পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৬)

পৃথিবীৰ লোকে পূজিবেক সালগ্রাম।
সি কাৰণে তােমাৰ তুলসী দেবী নাম॥
তুমি বিনে দেৱ পূজা নহৈবেক আনে।
এহি বৰ দিল পাছে দেৱ নাৰায়ণে॥
বৰ পাই বৃন্দা সতী আনন্দিত মন।
কৰ যােড়ে স্তুতি নতি বুলিলা বচন॥
পৃথিবীৰ লােকে মােক কৰিবেক হেলা।
কি কাৰণে প্রভু মোক হেন শাপ দিলা॥
তযু আজ্ঞা ভাঙ্গিকে নকৰি পুজন।
বৃক্ষ ৰূপ দেখো যেন নিস্ফল জীৱন॥
নাহি সুখ ভােগ মোৰ জন্ম বিপৰীত।
ইতো শাপ গোঁসাঞি মােক দিয়া অনুচিত॥
বিষ্ণু বোলে তােৰ পত্রে শুচি হৈবে সবে।
তোৰ পত্ৰ পাইলে দেৱ তুষ্ট হইবে॥
তুলসীৰ যজ্ঞ যিতাে কৰয় উচ্ছন্ন।
ব্রহ্ম বধি পাতকত মজয় সিজন॥
তুষ্ট বাক্য যেবে দেৱ গোবিন্দ বুলিলা।
নিশ্চয় জানিয়া সতী অন্তৰীক্ষে গেলা॥
শৰীৰ ত্যাজিয়া বৃন্দা সতী ভৈলা পাত।
প্রথমতে জন্মিলন্ত শিৱৰ মাথাত॥