তুলসী চৰিত্ৰ
[ ১ ]
.
তুলসী চৰিত্ৰ।
শ্ৰীকৃষ্ণয়ে নমঃ॥ শ্লোক॥
তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপ নাশনং।
ছায়ায় সৰ্ব তীৰ্থানি তুলসী ত্বাং নমো নমঃ॥
_____o_____
পদ।
প্ৰণামোহোঁ নাৰায়ণ দেৱী সৰস্বতী।
ভৱানী শঙ্কৰ নমো নমো পশুপতি।
পিতৃ মাতৃ গুৰুৰ চৰণে শিৰে ধৰি।
হৰিৰ চৰণ বন্দো ইন্দ্ৰ আদি কৰি॥
নমো ৰাম জয় গুৰু পৰমাত্মা এক।
জগত জীৱন সৰ্ব্ব গুণৰ প্ৰত্যেক॥
সেহি নাৰায়ণ জীৱ তাৰণৰ হেতু।
সংসাৰ সাগৰে ৰামনাম আদি সেতু॥
মুনি গণে জানে ৰাম নামৰ মহিমা।
ব্ৰহ্মা আদি কৰি তত্ত্ব নপাই আক সীমা॥
সেই হৰিকেসে সেৱা কৰে নানা মত।
তুলসীকে সেৱে যিতো হৰি তুষ্ট তাত ॥
শুনিয়োক সৰ্ব্বলোক কথা অদ্ভুত।
পদ্ম পুৰাণত আছে তুলসীৰ তত্ব ॥
গুৰু বৈষ্ণৱৰ পদে কৰো নমস্কাৰ।
তুলসী চৰিত্ৰ পদ কৰিবো প্ৰচাৰ ॥
যেন মতে তুলসী আসিলা পৃথিবীক।
তাৰ কথা কিছু কহোঁ শুনা নৰ লোক॥
পূৰ্ব্ব জন্মে তুলসী আছিলা বৃন্দা সতী।
শঙ্খ নামে অসুৰ ভৈলা তান পতি ॥
হৈয়া মহা বলৱন্ত বিক্ৰম সাগৰ।
জিনিলেক সৰ্ব্ব দেৱ ইন্দ্ৰৰ নগৰ ॥
তাৰ ডৰে সৰ্ব্ব দেৱ কম্পমান ভৈলা।
একেশ্বৰে সবে ৰাজ্য পৃথিবীক লৈলা ॥
দেৱগণ সমে ইন্দ্ৰ উপায় চিন্তিলা।
ব্ৰহ্মাৰ আগত গৈয়া সবেজান দিলা ॥
বিষ্ণুক কৰিলা স্তুতি ব্ৰহ্মাৰ বচনে।
সৃষ্টি নষ্ট কৰে দৈত্য নৰাখাক মনে ॥
অসুৰে কৰয় নষ্ট সকলো সংসাৰ।
চিত্ত দিয়া কেনে তুমি নকৰা বিচাৰ ॥
কুম্ভ নিকুম্ভ আদি যতেক অসুৰ।
পূৰ্ব্বত যে নাৰায়ণে দৰ্প কৈল চুৰ॥
এবে আসি জন্ম ভৈল দুষ্ট দুৰাচাৰ।
সৃষ্টি মানে নষ্ট কৰে সকলো সংসাৰ॥
ব্ৰক্ষা বোলে ইন্দ্ৰ তুমি স্থিৰ কৰা মতি।
দেৱগণ সমে ব্ৰক্ষা কৰিয়া যুগুতি॥
ধ্যান কৰি ব্ৰহ্মা দেৱ বুলিলা বচন।
বিষ্ণুসে পাৰিবে দুষ্ট কৰিবাক ছন্ন॥
সবে মিলি যাওঁ শীঘ্ৰে ঈশ্বৰৰ স্থানে।
অসুৰৰ যত কথা কহোঁ বিদ্যমানে॥
এহি বুলি ইন্দ্ৰ সমে কৰিযা যুগুতি।
সবে দেৱ সমে ব্ৰহ্মা চলিলা তহিতি॥
অনন্ত শয্যাত বিষ্ণু আচন্ত শয়নে।
ব্ৰহ্মা আদি দেৱ সমে নমিলা চৰণে॥
