পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৪)

তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ।
দেৱৰ ঈশ্বৰ তুমি কৰুণা সাগৰ॥
জল স্থল আকাশ ব্যাপক তুমি হৰি।
চৰাচৰ স্ৰজি সকলোকে আছা ধৰি॥
মােৰ মুখে কত কৈবো তােমাৰ মহিমা।
ত্রিভূবনে কোন জনে কৰিবেক সীমা॥
অনেক কৰিলা স্তুতি পৰিয়া চৰণে।
তুষ্ট হুৱা বোলে তাক দেৱ নাৰায়ণে॥
ত্রিভুবনে শঙ্খ তই দেৱতাৰ বৈৰী।
দেৱ কাৰ্য্য সাধিবােহোঁ তোক ময় মাৰি॥
তােৰ বাক্য শুনি মোৰ তুষ্ট ভৈলা মন।
ভাল স্থানে জন্ম তােৰ হোক নাৰায়ণ॥
তোৰ জন্ম কথা মই কহোঁ শুনা তত্ত্ব।
শঙ্খ হুৱা জন্ম গৈয়া ধৰ সাগৰত॥
কোন দেৱ তুষ্ট নহৈবেক শঙ্খ জ্বলে।
তাৰ ধ্বনি শুনি তুষ্ট হুৰে মহীপালে॥
শঙ্খ জলে পবিত্র কৰিব কলেৱৰ।
তােৰ পত্ৰে তুষ্ট হুৱে দেৱতা ঈশ্বৰ॥
এতেক বোলন্তে ভৈল শঙ্খৰ পতন।
জম্মিলন্ত গৈয়া সাগৰত তাৱক্ষণ॥