 5 crop)

দক্ষ-যজ্ঞ।

প্ৰথম অঙ্ক।

প্ৰথম দৰ্শন। দক্ষ ৰাজাৰ সভা।
(দক্ষ, মন্ত্ৰী, সভাসদবৰ্গ উপবিষ্ট )।

দক্ষ।— এটি গুৰুতৰ বিষয়ে আজি মই তোমালোকেৰে সৈতে পৰামৰ্শ কৰিব খোঁজো। তোমালোকে সদপৰামৰ্শ দি মোৰ বুকুৰ শেল উভালিব লাগে।

মন্ত্ৰী।—মহাৰাজ, আপোনাৰ ইঙ্গিততে অনেক অনেক মহৎ ব্যাপাৰ সংঘটিত হব লাগিছে। কি এনে বিষয় আছে, যাক আপুনি হেন মহাপুৰুষে কৰিব নোৱাৰে। আমি ইমান বিলাক আপোনাৰ আজ্ঞানুবৰ্ত্তী থাকোঁতে আপোনাৰ মনত কিহৰ দুখ হব পাৰে। হে প্ৰজাপতি, আপোনাৰ কথা শুনি দৰাচলে মই বৰ আচৰিত মানিছোঁ। আপোনাৰ কি কব লগিয়া আছে, শীঘ্ৰে