পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

দ্বিতীয় দৰ্শন।—শিৱালয় (অন্তঃপুৰ)

(সতী উপবিষ্টা। নাৰদৰ প্ৰবেশ।)

সতী।—দেবৰ্ষি, আহাঁ আসন গ্ৰহণ কৰাঁ। আমাৰ বৰ ভাগ্য, আজি তুমি কৈলাশলৈ আহিলা। ঋষিৰাজ, কিবা বাতৰি আছেনে কি?

নাৰদ।—হে মাতৃ, মহাৰাজা দক্ষই এটি যজ্ঞ পাতিছে। তালৈকে চৰাচৰ জগতক নিমন্ত্ৰণ কৰিবৰ নিমিত্তে মোক পাঠাই দিছে।

সতী।—নাৰদ, শুভ বাতৰি। আহা, কেনে সুখৰ সম্বাদ। মই মোৰ আইক্ চাবলৈ পামগৈ, ইয়াতকৈ আৰু আনন্দৰ বিষয় কি আছে।

নাৰদ।—হে দেবী, অপৰাধ মাৰ্জনা কৰিব। আপোনাৰ পিতাই শিৱহীন যজ্ঞ পাতিছে। শিৱক নিমন্ত্ৰণ কৰিবলৈ মহাৰজাই মোক হাক্ দিছে।

সতী।—

ৰাগিণী জংলা

কিয় হে নাৰদ মোৰ সুখ-স্বপ্ন কাঢ়ি নিলা।
দাৰুণ বাতৰি হায় কিয় আহি মোক দিলা।।
কি কথা শুনালা মোক, দহিছে বিষম শোক,
জানো অন্ত হব মোৰ এই জীৱনৰ লীলা।

হে মহামুনি, কোৱাঁচোন, কি কাৰণে পিতাই এনে আচৰণ কৰিছে।

নাৰদ।—ভূত ৰাজৰ যজ্ঞ মহাদেৱে উপাসন অধিক বৰ কৰাত দক্ষ