বিষ্ণুক দেখিয়া সবে আনন্দিত ভৈলা।
স্থানে স্থানে দেৱগণ স্তুতি আৰম্ভিলা॥
জানু পাৰি শয়নতে দেৱে স্তুতি কৰে।
ভক্তি ভাৱে স্তুতি কৰে যমৰ কুমাৰে॥
ত্ৰিদশ দেৱত পৰি স্তুতি কৰে সুখে।
উচ্চৈস্বৰে স্তুতি কৰে ব্ৰহ্মা চাৰি মুখে॥
দ্বিজ ভগিৰথে পদ ভনে অনুসৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি।
ঝুমুৰি।
তুমি ব্ৰহ্মা হৰি হৰ, ত্ৰিদশ দেৱতা মানে, |
ইন্দ্ৰ দেৱ জল কৰ, আয়াসিছে তযু স্থানে |
আমি তাক বধিবোহোঁ, শুনিয়ো কৃষ্ণৰ কথা, |
সাৰ কথা কহিলোহোঁ, হৰিষ কৰিও তথা, |
পদ।
ব্ৰহ্মা বোলে শুনা প্ৰভু সংসাৰতে সাৰ।
দুষ্ট শঙ্খ অনুৰ কিমতে যাই মাৰ।
একো একো দেৱ জিনিলেক ত্ৰিভুবন।
কটাক্ষ নকৰে দেখি দেৱৰ ৰচন।
বৃন্দা নামে এক কন্যা আছে তাৰ ঘৰে।
তাৰ তেজে কেহোঁ তাক জিনিতে নপাৰে।
যদি তনি শান্তি পূণ্য কৰা গৈয়া চুৰ।
তেবেসে মাৰিতে পাৰা দুৰ্জয় অসুৰ।
ব্ৰহ্মাৰ বচন শুনি বোলে গদাধৰ।
উপায় কৰিবা আমি জিনিবো সমৰ॥
শঙ্খ ৰূপ ধৰি তাৰ নাৰীক হৰিবো।
শান্তি পুণ্য নষ্ট কৰি ঘৰে প্ৰবেশিবো॥
দেৱগণ লই ব্ৰহ্মা চলিও সত্বৰে।
স্বৰ্গে থাকি তোৰা চাহা বধিবো অসুৰে॥
এহি শুনি দেৱগণে বিষ্ণুক নমিয়া।
স্বৰ্গে গৈয়া দেৱ সবে থাকিলা চাহিয়া॥
দেৱগণে পঠাই পাছে কমল লোচন।
গৰুড় পক্ষীক আদেশিলা তেতিক্ষণ॥
শুনিও গৰুড় তুমি বিনতা নন্দন।
ত্ৰিদশ দেৱৰ কাৰ্য্য সাধিয়ো যতন॥
শঙ্খ চক্ৰ গদাপদ্ম আয়ুধ সহিতে।
যেবে যুদ্ধ লাগে তেবে আনিবা তহিতে॥
বিষ্ণুৰ আদেশে পক্ষী কৰিলা গমন।
নানা অস্ত্ৰ লৈয়া চলে শঙ্খৰ ভুবন॥
গৰুড় উড়িতে ত্ৰিভুবন চমৎকাৰ।
শঙ্খৰ ৰাজ্যত লাগি গৈলা মহামাৰ॥
তথা মায়া পাতিলন্ত দেৱ গদাধৰ।
মৃগ মাৰিবাক গৈলা শঙ্খ গৌৰী ঘৰ॥
সৈন্য গণ সাজি গৈলা বনৰ ভিতৰ।
মৃগ চাহি ফুৰয় অসুৰ ভয়ঙ্কৰ॥
শঙ্খাসুৰ ঠান ভাৱ ধৰি নাৰায়ণে।
সত্বৰ কৰিয়া গৈয়া দৈত্যৰ ভূবনে॥
বিষ্ণুৰ মায়ায়ে সবে মোহিলা নগৰী।
শান্তি পতিব্ৰতাক মোহিলে দেৱ হৰি॥
বিষ্ণুৰ মায়াতে পতিব্ৰতা মোহ গৈলা। .
