সমললৈ যাওক

পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০)

শঙ্খে বোলে কোন তুমি থাকা অন্তঃপুৰী।
মায়া কৰি কোন দেৱ হৰে মোৰ নাৰী॥
বীৰ দৰ্পে বোলয় অসুৰ ক্ৰোধ কৰি।
আজি তুমি বাহুৰিয়া যাহ কেন কৰি॥
ইন্দ্ৰ যম কুবেৰ বৰুণ দেৱতাৰ।
তোৰা সবে মোক হাৰিয়াছ কতবাৰ॥
আৰ যত দেৱতা কতেক কৈবো নাম।
মোৰ ডৰে পলাইলেক ত্যজিয়া সংগ্ৰাম॥
তই কোন দেৱ আইলি কাহাৰ নন্দন।
মৰিবাক লাগি কেই আনলি মোৰ স্থান॥
এহি বাক্য শুনি বিষ্ণু হাঁসি মনে মনে।
গৰুড়ক আদেশ কৰিলা তেতিক্ষণে॥
অনন্তৰে পক্ষিৰাজ বচন শুনিয়া।
যুদ্ধৰ সম্ভাৰ যত যোগাইলেক গৈয়া॥
দেখি বিষ্ণু আথে বেথে গৰুড়ে চড়িলা।
ধনুশৰ গদা ধৰি সন্ধানে ভেদিলা॥
এৰিলেক অগ্নিবান তাৰা হেন চুটি।
বজ্ৰসম অসুৰৰ গলে যাই ফুটি॥
অগ্নিবানে অসুৰৰ পোড়য় শৰীৰ।
কতোক্ষণে মূৰ্চ্চা যাই শঙ্খ ভৈলা স্থিৰ॥