সমললৈ যাওক

পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪ )

ৰাজে অপমান বোধ কৰিলে। সেই অপমানৰ প্ৰতিশোধৰ নিমিত্তে এই যজ্ঞৰ অনুষ্ঠান।

সতী।—দেবৰ্ষি, আইক চাবৰ নিমিত্তে বৰ আশা কৰিছিলোঁ। হায়, হায়, আৰু মোৰ সেই আশা পূৰ্ণ নহয়! এনে মহোৎসৱত মই আইৰ ঘৰলৈ যাবলৈ নেপাওঁ—ইয়াতকৈ আৰু বেজাৰৰ কথা কিবা আছেনে। এই বিষয়ে কাৰো দোষ নাই। সকলো যে নিজৰ কপালৰ লিখন। কিন্তু হে মুনিবৰ, এনে শুভ দিনত মই আইৰ চৰণ-সেৱা কৰিবলৈ নেপাম, ই অতি দুখৰ বিষয়। ঋষিৰাজ, ত্ৰিদশ দেৱতাই যজ্ঞ ভাগ পাব, কেৱল মোৰ স্বামী যজ্ঞ ভাগৰ পৰা বঞ্চিত থাকিব, এই কথা ভাবি মোৰ মন একেবাৰে উচাটন হৈছে। হায়, এই অনাথিনীৰ কপালত আৰু বা কি আছে, কোনে জানে!

নাৰদ।—হে ভগৱতী, আপোনাৰ মাত দেবীয়ে শিৱহীন যজ্ঞৰ কথা শুনি নিতান্ত কাতৰ হৈছে। আপোনাৰ নিমিত্তে ভাবি ভাবি একেবাৰেই তেওঁ অবশ হৈ পৰিছে। আপুনি যাবৰ নিমিত্তে আপোনাক জনাবলৈ মোক অনুনয় বিনয় কৰি কৈ পঠিয়ইছে।

সতী—নাৰদ, নিমন্ত্ৰণ নোহোৱাকৈ কেনেকৈ যাম।

নাৰদ।—মাকৰ ঘৰলৈ জীয়েক যাবব নিমিত্তে একো নিমন্ত্ৰণ নালাগে। গুৰু জনৰ ঘৰলৈ যোৱাত একো অপমান নাই। আই, মই, আৰু বেলি কৰিব নোৱাৰোঁ। ত্ৰৈলোক্য ফুৰিবলৈ লাগে। এতিয়া বিদায় মাগিলোঁ।

সতী।—ভাল, নাৰদ যোৱা।

[ নাৰদৰ প্ৰস্থান।