আপোনাৰ স্বামী বুলি কৰ যোড়ে ৰৈলা॥
নিজ স্বামী বুলি আপোনাৰ জানি নাৰী।
ঘৰে নিয়া আগবাঢ়ি দিলা পিড়া পাৰি॥
সুবৰ্ণ খাটত গৈয়া গোবিন্দ বসিলা।
পিঠা পৰমান্ন আনি ভোজন কৰিলা॥
তাম্বুল কৰ্পুৰ মানে পিন্ধাইলা চন্দন।
বিষ্ণুৰ মায়াত বিমোহিত ভৈলা মন॥
গৃহে পাশ সিংহাসনে বসিলন্ত সতী।
তাহাতে বসিয়া সুখ লভিলা শ্ৰীপতি॥
ষোড়ষ শৃঙ্গাৰে ৰমিলন্ত দেৱ হৰি।
অসংখ্যাত সুখ দিলা কাক দূৰ কৰি॥
ঐহান্তৰ সুখ পাছে এড়ি দামোদৰ।
স্বৰ্গে আনন্দিত মন ভৈলা দেৱতাৰ॥
বৃন্দা বোলে মোক কোনে কৰিলে শৃঙ্গাৰ।
কোনো কালে এত সুখ নতু পাওঁ আৰ॥
ইতো জন শঙ্খ নুহি মোৰ নিজ পতি।
কপট কৰিয়া কিবা ভুঞ্জিলে সুৰতি॥
এহি মনে আলছিলা পতিব্ৰতা নাৰী।
বুলিবাক লাগিলা হৃদয় কোপ কৰি॥
নিজ স্বামী বুলি তোক কৰিলে। সাদৰ।
মোৰ শান্তি ধৰ্ম্ম নষ্ট কৰা নাহি আৰ॥
কোন দেৱ অসি আছস মোৰ স্থানে।
মই শাপ দিয়া ভস্ম কৰে। এতিক্ষণে॥
কোপ দেখি শান্তিৰ মনত শঙ্কা কৰি।
আগ বাঢ়ি বোলে বিষ্ণু শুনিয়ে সুন্দৰী॥
মই বিষ্ণু আসে। দেৱ কাৰ্যক সাধিতে।
এতেকে সকলো কথা কহিলো তোমাতে॥
তোৰ স্বামী শঙ্খাসুৰ পাপী দুৰাচাৰ।
জিনিলেক সবে দেৱ সকলে সংসাৰ॥
কতো দিন থাকি যেবে দেৱে যুদ্ধ কৰে।
তোৰ তেজে অৰক জিতি নপাৰে॥
দেৱসে পঠাইলা মোক যুক্তি কৰিবাৰ।
তোৰ শান্তি নষ্ট হৈলে শঙ্খ যাই মাৰ॥
সি কাৰণে তোৰ মই ভুজিলোহোঁ ৰতি।
শাপ নেদিবাহা মোক পতিব্ৰতা সতী॥
কিন্তু দেৱ কাৰ্য্যত শপত নাহি ভয়।
এহি হেতু বোলো তোক বচন বিনয়॥
বৃন্দা বোলে কথা নকৈলাহা কিয় আগে।
মোৰ ধৰ্ম্ম নষ্ট কৈলা শাপ দিব লাগে॥
মায়া ৰূপ হুয়া মোক কিসক হৰিলা।
মধু বনে যাই তুমি হুইবাহা শিলা॥
বিষ্ণু বোলে প্ৰিয় বাক্য এতেকে বুলিলোঁ॥
শুঙ্ককাষ্ঠ যেন তোৰ শৰীৰ দেখিলো॥
যি সব বুলিলা মানে লাগিছিল তাপ।
কাষ্ঠ হুহ জন্ম ধৰা মই দিলো শাপ॥
তুলসীৰ জন্ম ধৰিয়োক পৃথিবীত।
পূজিবেক সালগ্ৰাম আদি সকলোত॥
দুয়োজনে সঙ্গে থাকিবেহেঁ। একে লগে
তোৰ মোৰ এৰা এৰি নোহে কোনো ভাগে॥
কৃষ্ণ সমে বল। সেহি কথা মনে ভৈলা।
মৃগ মাৰি অসুৰ আসিলা সেহি বেলা॥
বৃন্দা সতী কৃষ্ণ সমে আছে সিংহাসনে।
শঙ্খাসুৰ ৰীৰ আসি দেখিলা আসনে॥
শঙ্খে বোলে কোন তুমি থাকা অন্তঃপুৰী।
মায়া কৰি কোন দেৱ হৰে মোৰ নাৰী॥
বীৰ দৰ্পে বোলয় অসুৰ ক্ৰোধ কৰি।
আজি তুমি বাহুৰিয়া যাহ কেন কৰি॥
