এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
যুদ্ধত অসুৰ ভৈলা অগ্নিৰ সমান।
ধনুত যুৰিলা আনি অৰ্দ্ধ চন্দ্ৰ বান॥
অসুৰৰ বানে বিষ্ণু ভৈলন্ত মূচ্চিত।
কতোক্ষণে স্বস্থ পাই স্থিৰ কৰি চিত॥
ক্ৰোধে বজ্ৰবানে হানিলন্ত নাৰায়ণ।
ভূমিত পৰিয়া শঙ্খ হৰালে চেতন॥
কতোক্ষণে স্বচ্ছ পাই শঙ্খ মহাসুৰ।
বিষ্ণুক মাৰিতে যাই গৰ্জিয়া প্ৰচুৰ॥
দুই হাতে ধৰি মাৰিলেক এক খান।
এক চিতে শঙ্খে তাক দেখি বিদ্যমান॥
দিব্য অস্ত্ৰ ধৰি মাৰি বিষ্ণুৰ উপৰ।
সেহি শৰ যায়ে বিষ্ণু ভৈলা বৰ মৰ॥
গৰুড়তে পৰি বিষ্ণু ভৈলা অচেতন।
আকাশে থাকিয়া দেৱে চিন্তে মনে মন॥
দুৰ্ব্বাৰ অসুৰ বলৱন্ত অতিশয়।
নাজানো বিষ্ণুক কিবা কৰে পৰাজয়॥
এহি বুলি স্বৰ্গে থাকি চিন্তয় দেৱতা।
বিষ্ণুৰ মুৰ্চ্চা দেখি গৰুড়ৰ ভৈলা চিন্তা॥
মনে মনে চিন্তা কৰে বিনতা নন্দন।
কেন মতে অসুৰক কৰোঁ সংহৰণ॥