শিৱ।—প্ৰেয়সী, তোমাৰ বালিকা-স্বভাৱ-সুলভ চাঞ্চল্য এতিয়াও গুচা নাই। সতী ভাবি চোৱাঁ, গৃহস্থ-ধৰ্ম্মত চঞ্চলতাৰ বসতি নাই।
সতী।—হে যজ্ঞেশ্বৰ, ত্ৰিদশ দেৱতা যজ্ঞলৈ নিমন্ত্ৰিত হৈছে, কেৱল আপুনি যজ্ঞ-ভাগ নেপাব, ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি আছে। মই নিজে পিতাক সুধিম গৈ আপোনাক কিয় এনে সম্ভ্ৰমৰ পৰা বিচ্যুত কৰিব।
শিৱ।—হে দেবী, তুমি একান্ত পতিপ্ৰাণা সতী। দক্ষৰাজে তোমাৰ আগত মোৰ নিন্দা কৰিলে তোমাৰ প্ৰাণে কেনেকৈ সহিব।
সতী।—নাথ, কাকুতি কৰিছোঁ মোৰ ইচ্ছাত বাধা নজন্মাব। মোক দেখিলেই পিতা প্ৰসন্ন হব। তেতিয়া আপোনাক অৱশ্যে যজ্ঞলৈ নিমন্ত্ৰণ কৰি পঠাব।
শিৱ।—সতী নিমন্ত্ৰণৰ নিমিত্তে মোৰ অভিলাষ নাই। মোৰ যদি বাস্তৱতে মান নাই, তুমি কিয় মোৰ নিমিত্তে মান বিচাৰিব লাগিছা
[সতীৰ কালীমূৰ্ত্তি ধাৰণ।
শিৱ।—ই কি!
- দিগম্বৰী কালীমূৰ্ত্তি ভয়াঙ্কৰ বেশ—
[সতীৰ তাৰা-মূৰ্ত্তী ধাৰণ।
শিৱ।—ব্যাঘ্ৰচৰ্ম্ম পৰিধান, যটায়ুত কেশ—
[সতীৰ ষোড়ষী মূৰ্ত্তী ধাৰণ।
শিৱ।—বালাৰ্ক মণ্ডল জিনি লাবণ্য দেহৰ—
[সতীৰ ভুবনেশ্বৰী মূৰ্ত্তি ধাৰণ।
শিৱ।—পদ্মাসন, দিব্য বস্ত্ৰ ভূষণ সুন্দৰ–
[সতীৰ ভৈৰবী মূৰ্ত্তি ধাৰণ।
শিৱ।—ৰক্তালিপ্ত পয়োধৰ, কণ্ঠে মুণ্ডহাৰ—