ইন্দ্ৰ যম কুবেৰ বৰুণ দেৱতাৰ।
তোৰা সবে মোক হাৰিয়াছ কতবাৰ॥
আৰ যত দেৱতা কতেক কৈবো নাম।
মোৰ ডৰে পলাইলেক ত্যজিয়া সংগ্ৰাম॥
তই কোন দেৱ আইলি কাহাৰ নন্দন।
মৰিবাক লাগি কেই আনলি মোৰ স্থান॥
এহি বাক্য শুনি বিষ্ণু হাঁসি মনে মনে।
গৰুড়ক আদেশ কৰিলা তেতিক্ষণে॥
অনন্তৰে পক্ষিৰাজ বচন শুনিয়া।
যুদ্ধৰ সম্ভাৰ যত যোগাইলেক গৈয়া॥
দেখি বিষ্ণু আথে বেথে গৰুড়ে চড়িলা।
ধনুশৰ গদা ধৰি সন্ধানে ভেদিলা॥
এৰিলেক অগ্নিবান তাৰা হেন চুটি।
বজ্ৰসম অসুৰৰ গলে যাই ফুটি॥
অগ্নিবানে অসুৰৰ পোড়য় শৰীৰ।
কতোক্ষণে মূৰ্চ্চা যাই শঙ্খ ভৈলা স্থিৰ॥
যুদ্ধত অসুৰ ভৈলা অগ্নিৰ সমান।
ধনুত যুৰিলা আনি অৰ্দ্ধ চন্দ্ৰ বান॥
অসুৰৰ বানে বিষ্ণু ভৈলন্ত মূচ্চিত।
কতোক্ষণে স্বস্থ পাই স্থিৰ কৰি চিত॥
ক্ৰোধে বজ্ৰবানে হানিলন্ত নাৰায়ণ।
ভূমিত পৰিয়া শঙ্খ হৰালে চেতন॥
কতোক্ষণে স্বচ্ছ পাই শঙ্খ মহাসুৰ।
বিষ্ণুক মাৰিতে যাই গৰ্জিয়া প্ৰচুৰ॥
দুই হাতে ধৰি মাৰিলেক এক খান।
এক চিতে শঙ্খে তাক দেখি বিদ্যমান॥
দিব্য অস্ত্ৰ ধৰি মাৰি বিষ্ণুৰ উপৰ।
সেহি শৰ যায়ে বিষ্ণু ভৈলা বৰ মৰ॥
গৰুড়তে পৰি বিষ্ণু ভৈলা অচেতন।
আকাশে থাকিয়া দেৱে চিন্তে মনে মন॥
দুৰ্ব্বাৰ অসুৰ বলৱন্ত অতিশয়।
নাজানো বিষ্ণুক কিবা কৰে পৰাজয়॥
এহি বুলি স্বৰ্গে থাকি চিন্তয় দেৱতা।
বিষ্ণুৰ মুৰ্চ্চা দেখি গৰুড়ৰ ভৈলা চিন্তা॥
মনে মনে চিন্তা কৰে বিনতা নন্দন।
কেন মতে অসুৰক কৰোঁ সংহৰণ॥
এহি বুলি মহা ক্ৰোধ হুয়া পক্ষী ৰাজ।
পাখী সাবটিয়া মাৰে হৃদয়ৰ মাজ॥
জাম্প দিয়া গৰুড়ে ধৰিলা অসুৰক।
বৈৰীক মাৰিয়া পেশো যমৰ পুৰক॥
আঁতি বাক লৈলা হৃদয়ত দিল ঘণ্টে।
কোপান পৃথিবীত মাৰিলন্ত আন্তে॥
নৱপাক খায়া দৈত্য পৰিলা ভূমিত।
নখে বিদাৰিয়া গাৱ কৰিলা মূৰ্চ্চিত॥
ভূমিত পৰিয়া শঙ্খ হয় অচেতন।
তেৱেসে চেতন পাইলা দেৱ নাৰায়ণ। ॥
দেখন্ত অসুৰ পৰি আছন্ত মূৰ্চ্চিত।
গৰুড়ক চাই বিষ্ণু লাগিল বুলিতে॥
কতো বেলি শঙ্খাসুৰ পাইলে চেতন।
গৰুড়ক চাই অতি কৰিলা গৰ্জ্জন॥
মহা ক্ৰোধে কম্পিত ভৈলন্ত শঙ্খাসুৰ।
নানা শৰ কৰিলন্ত বিষ্ণুৰ উপৰ॥
অসুৰৰ বানে বিষ্ণু ভৈলন্ত মূৰ্চ্চিত।
দুৰ্ব্বাৰ অসুৰ বধ্য হুৱে কেন মত॥
গৰুড়ে আচন্ত প্ৰভূ হুৱা চতুৰ্ভূজ্।
প্ৰলয় কালত জলে কোটী সূৰ্য্য॥
ধূলায়ে আন্ধাৰ ভৈলা গগণ মণ্ডল।
ভয় পাই অসুৰৰ তুটি গৈলা বল॥
