পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫)

আমি তাক বধিবোহোঁ,

শুনিয়ো কৃষ্ণৰ কথা,
দণ্ডৱতে কৰি সেৱ,
স্তুতি কৰি দেৱে বােলে;।
প্রণামিয়া বোলে স্বামী,
দেৱতা গণৰ বাণী।
শয্যা হন্তে উঠি পাছে।
পাছে কৃষ্ণ অঙ্গীকাৰ।
দ্বিজ ভগিৰথে বলে।

সাৰ কথা কহিলােহোঁ,

হৰিষ কৰিও তথা,
তুমি প্রভু ইষ্ট দেৱ,
কৃষ্ণ পাদ পদ্ম তলে,।
অগ্রীম দেখোহোঁ আমি,
শুনি দেৱ চক্র পাণী।
বাজ ভৈলা খেৰ কাছে।
সাজু ভৈলা যুঝিবাৰ।
বোলা হৰি হৰি বোলে।

পদ।

ব্ৰহ্মা বােলে শুনা প্রভু সংসাৰতে সাৰ।
দুষ্ট শঙ্খ অনুৰ কিমতে যাই মাৰ।
একো একো দেৱ জিনিলেক ত্রিভুবন।
কটাক্ষ নকৰে দেখি দেৱৰ ৰচন।
বৃন্দা নামে এক কন্যা আছে তাৰ ঘৰে।
তাৰ তেজে কেহোঁ তাক জিনিতে নপাৰে।
যদি তনি শান্তি পূণ্য কৰা গৈয়া চুৰ।
তেবেসে মাৰিতে পাৰা দুর্জয় অসুৰ।