পৃষ্ঠা:দক্ষ-যজ্ঞ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

ৰাজন্, শিৱহীন যজ্ঞৰ নাম শুনি মোৰ মন বিচলিত হৈছে। পৰাক্ৰান্ত প্ৰমথাধিপতি শিৱক অপমান কৰিলে কিজানি অমঙ্গল ঘটে, মোৰ মনত এনে আশঙ্কাই ঠাই পাইছে। বিশেষকৈ তেওঁ যজ্ঞেশ্বৰ, তেওঁ নহলে আপোনাৰ যজ্ঞ ফল অসম্পূৰ্ণ হব। তেওঁ আপোনাৰ জোৱাঁই হয়, তেওঁক নিমন্ত্ৰণ নকৰাটো প্ৰশংসনীয় কাৰ্য্য নহব। এনে মহোৎসৱত আপোনাৰ কন্যা সতী নাহিলে মহাৰাণী মৰ্ম্মাহতা হব। মহাৰাজ, এই যজ্ঞৰ দ্বাৰা শিৱৰ হানি হব পাৰে, কিন্তু আপোনাৰ হানি ততোধিক হব। নিজৰ জীয়েক আৰু জোৱাঁয়েকক অপমান কৰাত আপোনাৰ একো যশস্যা নাই। মান-ৰক্ষাৰ নিমিত্তে কুটুম্বৰ আৱশ্যকতা, শিৱই অপমান কৰাৰ বাবে আপুনিও তেওঁক অপমান কৰিব এইটি প্ৰশস্ত হৃদয়ৰ কাম নহয়। হিংসাৰ প্ৰকৃত প্ৰতিশোধ ধৈৰ্য্য, ক্ষমা আৰু প্ৰেম। নহলে এদিন অকলে শিৱক আপোনাৰ অপমানৰ বিষয় ভাঙ্গি কব, আৰু আৱশ্যক হলে ভৰ্ৎসনাও কৰিব কিন্তু এই দৰে ত্ৰিভুবনবাসীৰ আগত তেওঁক অপমান নকৰিব। তেওঁক সকলো বিবৰণ জানিবলৈ দিলে, তেওঁ কোনো উপায়েৰে ত্ৰিভুবনবাসীৰ আগত আপোনাক বিশিষ্ট সন্মান পুনৰ প্ৰতিপন্ন কৰিব পাৰে। মহাৰাজ, ধুৰুপ বুজিব, শিৱই ইচ্ছা কৰি আপোনাক অপমান দিয়া নাই। তেওঁ কেতিয়াও নেজানিছিল যে সেই কাৰ্য্যৰ দ্বাৰা আপোনাৰ অপমান হব।

 

দক্ষ।—নাৰদ, মই সকলো বুজিছোঁ। এই বিষয়ে তুমি আৰু একো কব নেলাগে। মই ভাল কৈ জানো, শিৱই মোক জানি-শুনি অপমান দিছে। যি যেনে কাৰ্য্য কৰে, সি তাৰ ফলভোগ