শঙ্খে বোলে বৃন্দা শান্তি নষ্ট গৈল তোৰ।
আজি দেখোঁ গাৱ বল তুটি গৈল মোৰ॥
নাৰী অপযশেপুৰুষত হোৱে গত।
সি কাৰণে বিক্ৰম মোহোৰ ভৈল ভ্ৰষ্ট॥
বৃন্দা বোলে নপাৰিলো মায়া বুজিবৰ।
আজিসে শঙ্কট দেখো জীৱন তোমাৰ॥
চাৰি বাহ চতুৰ্ভুজ গৰুড় আসনে।
বিষ্ণু আসিছে তোমাক মাৰিবাক মনে॥
আমাৰ বচন তুমি নকৰিবা হেলা।
সাক্ষাত ঈশ্বৰ আদি উপগত ভৈলা॥
এতেক বুলিতে বিষ্ণু এড়ি চক্ৰ খান।
শীঘ্ৰে কাটি পেলাইলন্ত বাহু দুই খান॥
বিপৰীত ৰাৱে কান্দে শঙ্খ মহাসুৰ।
হাত কটা গৈল তেতিক্ষণে ভৈল স্থিৰ॥
দুই বাহু কটা গৈল আছে দুই পাৱে।
প্ৰাণৰ কাতৰ হুই বোলে বহু ভাৱে॥
কতোক্ষণে স্বন্থা পাই শঙ্খ মহাসুৰ।
বিষ্ণু পাৰে পৰি স্তুতি কৰয় বিস্তৰ॥
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ।
দেৱৰ ঈশ্বৰ তুমি কৰুণা সাগৰ॥
জল স্থল আকাশ ব্যাপক তুমি হৰি।
চৰাচৰ স্ৰজি সকলোকে আছা ধৰি॥
মোৰ মুখে কত কৈবো তোমাৰ মহিমা।
ত্ৰিভূবনে কোন জনে কৰিবেক সীমা॥
অনেক কৰিলা স্তুতি পৰিয়া চৰণে।
তুষ্ট হুৱা বোলে তাক দেৱ নাৰায়ণে॥
ত্ৰিভুবনে শঙ্খ তই দেৱতাৰ বৈৰী।
দেৱ কাৰ্য্য সাধিবোহোঁ তোক ময় মাৰি॥
তোৰ বাক্য শুনি মোৰ তুষ্ট ভৈলা মন।
ভাল স্থানে জন্ম তোৰ হোক নাৰায়ণ॥
তোৰ জন্ম কথা মই কহোঁ শুনা তত্ত্ব।
শঙ্খ হুৱা জন্ম গৈয়া ধৰ সাগৰত॥
কোন দেৱ তুষ্ট নহৈবেক শঙ্খ জ্বলে।
তাৰ ধ্বনি শুনি তুষ্ট হুৰে মহীপালে॥
শঙ্খ জলে পবিত্ৰ কৰিব কলেৱৰ।
তোৰ পত্ৰে তুষ্ট হুৱে দেৱতা ঈশ্বৰ॥
এতেক বোলন্তে ভৈল শঙ্খৰ পতন।
জম্মিলন্ত গৈয়া সাগৰত তাৱক্ষণ॥
শঙ্খাসুৰ পৰিল দেৱতা হৰষিত।
বিদ্যাধৰী নাচয় গন্ধৰ্ব্বে গাৱে গীত॥
জয় কৃষ্ণ কৃষ্ণ বুলি ঘোষে দেৱগণে।
এহি হেতু শঙ্খ বধ ভগিৰথে ভনে॥
________
পদ।
শঙ্খাসুৰ বধে কান্দে বৃন্দা মহাসতী।
বিষ্ণুৰ পাৱত পৰি কৰে স্তুতি নতি॥
সম্ফল ভৈলেক মোৰ এৰূপ যৌবন।
আপুনি কৰিলা দয়া দেৱ নাৰায়ণ॥
হেনয় বিধাতা তুমি অগতিৰ গতি।
কত পূণ্যে পাইলো মই বিষ্ণু হেন পতি॥
লক্ষ্মীৰ সমান ভৈল কৰ্ম্মৰ যে ফলে।
বিষ্ণুৰ ঘৰিনী বুলি কহিব সকলে॥
হাঁঁসিয়া বুলিলা বিষ্ণু বৃন্দা বিদ্যমানে।
পৃথিৱীক যাও তুমি মোহোৰ বচনে॥
শিৰে যেন গঙ্গা ধৰি আছে মহেশ্বৰ।
তুমি সেহি মতে থাকা মাথাৰ উপৰ॥
পৃথিবীৰ লোকে পূজিবেক সালগ্ৰাম।
সি কাৰণে তোমাৰ তুলসী দেবী নাম॥
