কওক। আামি প্ৰাণটাকি আপোনাৰ আদেশ প্ৰতিপালনৰ চেষ্টা কৰিম।
দক্ষ।—ত্ৰিদশ দেৱতাৰ কল্যাণাকাঙ্খী মহাযজ্ঞত মই উপস্থিত হোৱা মাত্ৰে সভাস্থলীৰ সকলোৱে উঠি মোক সম্ভ্ৰম কৰিলে, কিন্তু শিৱই আন কি আসন পৰিত্যাগ নকৰিলে। ইয়াত্কৈ আৰু দুখৰ বিষয় কি হব পাৰে?
মন্ত্ৰী।—ৰাজন, যদি সেয়ে হয় তেনেহলে বেজাৰ কৰিবৰ নিমিত্তে আপোনাৰ সম্পূৰ্ণ অধিকাৰ মাছে। আপুনি সকলো প্ৰকাৰেৰে শিৱতকৈ শ্ৰেষ্ঠ। আপোনাৰ প্ৰতি শিৱৰ এনে দুৰ্ব্ব্যৱহাৰ কম্মিন্ কালেও উপেক্ষণীয় নহয়।
দক্ষ।— কোৱা মন্ত্ৰী, তেনেহলে এতিয়া আমাৰ কি উপায় আছে। প্ৰতিহিংসা জুইয়ে মোক পুৰি দেই মাৰিব লাগিছে। হে মতিমান্, অপমানতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ
মন্ত্ৰী।—সভাসদ্ সকল, তোমালোকে কোৱাছোন, কি উপায় অৱলম্বন কৰিলে মহাৰাজাৰ অপমানৰ প্ৰকৃত প্ৰতিশোধ লোৱা হব।
১ম সভাসদ্।—শিৱক অনাচাৰী বুলি ত্ৰিভুবনে জানে। তেওঁ বাহিৰত সাধু বোলাই ফুৰে, কিন্তু ভিতৰি জঘন্যয কাৰ্য্য কৰিবলৈও কুণ্ঠিত নহয়। তেওঁ অমাবস্যা ৰাতি খেৰেচ ভূত পিশাচ বিলাকেৰে সৈতে নাঙ্গঠ হৈ শ্মশানশালিত অতি বীভৎস নৃত্য কৰে। মহাৰাজ, কোনো গুৰুতৰ বিষয়ৰ ফাঁকতি কৰি, আপুনি আৰু মহাৰাণী যদি হঠাৎ কোনোৱে গম নোপোৱাকৈ সেই ঠাইত উপস্থিত হয় গৈ আৰু সেই মুহূৰ্ত্ততে পূৰ্ণকলাবিশিষ্ট হৈ চন্দ্ৰ দেৱতাক আকাশত