পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৯)

সি কাৰণে তোৰ মই ভুজিলোহোঁ ৰতি।
শাপ নেদিবাহা মোক পতিব্ৰতা সতী॥
কিন্তু দেৱ কাৰ্য্যত শপত নাহি ভয়।
এহি হেতু বোলো তোক বচন বিনয়॥
বৃন্দা বোলে কথা নকৈলাহা কিয় আগে।
মোৰ ধৰ্ম্ম নষ্ট কৈলা শাপ দিব লাগে॥
মায়া ৰূপ হুয়া মোক কিসক হৰিলা।
মধু বনে যাই তুমি হুইবাহা শিলা॥
বিষ্ণু বোলে প্ৰিয় বাক্য এতেকে বুলিলোঁ।।
শুঙ্ককাষ্ঠ যেন তোৰ শৰীৰ দেখিলো॥
যি সব বুলিলা মানে লাগিছিল তাপ।
কাষ্ঠ হুহ জন্ম ধৰা মই দিলো শাপ॥
তুলসীৰ জন্ম ধৰিয়োক পৃথিবীত।
পূজিবেক সালগ্ৰাম আদি সকলোত॥
দুয়োজনে সঙ্গে থাকিবেহেঁ। একে লগে
তোৰ মোৰ এৰা এৰি নোহে কোনো ভাগে॥
কৃষ্ণ সমে বল। সেহি কথা মনে ভৈলা।
মৃগ মাৰি অসুৰ আসিলা সেহি বেলা॥
বৃন্দা সতী কৃষ্ণ সমে আছে সিংহাসনে।
শঙ্খাসুৰ ৰীৰ আসি দেখিলা আসনে॥