তুমি বিনে দেৱ পূজা নহৈবেক আনে।
এহি বৰ দিল পাছে দেৱ নাৰায়ণে॥
বৰ পাই বৃন্দা সতী আনন্দিত মন।
কৰ যোড়ে স্তুতি নতি বুলিলা বচন॥
পৃথিবীৰ লোকে মোক কৰিবেক হেলা।
কি কাৰণে প্ৰভু মোক হেন শাপ দিলা॥
তযু আজ্ঞা ভাঙ্গিকে নকৰি পুজন।
বৃক্ষ ৰূপ দেখো যেন নিস্ফল জীৱন॥
নাহি সুখ ভোগ মোৰ জন্ম বিপৰীত।
ইতো শাপ গোঁসাঞি মোক দিয়া অনুচিত॥
বিষ্ণু বোলে তোৰ পত্ৰে শুচি হৈবে সবে।
তোৰ পত্ৰ পাইলে দেৱ তুষ্ট হইবে॥
তুলসীৰ যজ্ঞ যিতো কৰয় উচ্ছন্ন।
ব্ৰহ্ম বধি পাতকত মজয় সিজন॥
তুষ্ট বাক্য যেবে দেৱ গোবিন্দ বুলিলা।
নিশ্চয় জানিয়া সতী অন্তৰীক্ষে গেলা॥
শৰীৰ ত্যাজিয়া বৃন্দা সতী ভৈলা পাত।
প্ৰথমতে জন্মিলন্ত শিৱৰ মাথাত॥
তুলসী দেবীৰ জন্ম মাথাৰ উপৰ।
গন্ধে বিমোহিত ভৈলা দেৱ মহেশ্বৰ।
গঙ্গা দেবী বোলে প্ৰভূ শুনা শিৱৰাই।
আজি দেখোঁ তযু শিৰে বৰ গন্ধ পাই॥
গঙ্গাৰ বচনে জটা ঝাৰে পশুপতি।
ঝাৰিলে মাত্ৰকে গন্ধে মোহে বসুমতী।
জটাক ঝাৰিতে দেবী পৰিল মহীত।
মৃত্তিকা স্পৰ্শনে গছ ভৈল পৃথিবীত॥
আচম্বিত গছ হুয়ে শিৱৰ ওচৰে।
নিৰিক্ষি চাহন্তে শিৱে চিনিতে নপাৰে॥
ধ্যান কৰি জানিলাহা কৃষ্ণৰ চৰিত্ৰ।
তুলসী কৰিয়া স্ৰজিলা পৃথিবীত॥
তেবে শিৱে কহিলন্ত গঙ্গাত কাৰণ।
তুলসী স্ৰজিলা হৰি পূজাৰ নিদান॥
দেৱৰ নিদানে হৈল তুলসী স্ৰজন।
তাৰে পূজা কৰিলেসে তুষ্ট দেৱগণ॥
হেন শুনি ব্ৰহ্মা অইল হংস বাহনে।
ইন্দ্ৰ যম কুবেৰ অসিলা সেহিস্থানে॥
তুলসী দেখিয়া দেৱ ভৈলা হৰষিত।
বিদ্যাধৰী নাচয় গন্ধৰ্ব্বে গাৱে গীত॥
পৰম পৱিত্ৰ সিতো তুলসীৰ দলে।
দেখিয়া তুলসী পূজা কৰিল সকলে॥
সেহি হেতু তুলসী ৰহিলা সিতো স্থানে।
পুজাৰ উত্তম বস্তু বোলে সৰ্ব্ব জনে॥
তুলসী দেখিয়া সৰ্ব্ব দেৱ গৈল খৰ।
এহি জানি তুলসীক লৈলন্ত শঙ্কৰ ॥
গঙ্গা সমে তুলসী ৰহিলা এক স্থান।
ক্ৰোধে গঙ্গা দেবী ভৈল অগনি সমান॥
গঙ্গা বোলে আছ কোন জটাৰ উপৰ।
তুলসী বোলয় মই তোত হন্তে বৰ॥
তুলসী বোলয় গঙ্গা নোবোলা বচন।
তুমি আমি ছলি যাওঁ ব্ৰহ্মাৰ ভুবন॥
ব্ৰহ্মা যাক বৰ বোলে সেই বৰ হুইবে।
তোৰ মোৰ কোন শ্ৰেষ্ঠ তেবে বুজা যাইবে
দুই হন্তৰ দ্বন্দ শুনি মাতন্ত শঙ্কৰ।
তোমাসাক লৈয়া যাইবো ব্ৰহ্মাৰ গোচৰ॥
এই কথা বুলি শিৱে সাজি তেতিক্ষণে।
বৃষভত চড়ি গৈলা ব্ৰহ্মাৰ ভুবণে॥
দেখি ব্ৰহ্মা সিংহাসন মহেশক দিলা।
কন্দল বৃতান্ত কথা সমস্তে কহিলা॥
