পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৭)

তুলসী দেবীৰ জন্ম মাথাৰ উপৰ।
গন্ধে বিমোহিত ভৈলা দেৱ মহেশ্বৰ।
গঙ্গা দেবী বোলে প্ৰভূ শুনা শিৱৰাই।
আজি দেখোঁ তযু শিৰে বৰ গন্ধ পাই॥
গঙ্গাৰ বচনে জটা ঝাৰে পশুপতি।
ঝাৰিলে মাত্ৰকে গন্ধে মোহে বসুমতী।
জটাক ঝাৰিতে দেবী পৰিল মহীত।
মৃত্তিকা স্পৰ্শনে গছ ভৈল পৃথিবীত॥
আচম্বিত গছ হুয়ে শিৱৰ ওচৰে।
নিৰিক্ষি চাহন্তে শিৱে চিনিতে নপাৰে॥
ধ্যান কৰি জানিলাহা কৃষ্ণৰ চৰিত্ৰ।
তুলসী কৰিয়া স্ৰজিলা পৃথিবীত॥
তেবে শিৱে কহিলন্ত গঙ্গাত কাৰণ।
তুলসী স্ৰজিলা হৰি পূজাৰ নিদান॥
দেৱৰ নিদানে হৈল তুলসী স্ৰজন।
তাৰে পূজা কৰিলেসে তুষ্ট দেৱগণ॥
হেন শুনি ব্ৰহ্মা অইল হংস বাহনে।
ইন্দ্ৰ যম কুবেৰ অসিলা সেহিস্থানে॥
তুলসী দেখিয়া দেৱ ভৈলা হৰষিত।
বিদ্যাধৰী নাচয় গন্ধৰ্ব্বে গাৱে গীত॥