দুই নাৰী আগ কৰিব্ৰহ্মাক ভেটিলা।
দেখিয়া ব্ৰহ্মাৰ বৰ আনন্দ মিলিলা।
প্ৰণাম কৰিয়া গঙ্গা ব্ৰহ্মাৰ চৰণে।
আপোনাৰ যত কথা কহিলা তেখনে॥
সৃষ্টিৰ ঈশ্বৰ তুমি দেৱ প্ৰজাপতি।
শিৱৰ মাথাত কেন তুলসীৰ গতি॥
পৰ্বত নন্দিনী দেবী শিৱৰ সুন্দৰী।
মোত বৰ হোন্তে নাহি পায় হৰগৌৰী॥
তুলসী আসিয়া কেন মতে জনমিলা
তাহাৰ আমাৰ মহা বিৰোধ মিলিল॥
এতেক কাৰুণ্য বাণী নিশ্চয় বুলিলা।
গঙ্গাৰ বচনে ব্ৰহ্মা হৰিষে কহিলা॥
ত্ৰিদশ দেৱতা সবে শুনে এক চিতে।
তুলসীৰ জন্ম কথা লাগিলা কহিতে ॥
এহি কথা এক মনে শুনে যিবা জনে।
তাৰ পাপ নষ্ট হোৱে ভগিৰথে ভণে ॥
ব্ৰহ্মা বোলে গঙ্গা তুমি জিজ্ঞাষ কৰিবা।
বিষ্ণু সম তুলসীক স্বৰূপ জানিবা॥
ব্ৰহ্মা বিষ্ণু মহেশ থাকয় যাৰ তলে।
যাৰ জল পানে জীৱ তৰয় সকলে॥
হোম যজ্ঞ পূজা তপ আছে যত মান।
এক পত্ৰ তুৰীৰ নুহিকে সমান॥
লক্ষ্য গাভী দান কৈলে যিবা ফল পাই।
এক পত্ৰ তুলসীত হোৱে সমুদাই॥
তুলসী দানত তুট হোৱে নাৰায়ণ।
কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্নে॥
কলি যুগে তুলনী সেৱন হৰিনাম।
হৰিৰ তুলসী প্ৰিয় ভৈলা পূৰ্ব কাম॥
তুলসী সেৱাত সৰ্ব্ব ধৰ্ম্ম ফল পাই।
পাপত মুকুত হুয়া স্বৰ্গে চলি যাই॥
ব্ৰহ্মা কহে তুলসীৰ মহিমা গঙ্গাত।
হৰি বাক্যে জন্মি আছে শিৱৰ মাথাত॥
তুলসীক যি জনে বাৰেক অৰ্চ্চা কৰে।
সিজন স্বৰ্গত থাকে যমো নাহে ডৰে॥
তুলসীক ৰুই ভেটি যেই জনে বান্ধে।
তাহাৰ পাশক যাইতে যম দূতে কান্দে॥
তুলসীক কই যিতো ঘৰ বান্ধি থয়।
সংসাৰ নিস্তাৰ বাৰানসী ফল পায়॥
তুলসীৰ ভেটী যিতো তোলে মহা দুঃখে।
সেহি পূণ্যে বঞ্চে গৈয়া বৈকুণ্ঠত সুখে॥
জল লৈয়া যদি যাই ভেটী লিপিবাক।
কৰ ঘোড়ে প্ৰিয় বাক্যে স্তুতি কৰে তাক॥
লিপিতে ভেটীৰ বালি তিতিছে সকল।
সহস্ৰ বৎসৰ স্বৰ্গে থাকি পাই ফল॥
শীতল সুগন্ধি জলে তিতিল তুলসী।
গৃহে বসি ফল পাৱে গঙ্গা বাৰানসী॥
তুলসীক পূজিলে সৰ্ব্বে দেৱ তুষ্ট হয়।
পিতৃ গণো তুষ্ট হুৰে জানিবা নিশ্চয়॥
তুলসীত যাৰ মন মগ্ন ভৈলা যত।
তাহাৰ মহিমা যত কহিবোঁহোঁ কত॥
তাহৰ ভাগ্যক আৰ কহন নাযাই।
গঙ্গা স্নান ফল সিতে ঘৰে বসি পাই।
তুলসীৰ পত্ৰ যদি হোৱয় পতন।
হাত পাতি ললে তাক দেৱ নাৰায়ণ॥
পকা পত্ৰ হুবা যত পৰে ধৰণীত।
পৃথিৱী পৱিত্ৰ হুৱে কহিলোঁহোঁ সত্য॥
সেহি স্থানে যিতো মনুষ্যৰ প্ৰাণ যাই।
সংসাৰৰ যত পাপ তাহাক নপাই॥
তুলসীৰ বৃন্দাবন যি স্থানে বহুত।
সি স্থানক লাগিয়া নাযায় যম দূত॥
তুলসীৰ ঘ্ৰাণ বায়ু লৈ যাই দূৰক।
ভূত প্ৰেত পিশাচ নাই সি স্থানক॥
তুলসীৰ ছাঁয়াত যিজনে জপ কৰে।
গঙ্গা সঙ্গমৰ ফল পাৱে সেহি নৰে॥
সেহি পত্ৰে পিণ্ডদান পিতৃৰ তৃপিত।
সেহি পিণ্ডগেট পিতৃ লৱয় হাতত॥
তিলেকৰ ফল যত অন্তক নপাই।
ব্ৰহ্ম হত্যা গুৰু হত্যা পাপক এড়াই॥
তুলসীৰ মৃত্তিকা ললাটে ফোঁট লয়।
দ্বাদশ থানত যদি তেৱেসে পিন্ধয়॥
মৃত্যু কালে তুলসীৰ মালা অঙ্গে যাৰ।
মহা পাপী হৌক যম নাহি অধিকাৰ॥
তুলসীৰ ছাঁয়াত সেৱন্ত যিতো নৰ।
বিনাদান পূণ্য কৰি পাপ পাই পাৰ॥
তুলসীৰ ভেটীৰ তৃন গুচায় যতেক।
তুলসী পালনে পূণ্য পাৱয় ততেক॥
যত তৃন ততকাল স্বৰ্গত থাকিবে।
তাৰ ফলে সেহি নৰ স্বৰ্গত ভুঞ্জিবে॥
এক ঘঁট পানী দিয়া তুলসীত সিঞ্চে।
ব্ৰহ্ম বধ পাপ খণ্ডি দেৱ লোকে বঞ্চে॥
দেৱতাৰ তুলসীক ৰাখে যিটো জনে।
তাৰ ফল কহিতে নপাৰে জনাৰ্দ্দনে॥
যিজনে তুলসী মুলে দীপক লগাই।
সকলো পূণ্যৰ ফল দীপ দানে পাই॥
বৰ দীপ লগাই তুলসীক সেৱা কৰে।
ভয় পাই পাপ গণে পলাই যাই দূৰে॥
পাপে বোলে এত দিনে কৰিলে বসতি।
এখনে থাকিবে কাৰ বাপৰ শকতি॥
প্ৰদীপ বঢ়াই যদি দিয়ে যিতোজন।
সি জন্মত মৰি যায় বিষ্ণুৰ ভুবন॥
পিতৃ লোক যদি থাকে অন্ধকাৰ ঘৰে।
তুলসীত দীপদানে তথা দৃষ্টি কৰে॥
তুলসীক পুজিলে পাই বহু কালে ফল।
তিলে তিলে সৰ্ব্ব পাপ গুচয় সকল॥
আকাৰণে গঙ্গা খঙ্গিলাঁহা তুলসীক।
তুলসী স্ৰজিলা হৰি সবাতো অধিক॥
গঙ্গাত কহিলা ব্ৰহ্মা তুলসীৰ তত্ত্ব।
শুনিয়া গঙ্গাৰ ভৈল কৌতুক মনত॥
ব্ৰহ্মাৰ বচনে গঙ্গা মহা ৰঙ্গ ভৈলা।
জানু শিৰে প্ৰণামিয়া কৰ যোড়ে ৰৈলা॥
দুয়োৰৰ ভাঙিলা দ্বন্দ ব্ৰহ্মা প্ৰজাপতি।
কন্দল এড়িয়া দুয়ো তৈল মিত্ৰৱতী॥
গঙ্গা তুলসীয়ে দুয়ো এক প্ৰাণ ভৈলা।
পৰম আনন্দে হৰে দুইকো আস্বাসিলা॥
ব্ৰহ্মা বোলে মহাদেৱ শুনিয়ো বচন।
যাওক স্বৰ্গত চলি তুমি এতিক্ষণ॥
ব্ৰহ্মাৰ বচনে শিৱ মহা ৰঙ্গ ভৈলা।
গঙ্গা তুলনীয়ে কৈলাশক চলি গৈল॥
কোটী কোটী পাপ গুছে বিষ্ণু জল পানে।
কৃষ্ণ পদ শিৰে ধৰি ভগিৰথে ভনে॥
কলি যুগে কৃষ্ণৰ নামেসে সাধে গতি।
তুলসী চৰিত্ৰ এহি মানে সমাপতি॥
দ্বিজ ভগিৰথে কহে এড়ি আন কাম।
পাতক চড়োক ডাকি বোলা ৰাম ৰাম॥
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )